Chapter 6
বায়ু আৰু আমাৰ চৌপাশ
১। বায়ু ক’ত আছে?
(ক) ঘৰত
(খ) সকলোতে
(গ) বাহিৰত
উত্তৰঃ (খ) সকলোতে
২। শুকান মাটি চপৰা এটা পানীত পেলাই দিলে মাটি চপৰা ভিতৰৰ পৰা কি উলাই আহে?
(ক) পৰুৱা
(খ) বায়ু
(গ) সাপ
উত্তৰঃ (খ) বায়ু
৩। বৰ জোৰেৰে বতাহ বলিলে আমি সেই বতাহক কি বুলি কওঁ?
(ক) ধুমুহা বতাহ
(খ) ফিৰফিৰীয়া বতাহ
(গ) মৃদু বতাহ
উত্তৰঃ (ক) ধুমুহা বতাহ
৪। জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি?
(ক) নাইট্ৰজেন গেছ
(খ) অজন গেছ
(গ) অক্সিজেন গেছ
উত্তৰঃ (গ) অক্সিজেন গেছ
৫। আমি উশাহত কি গেছ গ্ৰহণ কৰো?
(ক) অক্সিজেন গেছ
(খ) কাৰ্বন-ডাই-অক্সাইড গেছ
(গ) নাইট্ৰজেন গেছ
উত্তৰঃ (ক) অক্সিজেন গেছ
৬। আমি নিশাহত এৰি দিয়া গেছবিধৰ নাম কি?
(ক) অক্সিজেন গেছ
(খ) নাইট্ৰজেন গেছ
(গ) কাৰ্বন-ডাই-অক্সাইড গেছ
উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড গেছ
৭। কি গেছ উদ্ভিদৰ বাবে অতি লাগতিয়াল?
(ক) অক্সিজেন গেছ
(খ) নাইট্ৰজেন গেছ
(গ) কাৰ্বন-ডাই-অক্সাইড গেছ
উত্তৰঃ (গ) কাৰ্বন-ডাই-অক্সাইড গেছ
৮। কি গেছে ৰাসায়নিক সাৰ প্ৰস্তুত কৰাত সহায় কৰে?
(ক) নাইট্ৰ’জেন গেছ
(খ) কাৰ্বন-ডাই-অক্সাইড গেছ
(গ) অক্সিজেন গেছ
উত্তৰঃ (ক) নাইট্ৰ’জেন গেছ
৯। তলৰ কোনটোৱে পৰিৱেশ নষ্ট কৰে?
(ক) পলিথিন যতে ততে পেলালে
(খ) গছ যতে ততে ৰুলে
(গ) গেলা-পচা জাৱৰ ডাচবিনত পেলালে
উত্তৰঃ (ক) পলিথিন যতে ততে পেলালে
১০। তলৰ কোনটো কৰিলে বায়ু প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম
(ক) গছ-গছনি ৰুলে
(খ) গাড়ী-মটৰ ব্য়ৱহাৰ কৰিলে
(গ) দুৰ্গন্ধযুক্ত বস্তু যতে ততে পেলালে?
উত্তৰঃ (ক) গছ-গছনি ৰুলে
১১। সাগৰৰ তললৈ যোৱা ডুবাৰুসকলে লগত কিহৰ চিলিণ্ডাৰ লৈ যায়?
(ক) নাইট্ৰ’জেন গেছৰ
(খ) অক্সিজেন গেছৰ
(গ) কাৰ্বন-ডাই-অক্সাইড গেছৰ
উত্তৰঃ (খ) অক্সিজেন গেছৰ
১২। তলৰ কোনবিধ বস্তু সহজে পচি নাযায়?
(ক) প্লাষ্টিক জাতীয় সামগ্ৰী
(খ) জীৱৰ মৃত দেহ
(গ) গছৰ পাত
উত্তৰঃ (ক) প্লাষ্টিক জাতীয় সামগ্ৰী
১৩। বায়ু কি পদাৰ্থ?
(ক) গোটা মিশ্ৰ পদাৰ্থ
(খ) গেছীয় মিশ্ৰ পদাৰ্থ
(গ) জুলীয়া মিশ্ৰ পদাৰ্থ
উত্তৰঃ (খ) গেছীয় মিশ্ৰ পদাৰ্থ
১৪। বতাহ লাহে লাহে বলিলে তাক কি বতাহ বোলে?
(ক) মৃদু বতাহ
(খ) ফইৰফিৰীয়া বতাহ
(গ) ধুমুহা বতাহ
উত্তৰঃ (ক) মৃদু বতাহ
১৫। পানীত থকা প্ৰাণীয়ে অক্সিজেন ক’ৰ পৰা পায়?
(ক) পানীৰ পৰা
(খ) মাটিৰ পৰা
(গ) সিহঁতে উশাহ নলয়
উত্তৰঃ (ক) পানীৰ পৰা
১৬। তলৰ কোন বিধ বস্তু সহজে পচি যায় ?
(ক) প্লাষ্টিক
(খ) গছৰ পাত
(গ) এটাও নহয়
উত্তৰঃ (খ) গছৰ পাত
১৭। জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি ?
(ক) কাৰ্বন-ডাই অক্সাইড গেছ
(খ) অক্সিজেন গেছ
(গ) এটাও নহয়
উত্তৰঃ (খ) অক্সিজেন গেছ
১৮। বায়ু আমি ?
(ক) অনুভৱ কৰোঁ
(খ) দেখোঁ
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) অনুভৱ কৰোঁ
১৯। প্ৰদূষিত বায়ু স্বাস্থ্য়ৰ বাবে হানিকাৰক ?
(ক) হয়
(খ) নহয়
উত্তৰঃ (ক) হয়
২০। সহজে পচি যোৱা বস্তুবোৰ পচন সাৰৰ গাঁতত পেলাই পুতি থ’ব ?
(ক) নালাগে
(খ) লাগে
(গ) এটাও নহয়
উত্তৰঃ (খ) লাগে
Type by : Pompi Hazarika