অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন Chapter 2 | Class 4 Social Science Question and Answer |

১। অসমত বাস কৰা পাঁচটা জনজাতিৰ নাম লিখা।

উত্তৰঃ অসমত বাস কৰা পাঁচটা জনজাতিৰ নাম হ’ল মণিপুৰী, কছাৰী, কাৰ্বি, বড়ো, দেউৰী।

২।অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ কিদৰে ভাগ কৰিব পাৰি?

উত্তৰঃ অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহক ধৰ্মীয়, কৃষি-মবলক আৰু সামাজিক এই তিনিটা ভাগত ভাগ কৰিব পাৰি।

৩। অসমৰ জনগোষ্ঠীসমূহৰ প্ৰধান উৎসৱসমূহ লিখা।

উত্তৰঃ হিন্দুসকলৰ ধৰ্মীয় উৎসৱৰ ভিতৰত দুৰ্গা পূজা, ফাকুৱা, দীপাৱলী, ধৰ্মগুৰুসমকৰ জন্মোৎসৱ, তিথি আদি উল্লেখযোগ্য়। মুছলমানসকলৰ ঈদ-ফল-ফিটৰ, ঈদ-উজ-জোহা, ফাতেহা-ই-দোৱাজ দাহাম; খ্ৰীষ্টানসকলৰ বৰদিন, গুড ফ্ৰাইডে’; আহোমসকলৰ মে-ডাম-মে-ফি; চাহ বাগিচাৰ বনুৱা সম্প্ৰদায়ৰ কৰম আৰু টুচু পূজা; বড়োসকলৰ বাথৌ আৰু খেৰাই পূজা উল্লেখযোগ্য় ধৰ্মীয় উৎসৱ। অসমৰ জাতীয় উৎসৱ বিহু আৰু মিচিংসকলৰ আলি-আয়ে-লৃগাং হ’ল কৃষিভিত্তিক উৎসৱ।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—

১) মিচিং ______ এগেঃ গাছৰ

২) কাৰ্বি ______পিনিকামফ্লাক জাৰেক

৩) দেউৰী_____ মেখেলা-চাদৰ

৪) ৰাভা_______ৰিফান কান্দুং

৫) বড়ো______দখনা

৬) ডিমাচা______ৰিগু ৰিজাম্ফাই

Author By Maiur Rani Kashyap

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping