অসনৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান Chapter 4 | Class 4 Social Science Question Answer |

১। পৰ্যটন কাক বোলে? পৰ্যটনৰপৰা কি কি সুবিধা পাব পাৰি?

উত্তৰঃ আমাৰ ৰাজ্য়ত বহুতো আকৰ্ষণীয় ঠাই আৰু বস্তু আছে। এই উল্লেখযোগ্য় ঠাই আৰু বস্তুসমূহ চাবৰ বাবে ৰাজ্য়ৰ ভিতৰৰ আৰু বাহিৰৰপৰা বহুতো মানুহ আহে। এইদৰে এখন ঠাইৰপৰা আন এখন ঠাই চাবলৈ অহাকে পৰ্যটন বোলে। ইয়াৰ পৰা পৰ্যটনে ভূগোল আৰু ইতিহাসৰ জ্ঞান বৃদ্ধি হয়। মনত বিমল আনন্দ প্ৰদান কৰে। নিবনুৱা সমস্য়া সমাধানত সহায় কৰে। বিভিন্ন ঠাইৰ যাতায়াত ব্য়ৱস্থা সম্পৰ্কে জ্ঞান বাঢ়ে।

২। অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্য়ানৰ নাম আৰু ইবোৰ কোন কোন জিলাত অৱস্থিত লিখা।

উত্তৰঃ অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্য়ানৰ নাম হ’ল- ওৰাং ৰাষ্ট্ৰীয় উদ্য়ান আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্য়ান। এইবোৰ ওদালগুৰি জিলাত আৰু শোণিতপুৰ জিলাত অবস্থিত।

৩। অসমৰ দুখন সংৰক্ষিত বনাঞ্চলৰ নাম আৰু কোন কোন জিলাত অৱস্থিত লিখা।

উত্তৰঃ অসমৰ দুখন সংৰক্ষিত বনাঞ্চলৰ নাম হ’ল- লখিমপুৰ জিলাৰ পাভ সংৰক্ষিত বনাঞ্চল আৰু বঙাইগাঁও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল।

৪। দুখন পক্ষী উদ্য়ানৰ নাম লিখা।

উত্তৰঃ দুখন পক্ষী উদ্য়ানৰ নাম হ’ল- জাতিংগা আৰু দীপৰ বিল।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping