Class 12 Assamese Chapter 6 Short Question Answer | Class 12 ASSAMESE Chapter 6 চিঠি Short Answer |

১। ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ ‘পৰা লোৱা হৈছে ?

উত্তৰ : ‘চিঠি’ গল্পটো শীলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প সংকলনখনৰ পৰা লোৱা হৈছে।

২। শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰ : শীলভদ্ৰই ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনখনৰ বাবে একাডেমী বঁটা লাভ কৰিছিল।

৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰিছিল ?

উত্তৰ : ঘনিষ্ঠ বন্ধু প্রশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদের চৌধুৰীয়ে অপেক্ষা কৰিছিল।

৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল ?

উত্তৰ : প্ৰশান্ত শৰ্মাৰ ভতিজা ল’ৰাজনে ভূদের চৌধুৰীক প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো দিছিল।

৫। ভূদেৱ চৌধুৰী টিংকঙলৈ কিয় গৈছিল ?

উত্তৰ : বাগানত থকা দিনকেইটাত মাজে মাজে গাওঁৰ ঘৰত থকা পত্নীৰ পৰা ভূদেৱ চৌধুৰীলৈ চিঠি আহিছিল। সেই চিঠিখন সোণকালে পাবলৈ তেওঁ টিংখঙত থকা ডাকঘৰলৈ গৈছিল।

৬। শীলভদ্ৰৰ জন্ম ক’ত হৈছিল ?

উত্তৰ : ধুবুৰী জিলাৰ গৌৰীপুৰত ।

৭। শীলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনখনৰ নাম কি ?

উত্তৰ : মধুপুৰ আৰু তৰঙ্গিনী।

৮। শীলভদ্ৰৰ প্ৰকৃত নাম কি আছিল ?

উত্তৰ ঃ ৰেৱতীমোহন দত্ত চৌধুৰী ।

খ) চমু প্রশ্ন

১। শীলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা?

উত্তৰঃ শীলভদ্ৰই তেওঁৰ সাহিত্য কীৰ্তিৰ স্বীকৃতি স্বৰূপে বহুত বঁটা-বাহন পাইছিল। তাৰে দুটা বঁটা হ’লঃ ‘সাহিত্য একাডেমী,বঁটা’ আৰু ‘অসম উপত্যকা সাহিত্য বঁটা”।

২। ‘চিঠি’ গল্পটিত ভূদেব চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?

উত্তৰ : ‘চিঠি’ গল্পটিত ভূদেব চৌধুৰীয়ে প্ৰথমতে বাগানত থকা কালছোৱাত গাওঁৰ ঘৰৰ পৰা মাজে মাজে পঠোৱা পত্নীৰ চিঠিৰ বাবে আৰু পিছত বন্ধু প্রশান্ত শৰ্মাৰ পৰা চিঠি পোৱাৰ বাবে অপেক্ষা কৰাৰ কথা আছে।

৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল?

উত্তৰ : ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা দুয়ো ঘনিষ্ঠ বন্ধু আছিল। সিহঁত দুয়ো একেখন চহৰৰ দুই প্ৰান্তত থাকে। বহু দিন সিহঁতৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।

৪।কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যবান ?

উত্তৰ : কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ’বলগীয়া সম্পত্তি বুলি কোৱা হৈছে। কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। সাধাৰণতে বিখ্যাত লোকৰ জীৱনৰ বিষয়ে সাধাৰণ মানুহৰ কৌতুহল থাকে বাবে তেওঁৰ চিঠি মূল্যবান বুলি ভবা হয় ৷

৫। বর্তমান যুগত চিঠিৰ প্ৰাসঙ্গিকতা কিয় কমি গ’ল ?

উত্তৰ : বৰ্তমান যুগ হৈছে মোবাইল ফোন, ইন্টাৰনেট, টেলিফোন, কম্পিউটাৰ আদিৰ যুগ। আজিকালি এইবোৰ আধুনিক মাধ্যমৰ যোগেদি অতি দ্রুতভাৱে যোগাযোগ সম্ভৱ হয় বাবে চিঠিৰ প্ৰাসঙ্গিকতা কমি গৈছে।

(গ) দীঘল প্রশ্ন

১। ভূদেৱ শৰ্মাৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ?

উত্তৰ : ভূদেৱ চৌধুৰীয়ে ঘনিষ্ট বন্ধু প্রশান্ত শৰ্মাৰ লগত যোগাযোগ ৰক্ষা কৰাৰ উদ্দেশ্যে এদিন এখন চিঠি লিখে যদিও বহু দিন চিঠিখনৰ কোনো উত্তৰ নাপাই হতাশ – হৈ পৰে। অৱশেষত প্ৰশান্ত শৰ্মাৰ ভতিজাক ল’ৰা এজনৰ পৰা প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰ জানিব পাৰি তালৈ গৈ তাত তেওঁৰ চিঠি পাই প্ৰশান্তৰ ঘৰত হোৱা প্ৰতিক্ৰিয়া জানিব পাৰে।

প্রশান্ত শৰ্মাই চিঠিখন পাই ইমানেই আনন্দিত হৈছিল যে তেওঁ সকলোকে চিঠিখন দেখুৱাইছিল। সকলোৰে লগত চিঠিখনৰ বিষয়ে আৰু তাৰ প্ৰেৰক ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। চিঠিখনৰ এক উত্তৰ পঠাব বুলিও তেওঁ ভতিজাকৰ দ্বাৰা লেফাফা এটিও যোগাৰ কৰিছিল। কিন্তু তেওঁ চিঠিখনৰ উত্তৰ লিখিবলৈ লোৱাৰ আগতেই মৃত্যু মুখত পৰিল ।

২। আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ।

উত্তৰ : আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি ‘চিঠি’ নামৰ গল্পটিত সুন্দৰকৈ প্ৰকাশ পাইছে।

প্রথমতে আমি দেখা পাওঁ যে ভূদেৱ চৌধুৰীয়ে বাগানত থকা কালছোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনত সন্ধিয়ালৈ ধৈর্য ধৰি থাকিব নোৱাৰি নিজেই চাৰি মাইল দূৰত থকা টিংখণ্ডলৈ আগবাঢ়ি গৈছিল।

দ্বিতীয়তে আমি দেখা পাওঁ যে ভূদেৱ চৌধুৰীয়ে ঘনিষ্ঠ বন্ধু প্রশান্ত শৰ্মালৈ পঠোৱা চিঠিৰ উত্তৰ পোৱাৰ বাবে অধীৰ হৈ অপেক্ষা কৰি থাকে। ক’ৰবালৈ গ’লেও ঘৰলৈ আহিয়েই পত্নীক চিঠ-পত্ৰ আহিছেনে নে নাই সেয়া সুধে ।

তৃতীয়তে, প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই এক মধুৰ আনন্দ লাভ কৰিছে। তেওঁ চিঠিখন সকলোকে দেখুৱাইছে। সকলোৰে লগত ভুদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে। আনকি চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লেফাফা এটিও যোগাৰ কৰিছে।

এনেদৰে আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতখিনি “চিঠি— নামৰ গল্পটিত সুন্দৰকৈ প্ৰকাশ পাইছে।

৩। ‘চিঠি’গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা ।

উত্তৰ : ‘চিঠি’ গল্পটোৰ নামকৰণ ইয়াৰ বিষয়বস্তু আৰু কেন্দ্ৰীয় ভাবৰ লগত সংগতিপূৰ্ণ। গল্পটিৰ প্ৰধান চৰিত্ৰ দুটি ভূদেৱ চৌধুৰী আৰু প্ৰশান্ত শৰ্মা চিঠিক লৈয়ে ব্যস্ত হোৱা বুলি অংকিত হৈছে। গল্পটিত সাহিত্যিক ৰবীন্দ্ৰনাথে লিখা চিঠিৰ প্ৰসংগও আছে। ভূদেৱ শৰ্মাই ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোঁতে পত্নীৰ চিঠিৰ বাবে অধীৰ ভাবে অপেক্ষা কৰাৰ কথাও গল্পটিত বৰ্ণিত হৈছে। আনহাতে ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শৰ্মালৈ প্ৰেৰণ কৰা চিঠিখনক কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা অৱস্থাত প্ৰশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চৌধুৰীৰ আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ ল’বলৈ যোৱা ভূদেৱ চৌধুৰীক সকলোৱে চিঠিখনৰ কথাকেই দোহাৰিছে।

“এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ বিষয়- বস্তু আৰু কেন্দ্ৰীয় ভাৱ চিঠিক লৈয়ে আৰম্ভ হৈছে আৰু, চিঠিৰ প্ৰসংগ লৈয়ে অন্ত হৈছে। সেয়ে ‘চিঠি’ গল্পটিৰ নামকৰণ সাৰ্থক হৈছে বুলি ক’ব পাৰি ।

৫। শীলভদ্ৰৰ প্ৰকৃত নামটো কি ?

উত্তৰ : ৰেৱতীমোহন দত্ত চৌধুৰী ।

Type By Suman Bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping