🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | হাঁহ আৰু কাছ | Chapter 11 | অধ্য়ায় ১১ | Class 3 Niti Mallika Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

হাঁহ আৰু কাছ

অধ্য়ায় ১১

আৰ্হি প্রশ্নঃ

(ক) কাছটোক কম্বুগ্ৰীৱ কিয় বুলিছিল ?

উত্তৰঃ কাছটো ডিঙিটো আছিল দেখিবলৈ শঙ্খৰ দৰে; সেইবাবে তাক সকলোৱে কম্বুগ্ৰীৱ বুলিছিল।

(খ) হাঁহ দুটাৰ নাম কি আছিল ?
উত্তৰঃ
হাঁহ দুটাৰ নাম হ’ল সংকট আৰু বিকট।


(গ) কাছটোৱে কি কাৰণে দুখ কৰিছিল?
উত্তৰঃ
কাছটোৱে দুখ কৰা কাৰণ সৰোবৰ পানী শুকাই যোৱা বাবে কাৰণ সৰোবৰ পানী শুকাই গ’লে সি জীয়াই থাকিব নোৱাৰিব সেইবাবে কাছটোৱে দুখ কৰিছিল।


(ঘ) কম্বুগ্ৰীৱে বিপদৰ পৰা পৰিত্ৰাণৰ উপায় হিচাবে হাঁহ দুটাক কি কৈছিল ?
উত্তৰঃ
কম্বুগ্ৰীৱে বিপদৰ উপায় আছিল তোমালোকে এদাল কাঠৰ লাঠি যোগাৰ কৰা আৰু বেছি পানী থকা এখন সৰোবৰ কথা খবৰ কৰা। তাৰ পাছত মই কাঠৰ লাঠিডালৰ মাজভাগত মুখৰে কামুৰি ধৰি থাকিম। তোমালোকে দুয়োজনে লাঠিৰ দুয়ো মূৰে কামুৰি ধৰিবা আৰু মোক এই সৰোবৰ লৈ উৰুৱাই লৈ যাবা। এইটো উপাই আছিল।


(ঙ) হাঁহ দুটাই কম্বুগ্ৰীৱক কেনেকৈ উৰুৱাই লৈ গৈছিল?
উত্তৰঃ
হাঁহ দুটাই কম্বুগ্ৰীৱক এডাল কাঠৰ লাঠিত কম্বুগ্ৰীৱয়ে কামুৰি ধৰিলে আৰু হাঁহ দুটাই দুয়ো মূৰে কামুৰি ধৰি উৰাই নিলে।


(চ) কম্বুগ্ৰীৱৰ শেষ পৰিণতি কি হ’ল?

উত্তৰঃ কম্বুগ্ৰীৱৰ শেষ পৰিণতি মৃত্যু হ’ল।

(ছ) সাধুটোৰ পৰা কি নীতিশিক্ষা পালা ?

উত্তৰঃ সাধুটোৰ পৰা আমি এইটো নীতিশিক্ষা পালোযে যি কোনো কাম কৰা আগতে কামটো ভাল নে বেয়া,সম্ভাব্য বিপদ-আপদ,লাভ-লোকচনাৰ কথাবোৰ বিচাৰ-বিবেচনা কৰিব লাগে।

Question Answer By Bikash Bora

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop