জাগা জননীৰ সন্তান। অধ্যায় ৪ । Class 8 Assamese Lesson 4 Question and Answer | SCERT Class 8 Assamese Chapter 4 Solution | অষ্টম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ জাগা জননীৰ সন্তান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

জাগা জননীৰ সন্তান    

১) উত্তৰ দিয়াঃ
ক) কবিয়ে কাক জাগি উঠিবলৈ কৈছে?

উত্তৰ:- কবিয়ে নৱ-জোৱানসকলক জাগি উঠিবলৈ কৈছে।

খ) দুৰ্জ্জয় অভিযান বুলি কি বুজাইছে?

উত্তৰ:- মৃত্যুক জয় কৰি দেশৰ গৌৰৱ অক্ষুন্ন ৰখাকে দুৰ্জ্জয় অভিযান বুলি কৈছে।

গ) দুৰ্জ্জয়ৰ অভিযানেৰে কি কৰিবলৈ কৈছে?

উত্তৰ:- দুৰ্জ্জয় অভিযানেৰে মৃত্যুক গছকি দেশমাতৃৰ জয় জিনি আনিবলৈ কৈছে।

ঘ) জননীৰ সন্তানক কিহে দুৰ্বল কৰাৰ কথা কৈছে?

উত্তৰ:- কবিয়ে জননীৰ সন্তানকক কৰ্মহীনতা আৰু কাপুৰুষতাই দুৰ্বল কৰাৰ কথা কৈছে।

ঙ) “তথাপিও নাই ভয়” বুলি কিয় কৈছে?

উত্তৰ:- দেশৰ প্ৰতি থকা গভীৰ দায়িত্ববোধ আৰু ভালপোৱাৰ আগত কৰ্মহীনতা আৰু কাপুৰুষতা তেনেই তুচ্ছ হৈ যায়। সেয়েহে কবিয়ে প্ৰকৃত দেশপ্ৰমীক সকলক “তথাপিও নাই ভয়” বুলি কৈছে।

চ) কাৰ ভয়ে নিনাদত শত্ৰু কম্পমান বুলি উল্লেখ কৰিছে?

উত্তৰ:- স্বদেশপ্ৰমীক সকলৰ জয় নিনাদত শত্ৰু কম্পমান বুলি কৈছে।

ছ) আপোন পাহৰা বীৰক কি বুলি আখ্যা দিছে?

উত্তৰ:- আপোন পাহৰা বীৰক কবিয়ে দুৰ্ম্মদ বীৰ বুলি আখ্যা দিছে।

প্ৰশ্ন নং ২। “জাগা জননীৰ সন্তান” গীতটোৰ মূলভাৱ লিখা।

উত্তৰ:- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে ৰচনা কৰা ” জাগা জননীৰ সন্তান ” কবিতাটি এটা দেশপ্ৰেম মূলক কবিতা। দেশ মাতৃৰ আহ্বানত দেশে দেশে যুগে যুগে সকলো শংকা আঁতৰাই সু – সন্তানসকলক নিজ কতব্যৰ পথত আগবাঢ়ি গৈছে। স্বদেশ স্বজাতিৰ উন্নতিৰ অভিযানত কৰ্মহীনতা আৰু কাপুৰুষতাৰ কোনো স্থান নাই। দেশৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই মানুহক শক্তিশালী কৰি তোলে আৰু জগাই তোলে অন্তৰৰ সাহসী সত্তাক।আপোন দেশক ৰক্ষা কৰিবলৈ,আৰু মাতৃৰ সন্মান অক্ষুন্ন ৰাখিবলৈ কোনো ক্ষোত্ৰততে নতি স্বীকাৰ নকৰা নৱ-জোৱান দেশৰ ভৱিষ্য়ত সুৰক্ষাৰ প্ৰহৰী। কবিয়ে এই কবিতাটিৰ দ্বাৰা দেশৰ জোৱান সকলক উৎসাহ আৰু কৰ্মপ্ৰেৰণা যোগাইছে।

৩) বাক্য ৰচনা কৰাঃ

 শক্তিমান : শাৰীৰিক আৰু মানসিক ভাৱে শক্তিমান হ’লেহে মানুহে জীৱনত সফলতা অৰ্জন কৰিব পাৰে।

কাপুৰুষ : কাপুৰুষ লোকে নিজৰ মান ৰক্ষা কৰিব নোৱাৰে।

 নিনাদ : বিজয়পক্ষৰ জয় নিনাদত শত্ৰুপক্ষ কম্পিত হৈছিল।

অজেয় :দেশ মাতৃৰ হকে যুদ্ধ কৰা প্ৰতিজন জোৱানে একো একোজন অজেয় বীৰ।

অভিযান :লাচিতে নৰিয়া গাৰে মোগলৰ বিৰুদ্ধে যুদ্ধৰ অভিযান চলাইছিল।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping