🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ভাৰতৰ সংস্কাৰ আন্দোলন Chapter 11 | Class 4 Social Science Question and Answer |

(১) ব্ৰিটছ শাসনৰ সময়ত ভাৰতীয় সমাজ ব্য়ৱস্থাৰ সমস্কাৰৰ বাবে কি কি অনুষ্ঠান গঢ় লৈ উঠিছিল?

উত্তৰঃ  ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয় সমাজ ব্য়ৱস্থাৰ সংস্কাৰৰ বাবে ব্ৰাহ্ম সমাজ, প্ৰাৰ্থনা সমাজ, আৰ্য সমাজ আৰু ৰামকৃষ্ণ মিছন অনুষ্ঠান গঢ় লৈ উঠিছিল।

(২) ভাৰতৰ চাৰিগৰাকী সমাজ সংস্কাৰকৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ চাৰিগৰাকী সমাজ সংস্কাৰকৰ নাম হ’ল ৰাজা ৰামমোহন ৰায়, কেশৱ চন্দ্ৰ সেন, স্বামী দয়ানন্দ সৰস্বতীয় আৰু স্বামী বিবেকানন্দ।

(৩)  ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই শুদ্ধ বাক্য়ৰে লিখা一

ক। ৰাজা ৰামমোহন ৰায়েব্ৰাহ্ম সমাজ স্থাপন কৰিছিল।
খ। কেশৱ চন্দ্ৰ সেনেপ্ৰাৰ্থনা সমাজ স্থাপন কৰিছিল।
গ। স্বামী দয়ানন্দ সৰস্বতীয়েআৰ্য সমাজ স্থাপন কৰিছিল।
ঘ। স্বামী বিবেকানন্দইৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল।

(৪) চমুটোকা লিখা—

প্ৰাৰ্থনা সমাজ- কেশৱ চন্দ্ৰ সেনে ১৮৬৭ চনত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ গঠন কৰিছিল। প্ৰাৰ্থনা সমাজৰ মুখ্য পৃষ্ঠপোষক আছিল ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰ আৰু মহাদেৱ গোৱিন্দ ৰাণাডে। প্ৰাৰ্থনা সমাজে ভাৰতীয় সমাজৰ সেই সময়ত প্ৰচলিত কু-প্ৰথাবোৰ দূৰীকৰণৰ বাবে প্ৰচেষ্ঠা চলাইছিল। তিৰোতা আৰু দুৰ্বল শ্ৰেণীলোকৰ উন্নতি সাধন, বিধৱাসকলৰ উন্নতি সাধন, ভিন্ন জাতিৰ মাজত বিবাহ প্ৰচলন আদি প্ৰাৰ্থনা সমাজৰ মুখ্য উদ্দেশ্য় আছিল। এই সমাজে অনাথ আশ্ৰম খুলি অনাথসকলৰ বাবে ভৰণ-পোষণৰ ব্য়ৱস্থা লৈছিল আৰু শিক্ষাৰ ব্য়ৱস্থা কৰিছিল।  

ৰামকৃষ্ণ মিছন- ১৮৯৬ চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল। ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ ভেদাভেদ থকা উচিত নহয়। এই মিছনৰ মতে সকলো ধৰ্মৰ নীতি আৰু মূল লক্ষ্য় এক। এই মিছনে বহুতো স্কুল, চিকিৎসালয় আদি সমাজৰ দুৰ্বল লোকসকলৰ সহায়ৰ কাৰণে স্থাপন কৰিছিল আৰু বৰ্তমানেও সেইবিলাকে সক্ৰিয়ভাৱে সেৱা আগবঢ়াই আছে। 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop