মানৱ ভূগোল । অধ্যায় ২/Chapter 2 /Lesson 2 | Class 9 Elective Subject Geography Lesson 2 Question and Answer Assam | Assamese Medium Class 9 El. Geography Chapter 2 Solution | নৱম মান শ্ৰেণীৰ ভূগোল অধ্যায় ২ পৃথিৱীৰ মানুহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মানৱ ভূগোল 

১) মানৱ ভূগোল’ৰ এটি সজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা । 

উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে মানৱ ভূগোল বোলা হয়।

ইয়াৰ প্ৰধান শাখাবোৰ হৈছে- বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয় ভূগোল, জনসংখ্যা ভূগোল, স্বাস্থ্য ভূগোল, ঐতিহাসিক ভূগোল, আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল আদি।

২) মানৱ ভূগোলৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা । 
উত্তৰঃ ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ণ কৰা হ’য়, তাকে বহলভাৱে মানৱ ভূগোল বোলে। ভূগোল বিষয়টো এটি অন্যতম প্ৰধান বিভাগ হিচাপে মানৱ ভূগোলৰ বিষয়বস্তুৰ ভিন্নতা আৰু প্ৰসাৰ লক্ষণীয়। সেয়ে ইয়াৰ বহু শাখা প্ৰশাসাই গঢ় লৈ উঠিছে। এইবোৰৰ ভিতৰত বসতি ভূগোল, সমাজ ভূগোল, অৰ্থনৈতিক ভূগোল, স্বাস্থ্য ভূগোল, পৰিকল্পনা ভূগোল আদি অন্যতম।এই সকলোবোৰ শাখা-প্ৰশাখাৰ অধ্যয়ণ মানৱকেন্দ্ৰীক। সেয়ে পৃথিৱীৰ মানুহৰ গঠনকে ধৰি ইয়াৰ বৃদ্ধি, বিতৰণ, বৈশিষ্ট্য, কাৰ্যকলাপ আদি অধ্যয়ণ কৰাটো অতি প্ৰয়োজন ।

৩) মানৱ জাতি বুলিলে কি বুজা চমুকৈ লিখা । 

উত্তৰঃ প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশাণুক্ৰমে এনে বৈশিষ্ট্যবোৰ কঢ়িয়াই তাকে মানৱ জাতি বোলে । 

৪) কি কি  ভিত্তিত মানৱজাতিক বিভাজন কৰা হয় চমুকৈ লিখা । 

উত্তৰঃ পৃথিৱীত বাস কৰা মানুহৰ শ্ৰেণীগত ভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনেঃ চুলিৰ ধৰণ, উচ্চতা , নাক আৰু মুখৰ পাৰ্থক্য দেখা যায়। এনে পাৰ্থক্যৰ ওপৰত ভিত্তি কৰিয়েই বহলভাগে সমগ্ৰ পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত ভাগ কৰা  হয়ঃ  ১) ককেছীয়  ২) নিগ্ৰইড  ৩) মংগোলীয় ।

৫) মানুহ আৰু মানৱজাতিৰ সৃষ্টি সম্পৰ্ক চমুকৈ আলোচনা কৰা । 

উত্তৰঃ মানুহ তথা মানৱ জাতিৰ সৃষ্টি এতিয়াও কিছু পৰিমাণে ৰহয়্যাবৃত। জীৱ বিজ্ঞানীৰ বিৱৰ্তনৰ সূত্ৰ অনুসৰি প্লিষ্টচিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হম চেপিয়েন নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল। জীৱ বিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল।

৬) চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা । 

উত্তৰঃ চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক তিনিটা ভাগত বিভক্ত কৰা হৈছেঃ ১) ককেছীয় গোষ্ঠী ২) নিৰ্গ্ৰইড গোষ্ঠী ৩) মংগোলীয় গোষ্ঠী । 

৭) পৃথিৱীৰ প্ৰধান মানৱজাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ (ক) ককেছীয় গোষ্ঠীঃ ইউৰোপীয় নৰ্ডিক, আলপাইন আৰু ভূমধ্যসাগৰীয় লোকসকল, দক্ষিণ এছিয়াৰ ইন্দো-এৰিয়ানসকল, আৰু পশ্চিম এছিয়াৰ চেমিটিক-হেমিটিকসকল এই মানৱ গোষ্ঠীৰ অন্তৰ্গত। দেহৰ ছালৰ বৰণ ইউৰোপীয়সকলৰ মাজত অতি বগা আৰু ভাৰতীয় তথা দক্ষিণ-পশ্চিম এছিয়াৰ লোকৰ ক্ষেত্ৰত বাদামী ৰঙৰ।

(খ) নিগ্ৰইড গোষ্ঠীঃ নিগ্ৰইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশ, এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা, দক্ষিণ-পূব এছিয়াৰ কিছু অংশ আৰু ওচেনিয়া মহাদেশৰ কিছু ঠাইত বাস কৰে। এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ কলা বা বাদামী – কলা বৰণৰ, চুলিবোৰ কেঁকোৰা আৰু নাকটো বহল আৰু চেপেটা। তেওঁলোকৰ বেছিভাগেই যথেষ্ট ওখ হয়।

(গ) মংগোলীয় গোষ্ঠীঃ মংগোলীয় জাতিৰ লোকসকল প্ৰধানকৈ মধ্য আৰু পূৱ এছিয়া আৰু দক্ষিণ- পূৱ এছিয়াত বাস কৰে । এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ হালধীয়া বৰণৰ, চকুযোৰ সৰু আৰু চুলিবোৰ পোন বা থিয় । অসমৰ বেছিভাগ জনবসতি যেনেঃ বড়ো, কাৰ্বি, মিচিং, গাৰো আদি মূলত মংগোলীয় গোষ্ঠীৰ লোক ।

৮) পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয় ? 

উত্তৰঃ পৃথিৱীৰ মানুহৰ সৃষ্টি কেতিয়া আৰু ক’ত প্ৰথমে হৈছিল সঠিকভাৱে কোৱাটো অতি কঠিন। কিন্তু আধুনিক পূৰাতত্বৰ তথ্য অনুসৰি মানুহৰ আবিভাৰ্ৱ হৈছিল পূৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পূৰ্ৱ অংশত কমেও এক লাখ বছৰ আগত। সেই সময়ত মানুহৰ দৈনিক গঠন তিনিওটা প্ৰধান মানৱ জাতিৰ সংমিশ্ৰিত ৰূপহে আছিল বুলি ধাৰণা কৰা হয়। এছিয়া মহাদেশক এই ক্ষেত্ৰত বৰ্তমান গৌণ স্থান বুলি ধৰা হয় ।

৯) পৃথিৱী প্ৰধান ধৰ্মবোৰ কি কি ? এই ধৰ্মসমূহৰ জনসংখ্যকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ জনসংখ্যা হিচাপে খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ প্ৰধান ধৰ্ম বুলিব পাৰি। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ লোকেই এই চাৰিটা ধৰ্মৰ অন্তৰ্গত বাকী থকা ২৫ শতাংশ লোক শিখ, জৈন, লোকধৰ্ম, বৈঞ্চৱ আদি ধৰ্মৰ বিশ্বাসী ।

       হিন্দুই হ’ল সমগ্ৰ পৃথিৱীৰ প্ৰাচীনতম ধৰ্ম । সিন্ধু নদীৰ পাৰত অৱস্থিত বিশাল ভাৰতবৰ্ষই হ’ল হিন্দু ধৰ্মৰ জন্মভূমি । হিন্দু ধৰ্ম বহু দেৱ- দেৱীৰ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত । হিন্দু ধৰ্মৰ মুল গ্ৰন্থখন হ’ল বেদ ।

      আজিৰ পৰা প্ৰায় ১৪০০ বছৰ পূৰ্বে মধ্য- প্ৰাচ্যৰ মৰুভূমি অঞ্চলতে ইছলাম ধৰ্মৰ জন্ম হৈছিল। চিয়া আৰু চুন্নী হ’ল ইছলাম ধমাৱলম্বী লোকৰ দুটা প্ৰধান ভাগ । বিশ্বৰ দ্বিতীয় বৃহত্তম ধৰ্ম।  ২০০৬ বৰ্ষৰ তথ্যমতে ইয়াৰ মুঠ জনসংখ্যা ১৩৫ কোটি অৰ্থ্যা বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২১ শতাংশ । 

      আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্বে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আৱিভাৱ হৈছিল। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত ২১৩ কোটি খ্ৰীষ্টান ধৰ্ম্বাৱলম্বী লোকে বসবাস কৰে । আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাৰতৰ বৌদ্ধ গয়া অঞ্চলত বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ বৌদ্ধধমী। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীত ৩৮ কোটি বৌদ্ধ ধৰ্মালম্বী লোক আছে।

১০) ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধমীৰ্য় গাঁথনি আৰু বিতৰণ সম্পৰ্কে চমুকৈ লিখা । 

উত্তৰঃ- পৃথিৱীৰ প্ৰধান ধৰ্মসমূহৰ জন্মভূমি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ সেই ধৰ্মাৱলম্বী লোকৰ ঘনত্ব যথেষ্ট বেছি কিন্তু জনপ্ৰব্ৰজনৰ বাবে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে বিভিন্ন ধৰ্মাৱলম্বী লোক পোৱা যায়। এই ক্ষেত্ৰত অৱশ্য খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ অধিক। কাৰণ জনজাতীয়লোক সকলোকে ধৰি সমগ্ৰ পৃথিৱীতে বিভিন্ন ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ ঘটি থকা ধমান্তৰণ অতি বেছি। পৃথিৱীৰ মুঠজনসংখ্যা প্ৰায় এক- তৃতীয়াংশৰে খ্ৰীষ্টান ধমাৰ্ৱলম্বী মানুহ পশ্চিমৰ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা ইউৰোপ, এছিয়া কিছু অংশ, আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়ালৈ বিস্তৃত

            ভৰতবৰ্ষ এখন যদিও হিন্দু  প্ৰধান ৰাষ্ট্ৰ তথাপি ইয়াত অন্য বিভিন্ন ধৰ্মৰ লোকেও বাস কৰে। অসমখনো বহু ধৰ্মাৱলম্বী লোকৰ বাসভূমি । ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ৬৪. ৯ শতাংশ হিন্দু , ৩০.৯ শতাংশ ইছলাম , ৩.৭ শতাংশ খ্ৰীষ্টান, ০.২ শতাংশ বৌদ্ধ, ০.১শতাংশ শিখ আৰু ০.১ শতাংশ জৈন ধৰ্মাৱ লম্বী

১১) চমুটোকা লিখাঃ 

ক) মানুহ আৰু মানৱ ভূগোলঃ 

উত্তৰঃ জীৱ বিজ্ঞানীৰ বিৱতৰ্নৰ সূত্ৰ অনুসৰি প্লিষ্ট’চিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্ৰাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাজ্ঞী, গৰিলা আদি স্তুন্যপায়ী প্ৰাণীৰ বিৱৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হ’ম চেপিয়েন নামৰ মানৱ প্ৰাণীৰ সৃষ্টি হৈছিল । 

            আনহাতেদি ভূগোলৰ যি বিভাগত প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশ বিষয়ে স্থান- কাল সাপেক্ষে অধ্যয়ণ কৰা হ’য়, তাকে বহলভাৱে মানৱ ভূগোল বোলে । 

খ) মানৱ জাতিঃ 

উত্তৰঃ জীৱ বিজ্ঞানী আৰু নৃতত্তবিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল আৰু পৃথিৱীৰ অন্য অঞ্চললৈ বিস্তাৰিত হৈছিল। পিছলৈ প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিৱৰ্তনৰ বাবে পৃথিৱীৰ ভিন ভিন ঠাইত মানুহৰ গাৰ বৰণ, চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ যছেষ্ট পাৰ্থক্য পৰিলক্ষিত হৈছিল। পৃথিৱীৰ প্ৰধান মানৱ জাতিক তিনিটা ভাগত ভগাব পাৰিঃ ১) ককেছীয়  ২) নিগ্ৰ’ইড ৩) মংগোলীয় ।

গ) নিগ্ৰ’ইড গোষ্ঠীঃ

উত্তৰঃ নিগ্ৰইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্ৰিকা মহাদেশ, এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকা, দক্ষিণ-পূব এছিয়াৰ কিছু অংশ আৰু ওচেনিয়া মহাদেশৰ কিছু ঠাইত বাস কৰে। পূব আফ্ৰিকাৰ নিলটিক আৰু হেমটিক, মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বাণ্টু, পশ্চিম আফ্ৰিকাৰ বুচমেন আৰু পিগ্ মী, দক্ষিণ ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ নেগ্ৰিটো, দক্ষিণ-পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মেলানেচীয় আৰু ওচেনিয়া মহাদেশৰ অষ্ট্ৰেলইডসকল নিগ্ৰইড গোষ্ঠীৰ অন্তৰ্গত একো একোটা উপজাতি। এই লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ কলা বা বাদামী – কলা বৰণৰ, চুলিবোৰ কেঁকোৰা আৰু নাকটো বহল আৰু চেপেটা। তেওঁলোকৰ বেছিভাগেই যথেষ্ট ওখ হয়।

ঘ) ধৰ্মীয় গাঁথনিঃ 

উত্তৰঃ পৃথিৱীৰ বেছিভাগ মানুহেই একো-একোটা বিশ্বাসৰ বশৱৰ্তী হৈ পৰিচালিত হয়। জীৱন নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰা-বন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকে সাধাৰণ অৰ্থত ধৰ্ম বোলা হয়। পৃথিৱীত বহু ধৰ্মালম্বী লোকে বাস কৰে। ইয়াৰ ভিতৰত হিন্দু, ইছলাম, খ্ৰীষ্টান, জুদাই, বৌদ্ধ, কনফুছিয়াছ, জৈন, শিখ, বাহাই আদি উল্লেখযোগ্য। অৱশ্যে এই ধৰ্মসমূহত বিশ্বাসী লোকৰ সংখ্যা প্ৰত্যেকৰে একে নহয়। এই ধৰ্মসমূহৰ ভিতৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা সমগ্ৰ পৃথিৱীতে আটাইতকৈ বেছি আৰু হিন্দু ধৰ্ম আটাইতকৈ পুৰণি।

ঙ) বৌদ্ধ ধৰ্মঃ 

উত্তৰঃ আজিৰ পৰা ২৫০০ বছৰ পূৰ্বে উত্তৰ ভাতৰৰ বৌদ্ধ গয়া অঞ্চলত গৌতম বুদ্ধৰ নেতৃত্ত্বত হিন্দু ধৰ্মৰ কিছু সংস্কাৰ সাধন কৰি বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ বৌদ্ধধৰ্মী। ২০০৬ বৰ্ষৰ তথ্য অনুসৰি সমগ্ৰ পৃথিৱীত ৩৮ কোটি বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে। হিন্দু ধৰ্মৰ অন্য এক নতুন ৰূপ হিচাবে বৌদ্ধ ধৰ্মৰ দ্বাৰা আকৃষ্ট হৈ ভাৰতবৰ্ষৰ উপৰি ভূটান, চীনদেশ, শ্ৰীলংকা, দক্ষিণ-পূব এছিয়া আদিত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটে। চীনদেশৰ প্ৰায় ৪০ কোটি মানুহে চীনদেশীয় লোক ধৰ্মত বিশ্বাসী। বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখন হল ত্ৰিপিটাকা।

চ) ভাৰতবৰ্ষত খ্ৰীষ্টান ধৰ্মীয় লোকঃ 

উত্তৰঃ আজিৰ পৰা দুহেজাৰ বছৰ পূৰ্ৱে ইউৰোপৰ গ্ৰীক আৰু ৰোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আৱিৰ্ভাৱ হৈছিল । এই ধৰ্মৰ প্ৰধানকৈ দুটা ভাগ আছে – ৰোমান কেৰ্থলিক আৰু প্ৰোটেষ্ট্ৰাট ভাৰতবৰ্ষ খ্ৰীষ্টান ধৰ্মী সংখ্যা ২.৩ শতাংশ ।

১২) শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 

ক) পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল ? 

      (১) ৫-৬ লাখ বছৰ পূৰ্বে

      (২) ১-২ লাখ বছৰ পূৰ্বে 

      (৩) ৫০-৬০ লাখ বছৰ পূৰ্বে

      (৪) ১০-১২ লাখ বছৰ পূৰ্বে

উত্তৰঃ (২) ১-২ লাখ বছৰ পূৰ্বে । 

খ) জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম ধৰ্মীয় গোষ্ঠীটো কি ? 

      (১) ইছলাম ধৰ্ম  (২) হিন্দু ধৰ্ম

      (৩) খ্ৰীষ্টান ধৰ্ম    (৪) চীনদেশী লোক ধৰ্ম

উত্তৰঃ (৩) খ্ৰীষ্টান ধৰ্ম । 

গ) মানুহৰ সৃষ্টি প্ৰথমে কোন মহাদেশত হৈছিল ? 

      (১) এছিয়া মহাদেশ  (২) আফ্ৰিকা মহাদেশ

      (৩) ইউৰোপ মহাদেশ (৪) ওচেনিয়া মহাদেশ

উত্তৰঃ (২) আফ্ৰিকা মহাদেশ । 

ঘ) চীনদেশৰ লোকসকল কোন মানৱগোষ্ঠীৰ অন্তগৰ্ত ? 

     (১) ককেছীয়া গোষ্ঠী 

     (২) নিগ্ৰ’ইউ গোষ্ঠী

     (৩) মঙ্গোলীয় গোষ্ঠী

     (৪) অষ্ট্ৰেল’ইউ গোষ্ঠী

উত্তৰঃ (৩) মঙ্গোলীয় গোষ্ঠী ।  

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop