অসম ৰাজ্য়ৰ পৰিচয় | Chapter 1 | Class 4 Social Science Question and Answer |

(১) চমু উত্তৰ দিয়া—

(ক) অসমৰ প্ৰাচীন নাম কি কি আছিল?

উত্তৰঃ অসমৰ প্ৰাচীন নাম আছিল প্ৰাগ্জ্য়োতিষপুৰ আৰু কামৰূপ।

(খ) কামাখ্য়া মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃকামাখ্য়া মন্দিৰটো নৰকাসুৰে নিৰ্মাণ কৰিছিল।

(গ) বাণৰজাই বৰ্তমানৰ কোনখন জিলাত ৰাজত্ব কৰিছিল?

উত্তৰঃ বাণৰজাই বৰ্তমান শোণিতপুৰ জিলাত ৰাজত্ব কৰিছিল।

(ঘ) অসমত আহোম ৰাজ্য় কেতিয়া স্থাপন হৈছিল?

উত্তৰঃ ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য় স্থাপন হৈছিল।

(ঙ) অসমৰ এখন ওখ পৰ্বতৰ নাম লিখা?

উত্তৰঃ অসমৰ এখন ওখ পৰ্বতৰ নাম হ’ল হিমালয়।

(চ) তোমাৰ নিজ জিলাখন কোনটো প্ৰাকৃতিক বিভাগত পৰে?

উত্তৰঃ মোৰ নিজৰ জিলাখন ব্ৰহ্মপুত্ৰ উপত্য়কাত পৰে।

(২) খালী ঠাই পূৰ কৰা—

(ক) ১৮২৬ চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়।

(খ) বৰাক উপত্য়কা অসমৰ দক্ষিণ দিশত অৱস্থিত।

(গ) কুচিয়াৰা নৈখন অসমৰ বৰাক উপত্য়কাত অৱস্থিত।

(ঘ) ভাস্কৰ বৰ্মনৰ দিনত অসমলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম হিউৱেন চাং

(ঙ) বৰ্তমান অসমৰ মুঠ জিলা ৩৩ খন।

Autor By- Mayur Rani Kashyap

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop