🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

অসমৰ যাতায়াত ব্য়ৱস্থা Chapter 5 | Class 4 Social Science Question and Answer |

১।চমু উত্তৰ দিয়া—-

(ক) অসমত কেইপ্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে?

উত্তৰঃ অসমত চাৰি প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে।

(খ) তোমাৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ নাম লিখা।

উত্তৰঃ মোৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো নাম হ’ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(গ) অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হ’ল গুৱাহাটীৰ বৰঝাৰত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

(ঘ) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো ক’ৰপৰা ক’লৈ গৈছে?

উত্তৰঃ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো বাইহাটা চাৰিআলিত আৰম্ভ হৈ মঙলদৈ-খাৰুপেটীয়া-তেজপুৰ-বিশ্বনাথ চাৰিআলি-নাৰায়ণপুৰ-উত্তৰ লখিমপুৰ-ধেমাজি হৈ জোনাইলৈ গৈছে।

(ঙ) অসমৰ লগত ভাৰতৰ সংযোগী পথ কোনটো?

উত্তৰঃ ভাৰতৰ মূল ঠেক ভূ-খণ্ড এটাইদি অসমক ভাৰতবৰ্ষৰ লগত সংযোগ কৰিছে।

২। অসমত কেইপ্ৰকাৰৰ ৰে’ল পথৰ সুবিধা আছে?

উত্তৰঃ অসমত দুইপ্ৰকাৰৰ ৰে’ল পথৰ সুবিধা আছে।

৩। অসমত থকা বিমান বন্দৰকেইটাৰ নাম লিখা।

উত্তৰঃ অসমৰ গুৱাহাটীৰ বৰঝাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে। তাৰ বাহিৰেও তেজপুৰৰ শালনি, যোৰহাটৰ ৰৰৈয়া ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী, শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰআছে।

৪। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন দলংৰ নাম লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন দলংৰ নাম হ’ল শৰাইঘাট দলং, নৰনাৰায়ণ সেতু, কলিয়াভোমোৰা দলং।

৫। ব্ৰহ্মপুত্ৰৰ ওপৰৰ কোনকেইখন দলংত পথ আৰু ৰে’ল পৰিবহন ব্য়ৱস্থা আছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট আৰু নৰনাৰায়ণ সেতু দলঙত পথ আৰু ৰে’ল পৰিবহণ ব্য়ৱস্থা আছে।

Autor By- Mayur Rani Kashyap

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop