আমাৰ কাপোৰ | Chapter 6 | Class 7 New Science Question And Answer Jatiya Bidyalya | Class 7 New Science Solution AJB |

অধ্যায়ঃ ষষ্ঠ

আমাৰ কাপোৰ

1 .শুদ্ধ উত্তৰটো বাছি উলিওৱাঁ ।

i ) ঊণ সুতা উৎপাদনৰ সৈতে জড়িত ৰােগবিধৰ নাম হ’ল

a ) মেলেৰিয়া b) এনথ্রাক্স c ) ডেংগি d ) এইডছ

উত্তৰঃ b) এনথ্রাক্স

ii ) আঁহ উলিয়াবলৈ লেটাবােৰ কেনেকুৱা পানীত উতলায় ?

a ) এছিডযুক্ত পানী b ) ক্ষাৰযুক্ত পানী c ) কুঁৱাৰ পানী d ) বিশুদ্ধ পানী

উত্তৰঃ b ) ক্ষাৰযুক্ত পানী

iii ) আজি-কালি লেটাৰপৰা আঁহ উলিয়াবলৈ পানীত মিহলােৱা পদার্থবিধ হ’ল—

a ) কাপােৰ ধােৱা ছডা b ) নেমু টেঙাৰ ৰস c ) ছাই d ) বিশুদ্ধ পানী

উত্তৰঃ a ) কাপােৰ ধােৱা ছডা

  1. অশুদ্ধ উক্তিটো বিচাৰি উলিওৱা :

a ) মুগা পলুৱে চোম গছৰ পাত খায় ।

b ) পৈণত পলুৱে মুখেৰে আঁহ উলিয়াই লেটাৰ সৃষ্টি কৰে ।

c ) তেলজাতীয় পদার্থ আঁতৰাবলৈ ঊণ শিল্পত ৰাসায়নিক পদার্থ ব্যৱহাৰ কৰা হয় ।

d ) মথৰপৰা হ’ব পৰা ৰােগবিধৰ নাম হ’ল এনথ্রাক্স ।

উত্তৰঃ d ) মথৰপৰা হ’ব পৰা ৰােগবিধৰ নাম হ’ল এনথ্রাক্স ।

  1. ) পাট , মুগা আৰু এড়ী পলুৱে কি কি গছৰ পাত খায় নাম লিখা ।

উত্তৰঃ পাট পলুৱে নুনি গছৰ পাত খায়, মুগা পলুৱে চোম গছৰ পাত খায়, এড়ী পলুৱে ওএৰা গছৰ পাত খায়।

  1. চাৰিবিধ এনে জন্তুৰ নাম লিখা যাৰপৰা উণ সূতা পাব পাৰি ।

উত্তৰঃ ঊণ সূতা পাব পৰা চাৰিবিধ জন্তুৰ নাম হ’ল-

5.ঊণ আঁহ পাব পৰা চাৰিবিধ জন্তুৰ নাম লিখা ।

উত্তৰঃ ঊণ আঁহ আহৰণ কৰা চাৰিবিধ জন্তু হ’ল- ভেড়া ছাগলী, য়াক, উট আৰু শহাপহু।

6.মথৰপৰা হ’ব পৰা ৰােগৰ বিষয়ে চমুকৈ লিখা । ( n .

উত্তৰঃ মথৰ সূতা আহৰণ কৰালৈ কিছুমান সাৱধানতা অৱলম্বন কৰা উচিত। পলুবোৰক পৰিস্কাৰ পৰিৱেশত ৰাখিব লাগে। পলুৰ মল সোনকালে আঁতৰাব লাগে। পৰিস্কাৰ কৰি নাৰাখিলে পলুৰ বেমাৰ হয় আৰু পলু মৰাৰ পাছত নুপুৰিলে মৰা পলু পচি পচি বীজাণৰ দ্বাৰা প্ৰতিপাৱকো ৰোগাক্ৰান্ত হব।

7 ) এনথ্রাক্স বুলিলে কি বুজা ? ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম কি ? কি উদ্যোগৰ সৈতে ই জড়িত ?

উত্তৰঃ এনথ্ৰাক্স এবিধ ৰোগৰ নাম। ইয়াৰ লগত জড়িত বীজাণুবিধৰ নাম বেছিলাছ এন্থ্ৰাচিছ্ ।ই ঊণ উদ্যোগৰ সৈতে জড়িত।

৪ ) ঊণ আঁহ আহৰণৰ চাৰিটা পর্যায় কি কি ? পর্যায়কেইটাৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

  1. লেটাৰপৰা আঁহ কেনেকৈ উলিয়ায় লিখা ।

উত্তৰঃ লেটাৰ পৰা আঁহ উলিয়াবলৈ লেটা গুটিবোৰ খাৰ-যুক্ত উতলা পানীত উতলোৱা হয়। উতলোৱা লেটাৰ পৰা হাতেৰে আঁহ উলিয়াই।

  1. বাঁওফালৰ স্তম্ভত থকাবােৰক সোঁফালৰ স্তম্ভবােৰৰ সৈতে মিলােৱ :

বাঁওফালৰ স্তম্ভ সোঁফালৰ স্তম্ভ

a ) এড়ী পলুৱে i ) নুনি গছৰ পাত খায়

b ) মুগা পলুৱে ii ) এৰা গছৰ পাত খায়

c ) পাট পলুৱে iii ) চোম গছৰ পাত খায়

উত্তৰঃ a) এড়ী পলুৱে = ii) এৰাগছৰ পাত খায়।

        b) মুগা পলুৱে = iii) চোম গছৰ পাত খায়।

        c) পাট পলুৱে = i) নুনি গছৰ পাত খায়।

DIKHA BORA

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop