🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

গাঁৱৰ ভূগোলঃ নগৰৰ ভূগোল Chapter 19 | Class 5 Social Science Question and Answer |

১। নগৰ আৰু গাঁৱৰ মাজত তিনিটা পাৰ্থক্য উল্লেখ কৰা।

উত্তৰঃ নগৰ আৰু গাঁৱৰ মাজত তিনিটা পাৰ্থক্য় হৈছে- 

     (১)গাঁৱত জনবসতি সেৰেঙা। আনহাতে নগৰত জনবসতি ঘন।

    (২)গাঁৱৰ মানুহবোৰ সাধাৰণতে খেতিৰ ওপৰত নিৰ্ভৰশীল। আনহাতে নগৰৰ মানুহবোৰ সাধাৰণতে চাকৰি, ব্য়ৱসায়-বাণিজ্য় আদিৰ ওপৰত নিৰ্ভৰশীল।

   (৩) গাঁৱৰ আলি-পদূলিবোৰ সাধাৰণতে কেঁচা। আনহাতে নগৰৰ ৰাস্তাবোৰ সাধাৰণতে পকী।

২। বহুতো লোকে গাঁৱত থকাটো বেছি পছন্দ কৰে কিয়?

উত্তৰঃ নগৰতকৈ গাঁৱৰ পৰিৱেশ ভাল। গাঁৱত প্ৰদূষণৰ মাত্ৰা কম। গাঁৱত সতেজ শাক-পাচলি, ফল-মূল পোৱা যায়। ক’বলৈ গ’লে স্বাস্থ্য়ৰক্ষাৰ দিশৰ পৰা গাঁৱৰ পৰিৱেশ অধিক উপযোগী। তদুপৰি কেতবোৰ গাঁৱত চৰকাৰী চিকিৎসালয়, আৰক্ষী থানা, ডাকঘৰ, বেংক আদিৰো ব্য়ৱস্থা আছে।

৩। তুমি এখন নগৰ বা গাঁৱৰ ভূগোল বৰ্ণনা কৰা। (পাঠত দিয়া আৰ্হিলৈ মন কৰিবা। সকলো গাওঁ বা নগৰৰ নামৰ উৎস জনাটো সম্ভৱ নহ’ব পাৰে। প্ৰয়োজন অনুসৰি কোনো বিন্দু বাদ দিব পৰা যায় বা নতুন বিন্দু যোগ দিব পৰা যায়।)

উত্তৰঃ গাঁওখনৰ নাম হৈছে- বৰঙাবাৰী।

নামৰ উৎপত্তিঃ এই গাঁওখনত পূৰ্বতে বহুত বিৰিণা গছ আছিল। এই বিৰিণা গছৰ নামৰ পৰাই পিছলৈ গাঁওখনৰ নামো বৰঙাবাৰী হয় বুলি জনা যায়।

অৱস্থানঃ অসমৰ মৰিগাঁও জিলাত এই গাঁও অৱস্থিত। এই গাঁৱৰ পূবে ভূৰবন্ধা, পশ্চিমে আলিচিঙা, উত্তৰে কোমোৰাগুৰি আৰু দক্ষিণে মৰিগাঁও অৱস্থিত। এই গাঁও মৰিগাঁও সদৰ ঠাইৰ পৰা ৩ কিলোমিটাৰ দূৰত অৱস্থিত।

যোগাযোগঃ এই গাঁৱত নিয়মীয়াকৈ যান-বাহন চলে।

চুবুৰিৰ সংখ্য়াঃ প্ৰায় ১২টা। 

Author By- Mayur Rani Kashyap

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop