🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

মাধ্য়মিক শিক্ষাৰ আসোঁৱাহবোৰৰ চমু আলোচনা দাঙি ধৰা।

উত্তৰঃ মাধ্য়মিক শিক্ষাৰ কিছুমান আসোঁৱাহ আছে। এই আসোঁৱাহবোৰ সংক্ষেপে এনেধৰণৰ ___

(ক) বৰ্তমানক মাধ্য়মিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা পুথিগত, যান্ত্ৰিক, একমুখী আৰু পৰিৱৰ্তনৰ পৰ্তি মন নিদিয়া এক গতানুগকী শিক্ষা ব্য়ৱস্থা।

(খ) এই শিক্ষা ব্য়ৱস্থা ছাত্ৰ-ছাত্ৰীৰ পূৰ্ণ ব্য়ক্তিত্ব বিকাশত অসমৰ্থ হৈছে। ছাত্ৰ-ছাত্ৰীৰ অনুশাসন, সহযোগিতা আৰু নেতৃত্ব দিব পৰা গুণবোৰৰ বিকাশ উপযুক্তভাৱে সাধন কৰিব পৰা নাই।

(গ) মাধ্য়মিক ঠেক গণ্ডীৰ আৰু একপক্ষীয় হোৱাৰ কাৰণে প্ৰকৃত ব্য়ত্তিত্ব গঠন সম্ভৱ নহয়।

(ঘ) সমাজৰ প্ৰয়োজনীয়তাক আওকান কৰি ইংৰাজী আৰু দুই-এটা বিষয়ৰ অধ্য়ায়নত অধিক গুৰুত্ব দিয়া হৈছে আৰু আঞ্চলিক ভাষাৰ দাবীক আওকান কৰা হৈছে।

(ঙ) গতানুগতীক শিক্ষা পদ্ধতিয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাধীনতা আৰু আত্মপ্ৰত্য়য়ৰ অনুভূতি জগাই তোলাত ব্য়ৰ্থ হৈছে। পাঠ্য়ক্ৰমৰ বিষয় গধুৰ হোৱা বাবে আৰু মুখস্থ কৰাক আগস্থান দিয়া বাবে ছাত্ৰ-ছাত্ৰীৰ কল্পনা শক্তি ধ্বংস হৈছে।

(চ) শ্ৰেণীবোৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া, প্ৰয়োজনতকৈ বেছি হোৱা বাবে ছাত্ৰ-ছাত্ৰীৰ চাৰিত্ৰিক সবলতা, কৰ্তব্য়নিষ্ঠা আদি গুণৰ বিকাশৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰভাৱ কমি আহিছে।

(ছ) মাধ্য়মিক শিক্ষাত পৰীক্ষাত হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্য়ৱস্থাও ক্ৰটিপূৰ্ণ। এনে পৰীক্ষাই ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপ কৰাত বিফল হৈছে।

(জ) মাধ্য়মিক স্কুলৰ শিক্ষক নিৰ্বাচন পদ্ধতি আসোঁৱাহপূৰ্ণ।

(ঝ) মাধ্য়মিক শিক্ষাত বৃত্তিমূলক শিক্ষাৰ দিশটোক সমূলি আওকান কৰা হৈছে।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop