🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

কি, ক’ত কেতিয়া আৰু কেনেকৈ । অধ্যায় ৯ । Class 6 Social Science Lesson 9 Question And Answer Assam | SCERT Class 6 S.Science Chapter 9 Solution | Assamese Medium Class 6 S.Science Lesson 9 Answer | ষষ্ঠ মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ৬ কি, ক’ত কেতিয়া আৰু কেনেকৈ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

কি, ক’ত কেতিয়া আৰু কেনেকৈ

(১) উত্তৰ লিখাঃ

(ক)ইতিহাস কাক বোলে?

উত্তৰঃ ইতিহাস হ’ল অতীতত ঘটা প্ৰকৃত ঘটনাৰ নিৰ্ভৰযোগ্য ধাৰাবাহিক বিৱৰণী। 

(খ) সাধুকথা আৰু ইতিহাসে একে অৰ্থ নুবুজায় কিয়?

উত্তৰঃ ইতিহাস হৈছে অতীতত ঘটা প্ৰকৃত ঘটনাৰ বিৱৰণী। আনহাতে সাধুকথা হৈছে কোনো ধৰণৰ সত্য়তা নথকা ইচ্ছাকৃতভাৱে সাজি উলিওৱা কাহিনী।

(গ) ইতিহাস অধ্যয়নৰ সমলবোৰ কি কি?

উত্তৰঃ ইতিহাস অধ্য়য়নৰ সমলবোৰ হৈছে- ভগ্নাৱশেষ, শিলালিপি, তামৰ লিপি, মুদ্ৰা, সাহিত্য়, বিদেশী পৰ্যটকসকলৰ বিৱৰণী আদি।

(ঘ) বেদ, পুৰাণ, মহাভাৰত আদি ইতিহাস অধ্যয়নৰ সমলনে? যদি হয়, সেইবোৰ কোনবিধ সমলৰ অন্তগত?

উত্তৰঃ বেদ, পুৰাণ, মহাভাৰত আদি আমাৰ ইতিহাস অধ্য়য়নৰ সমল।

(ঙ) বৰ্তমান সময়ত ইতিহাস অধ্যয়নৰ প্ৰয়োজনীয়তা কি আছে বুলি ভাবা?

উত্তৰঃ আমি নিজৰ ঐতিহ্য, পৰম্পৰা, কলা-সংস্কৃতিৰ প্ৰতি আস্থা আৰু সন্মানৰ মনোভাৱ গঢ়ি তোলাৰ প্ৰয়োজন। আৰু এই কাম ইতিহাস অধ্য়য়নৰ ফলতহে হৈ উঠিব। গতিকে আমাৰ ইতিহাস অধ্য়য়নৰ প্ৰয়োজনীয়তা আছে। 

(চ) বুৰঞ্জী আৰু ইতিহাসৰ পাথক্য কি?

উত্তৰঃ বুৰঞ্জী আৰু ইতিহাসৰ মাজত পাৰ্থক্য় হ’ল-  বুৰঞ্জীত সাধাৰণতে কোনো সম্ভ্ৰান্ত ঘৰৰ বা ৰজা-মহাৰজাৰ ঘৰৰ কাহিনী থাকে আনহাতে ইতিহাসত সকলোৰে বিষয়ে থাকে।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop