🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | অধ্য়ায় ১ | Chapter 1 | ডাক্তৰ মামাৰ কথা | Class 3 Niti Mallika Book Sankardev School Question Answer | এই পাঠটি সকলো প্ৰশ্ন উত্তৰ পাব |

অধ্য়ায় ১

ডাক্তৰ মামাৰ কথা

আৰ্হি প্ৰশ্নঃ

(ক) গৰমৰ বন্ধৰ দিনা সপোনটিহঁতে পুৱাতে কি বিচাৰি ওলাই গৈছিল?

উত্তৰঃ গৰমৰ বন্ধৰ দিনা সপোনটিহঁতে পুৱাতে ফুল বিচাৰি ওলাই গৈছিল।

(খ) গৰমৰ বন্ধৰ দিনা সপোনটিহঁতৰ বিদ্যালয়লৈ কোন আহিছিল?

উত্তৰঃ গৰমৰ বন্ধৰ দিনা সপোনটিহঁতৰ বিদ্য়ালয়লৈ ডাক্তৰ মামা আহিছিল।


(গ) ডাক্তৰ মামাই সপোনটিহঁতক কিহৰ বিষয়ে ক’বলৈ আহিছিল ?
উত্তৰঃ
ডাক্তৰ মামাই সপোমটিহঁতক অসুখ-বিসুখৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি,তাৰে কিছু প্ৰাথমিক কথা  ক’বলৈ আহিছিল।


(ঘ) শৰীৰ সুস্থ ৰাখিবলৈ গৰমৰ দিনত কি খোৱা উচিত?
উত্তৰঃ শৰীৰ সুস্থ ৰাখিবলৈ গৰমৰ দিনত যথেষ্ট বিশুদ্ধ পানী খোৱা উচিত।


(ঙ) স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক কথাখিনি চমুকৈ লিখা ৷

উত্তৰঃ

স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক কথাখিনি হ’লঃ

    আমাৰ শৰীৰটো কেইটামান অংগ যেনে চকু, কাণ, দাঁত, নখ আদিৰ কেনেকৈ যন্ত লব লাগে তাকে শুনা।

চকুঃ চকু নহলে আমি একো নেদেখো। সেইবাবে চকু ভালদৰে ৰাখিবলৈ সদায় পৰিষ্কাৰ পানীৰে চকু ধুব লাগে আৰু চকু ভালে ৰাখিব কাৰণে সেউজীয়া শাক-পাচলি খাব লাগে। চকুৰ অসুখ হ’লে ডাক্তৰ দেখুৱাই পৰিক্ষা কৰিব  লাগে ।

কাণঃ আমি কাণেৰে শুনো কাণ নহলে আমি একো নুশুনা হম সেইবাবে কাণত মলি জমা হ’বলৈ দিব নালাগে, কাণ মাজে-সময়ে পৰিষ্কাৰ কৰিব লাগে। কাণৰ বিষ বা কাণ পকিলে ডাক্তৰ সহায় লব লাগে।

দাঁতঃ দাঁতৰ সহায়ত আমি আহাৰ চোবাই খাওঁ। আহাৰ ভালদৰে চোবাই নাখালে পেটৰ অসুখ হ’ব পাৰে। সেয়ে দাঁত ভালদৰে ৰাখিবলৈ পুৱা আৰু ৰাতি আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰি পৰিষ্কাৰ কৰি ৰাখিব লাগে। বেছি মিঠাই খাব নালাগে। দাঁত ভালদৰে ৰাখিবলৈ গাখীৰ খাব লাগে।

নখঃ আঙুলিৰ নখ সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে কাৰণ নখ চুটিকৈ নাকাটিলে নখৰ মাজত মলি সোমাই থাকিব পাৰে। আমি আহাৰ খাওঁতে নখৰ মলি খাদ্যৰ লগত আমাৰ পেটলৈ যাব পাৰে। এনে মলিয়ে পেচৰ অসুখ হব পাৰে। সেইদৰে চুলি,ছাল আদিও পৰিষ্কাৰ কৰি ৰাখিব লাগিব।

     গৰমত মানুহৰ অসুখ-বিসুখবোৰ বেছিকৈ হৈ সেইবাবে আমি বিশুদ্ধ পানী খাব লাগে। পুৱাই মূল-মূত্ৰ ত্যাগ কৰিব লাগে, পৰিষ্কাৰকৈ গা ধোৱা,পৰিষ্কাৰ কাপোৰ পিন্ধায়। শৌচাগাৰলৈ য়াওঁতে চেণ্ডেল ব্যৱহাৰ কৰা, আহাৰ খোৱা আগত পৰিষ্কাৰ পানীৰে হাত ধুৱ লাগে , আহাৰ খোৱাৰ পাছত পৰিষ্কাৰ কৰি হাত ধুব লাগে, খোৱাৱস্তু ঢাকি ৰাখিব লাগে, কপাহী কাপোৰ পিন্ধিব লাগে ইত্যাদি।

এনেদৰে ডাক্তৰ মামাই কথা খিনি কৈছিল

Question Answer By Bikash Bora

 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop