আবিস্কাৰৰ কাহিনী । অধ্যায় ১৩ । Class 6 Assamese Lesson 13 Question and Answer Assam | SCERT Class 6 Assamese Chapter 13 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৩ আবিস্কাৰৰ কাহিনী পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আবিস্কাৰৰ কাহিনী

১। শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই নিজৰ বহীত লিখা।
উত্তৰঃ

পৰিৱহণ – এঠাইৰ পৰা আন ঠাইলৈ নিয়া প্ৰক্ৰিয়া।
অধ্যৱসায় – কঠোৰ পৰিশ্ৰম।
অসাধ্য – সাধ্য নথকা।
অহৰহ – নিতৌ।
প্ৰয়োগিক – ব্যৱহাৰিক।
নেৰানেপেৰা – একটা কথাতে লাগি থকা।
যুগান্তকাৰী – পুৰণি কালৰ পৰা।
কৃতিত্ব – কাৰ্যদক্ষতা।
নিয়ন্ত্ৰণ – নিজকে চম্ভালিব পৰা।
সুচল – সুগম।
গুৰুত্ব – শ্ৰেষ্ঠতা।
অতুলনীয় – যাৰ তুলনা নাই।
অদম্য় – যাক দমন কৰিব নোৱাৰি।
দৃষ্টিগোচৰ – দৃষ্টি পৰা।
দৃঢ়তা – কঠিনতা
সান্নিধ্য় – ওচৰত থকা।
কৰ্মস্পৃহা – ৰাসৰ প্ৰতি ধাউতি বা আসক্তি।
উপলব্ধি – অনুমান।
প্ৰশিক্ষণ – কাৰিকৰী শিক্ষা।
গৱেষণা – পৰ্যবেক্ষণ কৰা।
ঘাত-প্ৰতিঘাত – দুখ-কষ্ট।

২। উত্তৰ লিখা।

(ক) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম কি?
উত্তৰঃ
গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা যন্ত্ৰটোৰ নাম হ’ল ভেকুৱাম ব্ৰেক।

(খ) গুৰুপ্ৰসাদ দাসে কাৰ মটৰ গেৰেজত কাম কৰিছিল?
উত্তৰঃ
গুৰুপ্ৰসাদ দাসে ভোলানাথ বৰুৱাৰ মটৰ গেৰেজত কাম কৰিছিল।

(গ) গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি কাৰ চকুত পৰিলছিল?
উত্তৰঃ
গুৰুপ্ৰসাদ দাসৰ কৰ্মনিষ্ঠা আৰু ধৈৰ্যশক্তি এজন বৃটিছ চাহাবৰ চকুত পৰিছিল।

(ঘ) বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক কোন কোম্পানিত নিযুক্তি দিছিল?
উত্তৰঃ
বৃটিছ চাহাবে গুৰুপ্ৰসাদ দাসক হাওৰা ”ৱাৰ্ণ এণ্ড কোম্পানিত” নিযুক্তি দিছিল।

(ঙ) গুৰুপ্ৰসাদ দাসে লণ্ডনৰ কোন প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ
গুৰুপ্ৰসাদ দাসে লণ্ডনৰ ৰে’লৰ কাৰিকৰী প্ৰতিষ্ঠান ”ইনষ্টিটিউট অৱ মেকানিকেল ইঞ্জিনিয়াৰিঙত প্ৰশিক্ষণ লৈছিল।

(চ) লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে কাৰ পৰা বৃত্তি লাভ কৰিছিল?
উত্তৰঃ
লণ্ডনত প্ৰশিক্ষণ লৈ থকা সময়ত গুৰুপ্ৰসাদ দাসে অসম প্ৰশাসনৰ পৰা বৃত্তি লাভ কৰিছিল।

(ছ) আই.আৰ.এছৰ. পদমৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় কোন?
উত্তৰঃ
আই.আৰ.এছৰ. পদমৰ্যদা লাভ কৰা প্ৰথমজন ভাৰতীয় হৈছে- গুৰুপ্ৰসাদ দাস।

(জ) গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে কি বুলি নামাকৰণ কৰিছিল?
উত্তৰঃ
গুৰুপ্ৰসাদ দাসে উদ্ভাৱন কৰা ভেকুৱাম ব্ৰেকক কোম্পানিয়ে ”জি পি ব্ৰেক” নামাকৰণ কৰিছিল।

৩। চমূকৈ লিখা।

(ক) গুৰুপ্ৰসাদ দাস লণ্ডনলৈ কিয় গৈছিল?
উত্তৰঃ
গুৰুপ্ৰসাদ দাসে চাকৰিসূত্ৰে লণ্ডনলৈ গৈছিল।

(খ) তেওঁক অসমৰ সু-সন্তান বুলি কিয় কোৱা হৈছে? গুৰুপ্ৰসাদ দাস কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল ?
উত্তৰঃ
গুৰপ্ৰসাদ দাসে আৱিস্কাৰ কৰা ভেকুৱাম ব্ৰে’কৰ জৰিয়তে ‘ৱাৰ্ণ এণ্ড কোম্পানী’ও বিখ্যাl হৈ পৰিছিল। গুৰুপ্ৰসাদ দাসৰ বিৰল অৱদানৰ স্বীকৃতিস্বৰূপে তেখেতৰ নামেৰে কোম্পানীয়ে ভেকুৱাম ব্ৰেকক ‘জি পি ব্ৰে’ক’ বুলি নামাকৰন কৰে। তদুপৰি তেখেতক ‘এছ’ছিয়েটেড মেম্বাৰ অৱ ইনষ্টিটিউট্ অৱ মেকানিকেল ইঞ্জিনিয়াৰ্ছ’ৰ সদস্যভুক্ত কৰে। গুৰু প্ৰসাদ দাসৰ অৱদানৰ স্বীকৃতি স্বৰূপে বৃটিছ চৰকাৰেও তেখেতক ভাৰতীয় ৰে’ল সেৱা (আই. আৰ. এছ) ৰ পদ মৰ্যদাৰে বিভূষিত কৰে। উল্লেখযোগ্য যে এনে পদমৰ্যদাৰে বিভূষিত কৰে। গতিকে ইমানবোৰ সন্মান আৰু আদৰ্শৰে কাম কৰা বাবে তেওঁক অসমৰ সু-সন্তান বুলি কোৱা হৈছিল।

৪। ভাব বহলাই লিখা।
(ক) অভাৱেই আবিষ্কাৰৰ মূল।

উত্তৰঃ অভাৱেই আৱিস্কাৰৰ মূল । অভাৱৰ কোনো সীমা নাই ই সীমাহীন। মানুহ যেতিয়া অভাৱত পৰে তেতিয়া সেই অভাৱ দূৰিকৰনৰ বাবে মানুহে বহুতো চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰে। বিজ্ঞানী সকলৰ ক্ষেত্ৰত এনে চিন্তা-চৰ্চাই তেওঁলোকক নতুন নতুন উদ্ভাৱনৰ ক্ষেত্ৰত বিষেশ ভাৱে উদ্ভাৱনৰ ক্ষেত্ৰত অনুপ্ৰেৰনা জনাই। অভাৱ পূৰণ কৰিবলৈ যেতিয়া মানুহৰ হাতত টকা পইচা নাথাকে তেতিয়া মানুহে সেই অভাৱ পূৰনৰ বাবে বহুতো কথা ভাৱি চিন্তি থাকে আৰু এনেদৰে ভাৱি থাকোতে মানুহে অভাৱ পূৰনৰ বাবে কিছুমান নতুন নতুন বস্তু উদ্ভাৱন কৰিবলৈ সক্ষম হয়। গতিকে ইয়াকে অভাৱেই আৱিস্কাৰৰ মূল বুলি কোৱা হয়।

(খ) একান্ত অধ্য়ৱসায় আৰু পৰিশ্ৰমেই উন্নতিৰ মূলমন্ত্ৰ।
উত্তৰঃ গুৰু প্ৰসাদ দাসে প্ৰথমে এটা সাধাৰণ গেজেৰত কাম কৰিছল যদিও তেখেতঁ কৰ্মনিষ্ঠা, ধৰ্যশীল আৰু বহুতো পৰিশ্ৰমী আছিল। সেয়েহে তেওঁ গেৰেজত থাকিয়ো প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। গেৰেজত কাম কৰি থকাৰ সময়ত তেখেতৰ কৰ্মনিষ্ঠা আৰু ধৰ্যশক্তি এজন বৃটিছ চাহাবৰ চকুত পৰিল।তেখেতে হাওৰাৰ ‘ৱাৰ্ণ এণ্ড কোম্পানী’ত গুৰুপ্ৰসাদক নিযুক্তি দিয়ে। কোম্পানীত চাকৰি কৰাৰ সুযোগ পাই গুৰুপ্ৰসাদ দাসৰ আগ্ৰহ দুগুনে বৃদ্ধি পালে। আৰু তেওঁ বহুতো পৰিশ্ৰম আৰু একাগ্ৰতাৰ ফলত পাছলৈ ভেকুৱাম ব্ৰে’ক আৱিস্কাৰ কৰি উলিয়াবলৈ সক্ষম হল। সাধনা অবিহনে কোনো মানুহে উন্নতি কৰিব নোৱাৰে। সৰুৰে পৰা পৰিশ্ৰম কৰি সফল হোৱা গুৰুপ্ৰসাদ দাসেই হল ইয়াৰ উদাহৰন। গতিকে সফল হৈ উঠিবলৈ একান্ত অধ্যৱসায় আৰু পৰিশ্ৰমৰ সোবেই প্ৰয়োজন।

৫। এটা শব্দত প্ৰকাশ কৰা।

(ক) যিজনে কোনো বস্তু আৱিস্কাৰ কৰে- আৱিস্কাৰক, উদ্ভাৱক।
(খ) গোটেই জীৱন জুৰি- আজীৱন।
(গ) যিয়ে গুণীৰ গুণ বুজিব পাৰে- জ্ঞানী।
(ঘ) পুৱাই স্মৰণ কৰাৰ যোগ্য- প্ৰাতঃস্মৰণীয়।

Answer by Himashri kakati

0
    0
    Your Cart
    Your cart is emptyReturn to Shop