🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

হিংসা নকৰোঁ কাকো | Class 8 Assamese Chapter 9 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Assamese Lesson 9 Solution |

পাঠ ৯

হিংসা নকৰোঁ কাকো

১। কবিতাটো সাধুৰূপত তােমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ অনাদি চলিহা নামে এজন মাছৰ খঁকুৱা আছিল । তেওঁ সাজে প্ৰতি চিতল, ভকুৱা, পুঠি ,গৰৈ, চেঙেলি, কাৱৈ, ভেছেলি, দেও-দৰিকণা, ৰৈ, শাল-শিঙি-পাত, পাটী-মুতুৰা বহুবোৰ মাছ খাই । এদিন চলিহাই শুই থাকোঁতে এটা সপোন দেখিলে । বৰদলনিৰ পোনামাছবোৰ দলে দলে আহি চলিহাৰ গাত বগুৱাই-বাই ফুৰিছে । চলিহা বেচেৰা কুট্-কুটনিত থাকিবকে’ পৰা নাই । সেই সময়তে মাছবোৰে চলিহাক কৈছিল যে- তই ইমান হিংসুকীয়া তোৰ কাৰনে মাছবোৰ বিলতো নচৰে পুখুৰীতো নাইকিয়া । আৰু খাবি জানো, মিছা-মাছে এই বুলি শুং কিডালেৰে নাকৰ ফুটাত সুৰ সুৰি দিলে । হাঁচিয়াই হাঁচিয়াই চলিহাই সাৰ পালে । চলিহই মনে মনে আওৰালে “জীৱ হিংসা কৰা মহাপাপ” আৰু চলিহাই সেইদিনাৰ পৰা মাছ, মঙহ, কণী সকলো এৰিলে । আৰু সেই দিনাৰ পৰা চলিহাই মাথোন কোমোৰা, বেঙেনা আৰু দাইলৰ পানীহে খোৱাৰ সিধান্ত ললে । চলিহাই আকৌ ভাবিলে গাখীৰ খালেও ভয় আছে নেকি ? যদি সপোনত আহি নেজেৰে নাকত গৰুৱে কোবায় বোলি । যদি গৰুৱে নেজেৰে নাকত কোবাই কাহি কাহি তৰণি নেপাব । সপোনত শুং সোমাওতেই হাঁচিয়াই মৰিছিলোঁ, এইবাৰ যদি শিঙেৰে খুচিব লগালে কি হ’ব ? এই ভাবি চলিহাই গাখীৰো এৰি দিলে । মন নহলেও ৰঙা চাহ খায় নিতউ গধূলি পুৱা । চলিহাই মাছ, দৈ, কণী সকলো খাবলৈ এৰি খীণাই গ’ল । চলিহাই ভাবিলে জীৱক হিংসা নকৰাকৈ বাৰু মাছ খাব নোৱাৰিনে ? দিনে ৰাতিয়ে চলিহাই তাকে ভাবিবলৈ ললে । শেষত এদিন বুধিটো ভাবি উলিয়ালে । এদিন বজাৰলে দিলে লৰ । বজাৰল গৈ এটা ডাঙৰ খালৈত একুৰি মাছ ভৰাই আনিলে । ঘৰলৈ আহি চোতালত এটা খুঁটি পুতি লৈ এচটা চিৰ বান্ধিলে । চিৰৰ তলতে জুই ধৰি সকলোকে মাতি আনি কলে “চাহি চাৰ্কাচ্ । একুৰি কাৱৈ মাছ এচটা কামিৰে খোজ কাঢ়ি যাব । চিৰিৰ এটা মূৰৰপৰা এটা এটাকৈ মাছ বোৰ এৰি দি জাৱলৈ দিলে । আৰু কলে পাৰ হব পাৰিলে যাব মোৰ হাতৰ পৰা সাৰিব পাৰিব আৰু নোৱাৰিলে জুইতে পৰিব আৰু পোৰা মাছ পালে খাব পাৰোঁ । আৰু চলিহাই কলে মই কিন্তু কাকো হিংসা নকৰো । তাৰে ঊনৈশটা মাছ পৰিল গল । তাৰে এটা মাছ পৰোঁ নপৰোঁকৈ পাৰ হল । তাকো খাবৰ মনেৰে সুধিলে- পাৰ হব পাৰিলি নে ? মনকে কৰিব নোৱাৰিলোঁ মই আকউ লাগিব চাব ।

২। চমু উত্তৰ দিয়াঃ

ক) অনাদি চলিহাৰ ঘৰ ক’ত? তেওঁ কেনে প্ৰকৃতিৰ লােক? 

উত্তৰঃ আমোলাপটিৰ চলিহাৰ ঘৰ । তেওঁ মাছৰ খঁকুৱা ।

খ) কবিতাটোত উল্লেখ কৰা মাছবােৰৰ নাম লিখা। 

উত্তৰঃ চিতল,ভকুৱা, গৰৈ, চেঙেলি, কাৱৈ, ভেছেলি, দেও-দৰিকণা, ৰৌ, শাল-শিঙি-পাভৰ, পোনামাছ আৰু মিছা-মাছ ।  

গ) সপােন চলিহাই কি দেখিলে বুজাই লিখা।

উত্তৰঃ  এদিন সপোনত চলিহাই দেখিলে, বৰদলনিৰ পোনামাছবোৰে ভেটা ভাঙি দলে দলে আহি চলিহাৰ গাত বগুৱা বাই ফুৰিছে। কুটকুটনিত থাকিবকে পৰা নাই। শুং কেইডালেৰে নাকৰ ফুটাত সুৰ সুৰি দিলে।

ঘ) সপােনৰ পিছত চলিহাই মনে মনে কি আওৰালে?

উত্তৰঃ সপোনৰ পিছত চলিহাই মনে মনে আওৰালে-“জীৱক হিংসা কৰা মহাপাপ ” ।

ঙ) সপোন দেখাৰ পিছত চলিহাই কি সিদ্ধান্ত ল’লে? 

উত্তৰঃ সপোন দেখাৰ পিছত চলিহাই মাছ, মাঙহ, কণী এৰিম বুলি সিদ্ধান্ত ল’লে ।

চ) গাখীৰ খাবলৈ চলিহাৰ কিয় ভয় হল?

উত্তৰঃ যদিহে সপোনত নেজেৰে নাকত গৰুৱে কোবায় আৰু শিঙেৰে খুচিব বোলি গাখিৰ খাবলৈ চলিহাৰ ভয় হল ।

ছ) চলিহা কিয় খীণাই গ’ল?

উত্তৰঃ  মাছ, দৈ. কণী এৰাৰ কাৰনে চলিহা খীণাই গল ।

৩। জীৱ হিংসা নকৰাকৈ চলিহাই কিদৰে মাছ খােৱাৰ উপায় উলিয়ালে বুজাই লিখা।

উত্তৰঃ এদিন তেওঁ কুৰিটা কাৱৈ মাছ এটা খালৈত ভৰাই আনিলে ।ঘৰলৈ আহি তেওঁ এচটা চিৰি বান্ধিলে । আৰু চিৰিৰ তলত খৰিৰ জুই ধৰিলে আৰু সকলোকে মাতি ক ‘লে চাৰ্কাচ চাহি আহ এনেকৈ এডাল চৰিৰ ওপৰেদি কাৱৈ মাছ পাৰ হব ।পিছত তেওঁ কলে জদি কুৰিটা মাছ চিৰিয়ে দি পাৰ হব পাৰে তেতিয়া তেওঁৰ হাত এখন সৰি পৰিব আৰু যদি নোৱাৰে মাছকেইটা জুইত পৰিব । আৰু পোৰা মাছ পালে তেওঁ খাব পৰে তেওঁ কাকো হিংসা নকৰে ।এনেকৈ ঊনৈশটা কাৱৈ মাছ চিৰিয়ে দি পাৰ হব নোৱাৰি জুইত পৰিল । এটা পাৰ হৈ গ’ল । পাৰ হৈ যোৱা মাছটোকো তেওঁ ক’লে ” পাৰিলিনে পাৰ হ’ব ? মনকে কৰিব নোৱাৰিলোঁ মই আকউ লাগিব চাব ।”

৫। ভাবার্থ লিখাঃ

ক) মাছৰ তেলেদি মাছ ভজা।

উত্তৰঃ সাধাৰনতে সৰিয়হৰ তেলেৰে মাছ ভজা হয় । কিন্তু ইয়াত সৰিয়হৰ তেল খৰছ নকৰি মাছৰ তেল অৰ্থাৎ মাছৰ চৰ্ব্বিতে মাছ ভজা হৈছে । অৰ্থাৎত ইয়াত মূলধনত হাত নিদিয়াকৈ কোনো কাৰ্য কৰা ।

খ) মহন্তৰ চিন মাহনিত।

উত্তৰঃ লহপহকৈ হোৱা লুমালুমে লাগি থকা মাহনিত সোমালে দুটা মাহ ছিঙি খাবলৈ বা দুজোপা উঘালি আনি খাবলৈ স্বাভাৱিকতে লোভ লাগে। এই লোভ সামৰা বৰ টান; অথচ তাৰ পৰা সামান্য় হ’লেও গৰাকীৰ হানি হয়। লোভৰ বশৱৰ্তী সাধাৰণ মানুহৰ সেই কথা চিন্তালৈ নাহে; গতিকে মাহনিত সোমালে মাহ খাবই। কিন্তু যিসকল জ্ঞানীলোক তেওঁলোকৰ বিবেচনাই সেই কথা ঢুকি পায় বাবে লোভ সম্বৰণ কৰে। যি সকল প্ৰকৃত মহন্ত অৰ্থাৎ জ্ঞানী তেওঁলোকক ভোগৰ সম্ভাৰৰ মাজত সহজে চিনি পোৱা যায়; তেওঁলোকে হাজাৰ ভোগৰ সামগ্ৰীৰ মাজতো লোভ সম্বৰণ কৰি চলে। এতেকে যি ভোগৰ উভৈনদী সম্ভাৰ পায়ো লোভ সম্বৰণ কৰে, তেওঁহে প্ৰকৃত মহন্ত।

৭। অৰ্থৰ পাৰ্থক্য দেখুৱাই বাক্য সাজাঃ

পুঠি ( এবিধ মাছ )ঃ পুঠি মাছ খালে দৃষ্টিশক্তি সক্ৰয় হয় ।

পুথি ( কিতাপ )ঃ পুথি পঢ়িলে বহুতো জ্ঞান আৰু শব্দৰ জ্ঞান অৰ্জন কৰিব পাৰি । খালি ভাত খাব নোৱাৰা হ’ল ।

পানী ( জল )ঃ পানীৰ অবিহনে কোনো জীৱই জীয়াই থাকিৱ নোৱাৰে ।

পাণি( হাত )ঃ সৰস্বতীৰ পাণিত বিনা থাকে ।

বহি ( শৰীৰৰ অংগি ভংগি )ঃ সিতাই পঢ়া শুনা নকৰাকৈ বহি বহি সময় বিলাক পাৰ কৰিছে ।

বহী ( লেখন সামগ্ৰী )ঃ বহীত আমি প্ৰশ্ন উত্তৰ লিখিব পাৰো ।

৮। লিংগ পৱিৰ্তন কৰাঃ

চলিহী     = চলিহা ।  

বৰুৱা     = বৰুৱানী।

কলিতা   = কলিতানী ।  

শইকীয়া = শইকীয়ানী  ।    

বৰা        = বৰানী ।

Type By – Kishor Nath

Author By- Rajashree Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop