বিহু আদৰণি । অধ্যায় ৪ । Class 6 Assamese Lesson 4 Question and Answer Assam | SCERT Class 6 Assamese Lesson 4 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৪ বিহু আদৰণি পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

বিহু আদৰণি 

৩। চৰাইৰ বাহত থকা শব্দসমূহৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই শিকি লোৱাঃ
চতাই – চ’ত মাহক সম্বোধন কৰি মতা নাম।

থেৰেজু – কাচিদৰীয়া পাতেৰে এবিধ ওখ গছ আৰু তাৰ ফল।

আওলা – আগছালি।

বৰ্হমথুৰি – ইয়াৰ থুৰি বোৰ চুবাই ছোৱালী বোৰে ওঠ ৰঙীন কৰা দেখা যায়।

বাঁহতচাত – শলা।

সুগৰ – পৰিস্কাৰ।আঁচু – কাপোৰত ফুল তুলিবলৈ বুলোৱা সুতা।

ভমকা – ডাঙৰ আৰু উজ্জ্বল।

ৰচঙ্গা – ৰঙচঙীয়া।

খোলা – টান আৱৰণ শাল – কাপোৰ ববলৈ ব্যৱহাৰ কৰা এবিধ যন্ত্ৰ বা সজুলি।

দিহা – যোগাৰ।

৪। উত্তৰ দিয়া-
(ক) চতাই বুলি কবিয়ে কাক কৈছে ?

উত্তৰঃ চতাই বুলি কবিয়ে চ ‘ত মাহক কৈছে।

(খ) কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু কি অনাৰ কথা কোৱা হৈছে?  

উত্তৰঃ কবিতাটিত জেতুকা, থেৰেজুৰ লগতে আৰু বৰ্হমথুৰি অনাৰ কথা কোৱা হৈছে।

গ) মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পোলোৱাৰ কথা কোৱা হৈছে? 

উত্তৰঃ মাখিয়তী আৰু তৰাৰ পঘাৰে আওলা জুৰি পোলোৱাৰ কথা কোৱা হৈছে ।

(ঘ)বাহঁত চাত কিহেৰে সজালে? 

উত্তৰঃ বাঁহৰ চাত হালধি, থেকেৰা, বেঙেনাই সজালে।

(ঙ)বায়ে খোপালৈ বুলি কি ফুল আনিলে?

উত্তৰঃ বায়ে খোপালৈ বুলি ৰচঙ্গা কপৌৰ ফুল আনিলে।

(চ)কবিয়ে চতাইক কি বুলি কাবৌ  কৰিছে?

উত্তৰঃ কবিয়ে চতাইক ৰঙালীক আদৰি আনিবলৈ কাবৌ কৰিছে।

৫। কবিতাটিৰ কথাখিনি তোমাৰ কথাৰে লিখা।

উত্তৰঃ কবিতাটিৰ কথাখিনি মাজেৰে কবি মিত্ৰদেৱ মহন্ত দেৱে অসমৰ বাপুটি সাহোন ৰঙালী বিহুতিক আদৰাৰ এটা সম্যক চিত্ৰ দাঙি ধৰিছে। কবিতাটিত কবিয়ে চ’ত মাহৰ আগমনৰ লগে লগে ঢোল, পেপা বজায় ৰঙালীক আদৰি আনিবলৈ কৈছে। পদূলি মুখত বাট চাই চাই কিমান ৰৈ থাকিম বুলি কবিয়ে কৈছে। জেতুকা, থেৰেজু, বৰ্হমঠুৰি সকলো আনিলোঁ। মাখিয়তী পাতে তৰাৰ পঘাৰে আওঁলা মানে আগ চোতাল জুৰি পেলােৱাৰ কথা কৈছে । হালধি, থেকেৰা, বেঙনা আনি বাহঁত চাত সাজিলোঁ। ঢোল, টকা, পেঁপা সুগৰ কৰি চোতাল বাট সৰিলোঁ। আয়ো আঁচুৰ ভমকা ফুলৰ গামোচা শালৰ পৰা কাটিলে। বায়ে খোপালৈ বুলি ৰচঙ্গা কপৌফুল আনি থলে। বহল পাতৰ নাহৰৰ ডালি পিতাই আনি থলে। খুড়ীয়ে তিল গুড় দিহা কৰি কৰি মজিয়াত খোলা পাতিলে। আইতাই থাপনাৰ আগ মচি সেন্দূৰী কৰি থৈছে। সেয়েহে কবিয়ে চ’তাইক নৰবলৈ কাবৌ কৰি ৰঙালীক আনিবলৈ কৈছে।

(৬)বাক্য ৰচনা কৰা।

জেতুকাঃ ৰঙালী বিহুৰ সময়ত ছোৱালি বোৰে হাতত জেতুকা বুলায়।

ভমকাঃ ৰহিমলাই গামোছা খনত ভমকা ফুল বাচিছে।

আচুঃ ৰেখাই শালৰ গামোছা খনত আচু ৰ ভমকা ফুল দি কাটিলে। 

শালঃ ৰহিলাই এইবাৰ শালত গামোছা লগাইছে।

দিহাঃ আনৰ ভাল দিহা বোৰ মন দি শুনিব লাগে।

৭। লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা।

খুডী, আইতা, বাইদেউ, আই, পিতাই, ককাই, শাহু, ননন্দ, জোৱাই

পুং লিংগঃ পিতা, ককাই, জোৱাই।

স্ত্ৰী লিংগঃ খুড়ী, আইতা, বাইদেউ, শাহু, ননন্দ।

৮। শব্দবোৰ বহুবচনত প্ৰকাশ কৰা।

ককাই, গামোচা, মানুহ, পিঠা, বাইদেউ

উত্তৰঃ ককাইহঁত,  গামোছাবোৰ, মানুহবিলাক, পিঠাবোৰ, বাইদেউহঁত।

৯। অৰ্থ প্ৰকাশ হোৱাকৈ তলৰ শব্দবোৰেৰে বাক্য সাজা-

উত্তৰঃ টকাঃ-(পইচা)– ৰুমিৰ দেউতাকে চাকৰি কৰা ঠাইৰ পৰা ঘৰলৈ টকা-পইচা পঠাই থাকে।

টকাঃ-(ঠকা)- ৰমেনে বিহু নাচোতে বজাবলৈ এটা টকা সাজিলে।

বাতঃ-(গাত ওলোৱা এলাৰ্জী সদৃস এবিধ বস্তু)- হাহঁৰ মাংস আৰু কোমোৰাই খালে ভন্টিৰ গাত বাত উলাই যায়।

বাটঃ-(পথ)- মীনাই সদায় ঘৰ-চোতাল-বাট খাৰি পৰিস্কাৰ কৰি ৰাখে।

থালঃ-(বয়-বস্তু থবলৈ বা কিবা খাবলৈ ব্যৱহাৰ কৰা এবিধ বস্তু)- আমি মন্দিৰত যাওতে ধূৱ-ধোনাৰে সৈতে মাহ- প্ৰসাদৰ থাল খন মন্দিৰলৈ বুলি আগবঢ়াই দিছিলো।

ঠালঃ-(গছৰ ডাল)- আম গছৰ ঠাল টোত আমবোৰ লানি নিছিগাকৈ লাগি আছে।

জুৰিঃ-(পাহাৰ-পৰ্বতৰ পৰা বৈ অহা সৰু নদী)- আমাৰ গাওঁৰ মাজেৰে এটা জুৰি পাৰ হৈ গৈছে।

জুৰিঃ-(ভৰি পৰা)- গোটেই অসম জুৰি বানপানীয়ে বোৱাই পেলাইছে।

১০। ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে দহটা বাক্য সাজা।

উত্তৰঃ ৰচনাৰ আৰ্হিত বিহুৰ বিষয়ে তলত দহতা বাক্য সাজা হল-

বিহু আমাৰ জাতীয় উৎসৱ। বিহু তিনিটা মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু। এই তিনিটা বিহুক আকৌ আন নামেৰেও জনা যায় যেনে- বহাগ বিহু ৰঙালী, কাতি বিহু কঙালী আৰু মাঘৰ বিহুৰ ভোগালী। চ’ত মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰা বহাগ বিহু আৰম্ভ কৰা হয়। সেইদিনা গৰু বিহু পালন কৰা হয় । গৰু বিহুৰ দিনাখন গৰুক পুখুৰী বা বিললৈ নি মা-হালধিৰে গা ধুৱাই গৰু গালৈ লাওঁ-বেঙেনা চতিয়াই আৰু গধূলি তৰাৰ পঘাৰে বান্ধি বিচনীৰে বিচি ঘৰলৈ আনে। পাছদিনাৰ পৰা মানুহৰ বিহু হয়। সেই দিনা বয়োযেষ্ঠ সকলক সৰু সকলে সেৱা কৰি বিহুৱান উপহাৰ দিয়ে আৰু ডেকা-গাঙৰু সকলে ঘৰে ঘৰে গৈ ঢোল , পেপা, তাল আদি বজায় হুচৰি গায়। এই বিহু সাতদিনলৈ পালন কৰা হয়। কাতি বিহুৰ দিনা পথাৰত চাকি-বন্তি লগোৱা হয় আৰু ৰাতি তুলসীৰ তলত চাকি-বন্তি দি নাম গায়। মাঘৰ বিহুৰ সময়ত মানুহে পথাৰৰ ধান কাটি ঘৰলৈ আনে। মাঘৰ বিহুত মানুহৰ ঘৰত বিভিন্ন পিঠা-পনাৰে ভৰি থাকে সেয়েহে মাঘৰ বিহুক ভোগালী বিহু বুলিয়ো কোৱা হয়। এই বিহুত পথাৰত ভেলাঘৰ আৰু মেজি বনোয় আৰু উৰুকা নিশা ভেলাঘৰত গাৱৰ সকলো ৰাইজে মিলি ভোজ-ভাত খায়। আৰু ৰাতিপুৱা সকলোৱে গা-পা ধুই আহি ভেলাঘৰ আৰু মেজি জ্বলাই দি অগ্নিদেৱতাক সেৱা কৰে।

১১। তোমালোকৰ অঞ্চলত ৰঙালী বিহু কেনেদৰে উদযাপন কৰা হয়   লিখা।

উত্তৰঃ আমাৰ অঞ্চলত ৰঙালী বিহু বৰ আনন্দৰে উৎযাপন কৰা হয়। ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু পালন কৰা হয়। সেয়দিনা গৰু নৈ-বিললৈ নি মা-ধালধিয়ে গাঁ ধুৱাই গালৈ লাওঁ-বেঙেনা চতিয়াই দীঘলতী আৰু মাখিয়তী পাতেৰে গৰুৰ গাত কোবোয়। আৰু গধূলি ধূপ-ধোনা লগায় বিচনিৰে বিচি আৰু তৰাৰ পঘাৰে বান্ধি ঘৰলৈ অনা হয়। পাছদিনা মানুহৰ বিহু পালন কৰা হয় সেইদিনা বয়োযেষ্ঠ সকলক সৰু সকলে সেৱা কৰি বিহুৱান উপহাৰ দিয়ে আৰু ডেকা-গাঙৰু সকলে ঘৰে ঘৰে গৈ ঢোল , পেপা, তাল আদি বজায় হুঁচৰি গায়। এই বিহু সাতদিনলৈ পালন কৰা হয়।

১২। দলত আলোচনা কৰি বস্তুকেইপদৰে আমি কি কি কৰোঁ লিখা।
(ক) জেতুকা পাত – হাতত বুলায় লওঁ।
(খ) বৰ্হমথুৰি – ইয়াৰ থুৰিবোৰ চুবাই ছোৱালীবোৰে ওঠ ৰঙীন কৰে।
(গ) পঘা – গৰু বান্ধো।
(ঘ) কপৌফুল – বহাগ বিহুত ছোৱালী বোৰে খোপাত বুলাই লয়।
(ঙ) বিহুৱান – এইখনেৰে মান্যৱান ব্যক্তিক সম্বোধন জনায়।
(চ) মাখিয়তী – এই গছৰ পাতেৰে গৰু বিহুৰ দিনা আওলা বনায় আৰু গৰুক কুবোৱা হয়।

১৩। তলত উল্লেখ কৰা বাদ্যসমূহৰ কোনকেইবিধ বাদ্য বিহুগীত বা বিহুনাচত ব্যৱহাৰ কৰা হয় দলত আলোচনা কৰি লিখা।পেঁপা, গগণা, ঢোল, হাৰমনিয়াম, খোল, তাল, সুতুলি, ঢাক, টকা, গীটাৰ।

উত্তৰঃ পেঁপা, গগণা, ঢোল, তাল আৰু সুতুলি।

Answer by Himashri kakati

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop