চৰাই জগত | Chapter 17 | Class 7 Assamese Chapter 17 Question And Answer Jatiya Bidyalay | Class 7 Assamese Chapter 17 Solution AJB |

পাঠ – ১৭

চৰাই জগত

১) একোটিকৈ বাক্যত উত্তৰ লিখাঃ

ক) পৃথিৱীত কিমানবিধ প্ৰজাতিৰ চৰাই আছে?

উত্তৰঃ পৃথিৱীত প্ৰায় ৮৭০০- বিধ বিভিন্ন প্ৰজাতিৰ চৰাই আছে।

খ) গছৰ গুটি খোৱা চৰাইৰ ঠোঁট কেনে হয়?

উত্তৰঃ গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান।

গ) মৌপিয়া চৰাইয়ে কেনেকৈ ফুলৰ মৌ চুহি খাব পাৰে?

উত্তৰঃ মৌপিয়া চৰাইৰ ঠোঁট জোঙা আৰু বেঁকা। সেইবাবে সিহঁতে ফুলত ঠোঁট সুমুৱাই মৌ চুহি খাব পাৰে।

ঘ) কাঠৰোকা চৰাইয়ে কেনেকৈ কাঠ ৰুকে?

উত্তৰঃ কাঠৰোকা চৰাইৰ ঠোঁট টান আৰু জোঙা হোৱা বাবে সিহঁতে কাঠ ৰুকিব পাৰে।

ঙ) চৰাইৰ উৰাৰ লক্ষণটো কিহৰ ওপৰত নিৰ্ভয় কৰে?

উত্তৰঃ চৰাইৰ উৰাৰ লক্ষণটো ডেউকাৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে।

চ) চৰাইৰ তৈলগ্ৰন্থি ক’ত থাকে?

উত্তৰঃ চৰাইৰ ফানৰ ঠিক গুৰিতে এটা তৈলগ্ৰন্থি থাকে।

২) চৰাইৰ আহাৰ অনুসৰি ঠোঁটটো কেনেধৰণে বেলেগ বেলেগ হয়?

উত্তৰঃ চৰাইৰ আহাৰ অনুসৰি ঠোঁটবোৰো বেলেগ বেলেগ হয়। গছৰ গুটি খোৱা চৰাইৰ ঠোঁট চুটি আৰু টান। ঠোঁটৰ আগটো সামান্য বেঁকা। মৌপিয়া চৰাইৰ ঠোঁট জোঙা আৰু বেঁকা। সেইবাবে, সিহঁতে ফুলত ঠোঁট সুমুৱাই মৌ চুহি খাব পাৰে। চিলনী, শেন আদি চৰাইৰ ঠোঁট চুটি আৰু টান। সেইবাবে, সিহঁতে তৎক্ষণাত বস্তু ধৰি খাব পাৰে। কাঠৰোকা চৰাইৰ ঠোঁট টান আৰু জোঙা হোৱা বাবে সিহঁতে কাঠ ৰুকিব পাৰে। মাছৰোকা, বগলী, হাড়ৰিলা আদিৰ ঠোঁট জোঙা আৰু দীঘল। সেইবাবে, সিহঁতে পানীৰপৰা মাছ উলিয়াই খাব পাৰে। হাহঁৰ বহল আৰু চেপেটা ঠোঁতে সিহঁতক কেঁচু-কুমতি আদি খোৱাত সহায় কৰে।

৩) চৰাইৰ ভিন ভিন আকৃতিৰ ডেউকাৰ বিষয়ে লিখাঁ।

উত্তৰঃ চৰাইৰ উৰাৰ লক্ষণটো ডেউকাৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে। দীঘল আৰু জোঙা ডেউকাৰ চৰায়ে খুব জোৰেৰে উৰিব পাৰে। মাটিত ফুৰা চৰাইবিলাকৰ ডেউকা গোটা আৰু চুটি। বহল আৰু দীঘল ডেউকাৰ চৰায়ে বহু দূৰ উৰি থাকিব পাৰে। ডেউকা দীঘল কিন্তু নেজ চুটি চৰায়ে বহু জোৰেৰে উৰিব পাৰে। নেজ দীঘল আৰু ডেউকা চুটি হ’লে বেছি উৰিব নোৱাৰে।

৪) চৰাইৰ ঠেঙৰ গঠনৰ বিষয়ে লিখাঁ।

উত্তৰঃ বেলেগ বেলেগ চৰাইৰ ঠেঙৰ গঠনো বেলেগ বেলেগ। গছৰ ডালে ডালে ফুৰা চৰাইবিলাকৰ ঠেঙৰ আঙুলি গছত ভালকৈ লাগি যায়। দলনিত থকা চৰাইবিলাকৰ ঠেং দীঘল আৰু আঙুলিবিলাকো দীঘল দীঘল হয়। গছত বগোৱা চৰাইবিলাকৰ আঙুলিৰ নখবোৰ টান আৰু জোঙা। পানীত সাঁতোৰা চৰাইৰ ভৰিৰ পতা বহল। মঙহ খোৱা চৰাইবিলাকৰ ঠেং জোৰ থকা, নখবোৰ জোখা আৰু বেঁকা।

৫) চৰায়ে কেনেধৰণে নিজক পৰিস্কাৰ কৰি ৰাখে বুজাই লিখাঁ।

উত্তৰঃ চৰায়ে বিভিন্ন ধৰণেৰে নিজকে পৰিস্কাৰ কৰি ৰাখে। ৰাতিপুৱা ৰ’দ ওলাওঁতেই বহুতো চৰায়ে পানীত জোবোৰা মাৰি গাটো ধোৱে। পানীডুবি, হাঁহ আদিয়ে সাঁতুৰি ফুৰোঁতেই গা ধোৱে। কিছুমান চৰায়ে বৈ থকা পানীত নামি গা ধোৱে। কিছুমান চৰায়ে বৰষুণৰ পানীলৈ অপেক্ষা কৰি থাকে। তেনে চৰায়ে বৰষুণ আহিলে ডেউকা দুখন মেলি গাটো তিতিবলৈ বৰষুণত পাতি দিয়ে। কিছুমান চৰায়ে লাহে-ধীৰে গা নোধোৱে। এফালৰপৰা জোৰেৰে আহি গাৰে পানীখিনি চুই আনফালে গুচি যায়।

৬) চৰায়ে কেনেধৰণে গাত তেল সানে?

উত্তৰঃ মানুহৰ দৰে চৰায়েও গাত তেল সানে। চৰাইৰ ফানৰ ঠিক গুৰিতে এটা তৈলগ্ৰন্থি থাকে। কিন্তু পাখিবিলাকে সেই গ্ৰন্থিতো ঢাকি ৰাখে। চৰায়ে গা ধুই ডেউকা দুখন জোকাৰি গাৰ পানীবোৰ গুচাই লয়। তাৰ পাছত ঠোঁটেৰে তৈলগ্ৰন্থিৰপৰা তেল লৈ পাখিবিলাকত মাৰে।মূৰেৰে ঘঁহাই ঘঁহাই গাৰ বিভিন্ন অংশত তেল লগাই লয় আৰু পাখিবিলাক তেলেতীয়া কৰি লয়।

৭) চৰায়ে গাত পোকবোৰ গুচাবলৈ কি কৰে?এই পোকবোৰ মৰিবলৈ সিহঁতে কি কি কৰে বুজাই লিখাঁ।

উত্তৰঃ চৰায়ে গাত পোকবোৰ গুচাবৰ বাবে সিহঁতে লগৰটোৰ ওচৰত গাটো পাতি দিয়ে। ঘৰচিৰিকা, কুকুৰা আদি চৰাইবিলাকৰ গাতো চেৰেপা আৰু তেনে কিছুমান সৰু সৰু পোক হয়। এই পোকবোৰেই ইহঁতৰ বেমাৰ মাতি আনে। পাখিৰ তলত সোমাই থকা সৰু সৰু পোকবোৰে গাৰপৰা তেজ শুহি খায়।

এই পোকবোৰ মাৰিবলৈ সিহঁতে দিনটোৰ ভিতৰত এবাৰ হলেও বালিৰ লগত খেলেই। বালিৰ সহায়ত সিঁহতে পোকবোৰ মাৰে। কেতিয়াবা পৰুৱাৰ বাহ থকা গছত চৰাই পৰিলে গাত পৰুৱা লাগি আহে। এই কথাত কিছুমান চৰায়ে ভালেহে পায়। কাৰণ ইহঁতে ডেউকা দুখন মেলি পৰুৱাবোৰ ভালকৈ গাত বগাবলৈ দিয়ে আৰু পৰুৱাবোৰে চৰাইটোৰ গাৰ পোকবোৰ অতি কম সময়ৰ ভিতৰতে খাই শেষ কৰি দিয়ে। কিছুমান চৰায়ে আকৌ গাত পৰুৱা বগাবলৈ দিয়াৰ পাছত ডেউকাৰ পাখিৰে হেঁচি পৰুৱা মাৰি পেলায়।পৰুৱাবোৰ মাৰিলে এটা গোন্ধ ওলায়। এই গোন্ধ হ’ল ফৰমিক এছিডৰ গোন্ধ। ফৰমিক এছিডৰ গোন্ধৱে গাত হোৱা পোকবোৰ মাৰি পেলায়।

৮)চৰায়ে কি কি ধৰণেৰে আহাৰ খায় বুজাই লিখাঁ।

উত্তৰঃ ভিন ভিন চৰাইৰ আহাৰ খোৱাৰ ধৰণো ভিন ভিন। কিছুমান চৰায়ে মাটিত আহাৰ খায়। কপৌ চৰায়ে গছত বাহ কৰি থাকে যদিও মাটিত পৰি ঘাঁহৰ গুটি আৰু মাটিত থকা পোক খায়। দহিকতৰা চৰায়ে গছৰ ডালত বহি সুহুৰিয়াই থাকে যদিও বাৰে বাৰে মাটিত নামি বিছা, কেৰেলুৱা, জোক, কেঁচু আদি খায়। কুকুৰা, ডাউক, লৰিয়লি, ডঁৰিক, দেও ডঁৰিক, বালিমাহী আদি চৰায়েও মাটিত আহাৰ খায়।

৯) বিভিন্ন চৰায়ে ক’ত ক’ত আৰু কেনেধৰণে বাহ সাজে বুজাই লিখাঁ।

উত্তৰঃ বিভিন্ন চৰায়ে বিভিন্ন ধৰনেৰে বাহ সাজে। ঘৰচিৰিকাই ঘৰৰ চালত বাহ লয়। ইহঁতে খেৰ, বন, ঘাহঁ আদিৰে বাহ সাজে। কপৌ, খোপাবন্ধা আদিয়ে খেৰ, বন, কুটা আদি গোটাই গছতে বাহ সাজে। কাঠৰোকা, হেতুলুকা, ফেচা আদি চৰায়ে গছৰ গাত ফুটা কৰি নাইবা গছৰ ধোন্দত বাহ সাজে।

১০) এটা শব্দত প্ৰকাশ কৰাঁঃ

ক) লুপ্ত হৈছে যি= বিলুপ্ত

খ) যিটো পাবলৈ টান= কঠিন

গ) পানী আৰু মাটি উভয়তে চৰে যি= উভচৰ

ঘ) পানীত থাকে যি = জলচৰ

ঙ) বনত থাকে যি= বনৰীয়া।

১৩) পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা চৰাই বিষয়ে জানিবলৈ যত্ন কৰাঁ ।

উত্তৰঃ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱা চৰাই হৈছে- উৎপখি, ঘৰচিৰিকা, জোনোকা চৰাই, আদি।

১৪) ভাব বহলাই লিখাঁ

কিনা হাঁহৰ ঠোঁটোলৈকে মঙহ।

উত্তৰঃ টকা খৰচ কৰি ক্ৰয় কৰা বস্তুৰ সৎ ব্যৱহাৰ কৰা কথা কবলৈ যাওতে উক্ত কথাষাৰ ব্যক্ত কৰিছে।

হাঁহ এবিধ চৰাই। ইয়াক মানুহে পালন কৰে। হাঁহৰ মঙহ বৰ সোৱাদ যুক্ত। ইয়াক মানুহে বিভিন্ন প্ৰকাৰে ৰান্ধি খায়। বিয়া সবাহতো হাঁহৰ মঙহ খাদ্য সম্ভাৰত স্থান দিয়া হয়। ভৈয়ামৰ অসমীয়া মানুহে মঙহৰ বাবেই হাঁহ পোহে কিন্তু চহৰ অঞ্চলৰ মানুহে হাঁহ পোহা দেখা নাযায়। উপাদেয় গুণৰ বাবে মানুহে বজাৰৰ পৰা হাঁহ কিনি আনে। হাঁহৰ ঠোঁট মঙহ হিচাপে খাব নোৱাৰি; কিন্তু মানুহে ইয়াৰ উপাদেয় গুণৰ বাবে লগতে টকা খৰচ কৰি ক্ৰয় কৰাৰ বাবে ইয়াৰ ঠোঁটোলৈকে মঙহ উলিয়াব বিচাৰে। অৰ্থাৎ টকাৰে কিনি অনা হাঁহৰ মঙহৰ  সর্বোত্তম  ব্যৱহাৰ হোৱাটো বিচাৰে। 

সেইদৰে মানুহে টকা খৰচ কৰি কিনি অনা বস্তু বেছিকৈ মূল্য দিয়ে।

Answer by Himashri kakati

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping