🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

১৯৫২-৫৩ চনৰ মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ লক্ষ্য়সমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মুডালিয়াৰ আয়োগে দেশৰ সংবিধানে স্থিৰ কৰি দিয়া দেশীয় দৰ্শনৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি, সংবিধানৰ মূল তাত্ত্বিক দিশৰ সৈতে সম্বন্ধ ৰাখি চাৰিটা উদ্দেশ্য় সম্বন্ধে উল্লেখ কৰিছে। সেই কেইটাৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল ___

১। গণতান্ত্ৰিক নাগৰিকত্বৰ ধাৰণাঃ মুডালিয়াৰ আয়োগ উল্লেখ কৰিছে যে মাধ্য়মিক শিক্ষা যিহেতু সৰহভাগ নাগৰিকৰে শেষ শিক্ষা হ’ব, সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে গণতান্ত্ৰিক ভাৰতবৰ্ষৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ শিক্ষা লাভ কৰিব। গণতন্ত্ৰৰ বাবে প্ৰত্য়েকজন নাগৰিকৰ থাকিব লাগিব (ক) সুস্থ চিন্তাধাৰা, (খ) সুস্থ সামাজিক সমাযোজন, (গ) সামাজিক ন্য়ায়, (ঘ) বাক-পটুতা আৰু লিখনিৰ স্পষ্টতা, (ঙ) সহনশীলতা, (চ) প্ৰকৃত দেশপ্ৰেম।

২। বৃত্তিমূলক দক্ষতাৰ বাবে শিক্ষাঃ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ কায়িক শ্ৰমৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ দগাই তোলা, কৰ্ম তৎপৰতা বৃদ্ধি কৰা, শিল্প উদ্য়েগৰ বাবে প্ৰয়োজনীয় কৌশল আয়ত্তকৰণৰ ব্য়ৱস্থা সুচল কৰি ছাত্ৰ-ছাত্ৰীসকলৰ বৃত্তিমূলক পাৰদৰ্শিতা বৃদ্ধি কৰিব লাগিব। এই দিশবোৰৰ প্ৰতি মাধ্য়মিক শিক্ষাই গুৰুত্ব দিব লাগিব। কোনো এটা বৃত্তি বাধ্য়তামূলকভাৱে শিকালে তাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ ব্য়ত্তিত্বৰ কেউটা দিশৰ বিকাশ হব। জীৱিকা উপাৰ্জন বাট বিচাৰি পাব, কাৰিকৰী বা ব্য়ৱহাৰিক শিক্ষা লাভৰ সুবিধা পাব। দেশৰ সম্পদ বৃদ্ধি পাব।

৩। ব্য়ক্তিত্বৰ বিকাশঃ মাধ্য়মিক শিক্ষাৰ আন এটা উদ্দেশ্য় হৈছে ব্য়ক্তিত্বৰ বিকাশ সাধন কৰা। ব্য়ক্তিত্বৰ পূৰ্ণ কৰিবলৈ হ’লে ব্য়ক্তিৰ শাৰীৰিক, মানসিক, আনুভূতিক, সামাজিক আৰু ব্য়ৱহাৰিক জ্ঞানৰ চাহিদা পূৰণ কৰিব লাগিব।

৪। নেতৃত্বৰ শিক্ষাঃ গণন্ত্ৰৰ সুস্থ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্ৰয়োজনীয়। সাহিত্য়, কলা, বাণিজ্য়, কাৰিকৰী, উদ্য়েগ সকলোতে উচ্চ নেতৃত্বৰ যোগান ধৰাটো বিশ্ববিদ্য়ালয়ৰ কাম। কিন্তু সকলোৱেই বিশ্ববিদ্য়ালয়লৈ যাব নোৱাৰে। এনেস্থলত মাধ্য়মিক শিক্ষাই মাধ্য়মিক পৰ্যায়ত সাহিত্য়, কলা, ৰাজনীতী, উদ্য়েগ, বাণিজ্য় আদি ক্ষেত্ৰত নেতৃত্বৰ যোগান ধৰিব লাগিব। এই নেতৃত্বৰ বিকাশৰ বাবে মাধ্য়মিক স্কুলৰ ভিতৰতে সকলো ধৰণৰ সা-সুবিধা ধৰিব লাগিব।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop