🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 3 Niti Mallika Sankardev School | ৰামভক্ত মহাবীৰ হনুমান | Chapter 9 | অধ্য়ায় ৯ | Class 3 Niti Mallika Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

ৰামভক্ত মহাবীৰ হনুমান

অধ্য়ায় ৯

আৰ্হি প্রশ্নঃ

(ক) হনুমানৰ পিতৃ-মাতৃৰ নাম কি আছিল ?
উত্তৰঃ
হনুমানৰ পিতৃৰ নাম বায়ুদেৱতা আৰু মাতৃৰ নাম অঞ্জনা আছিল।


(খ) হনুমানে শ্ৰীৰামচন্দ্ৰক ক’ত লগ পাইছিল?
উত্তৰঃ
অৰণ্যৰ মাজে মাজে সীতাদেৱীক বিচাৰি ফুৰোতে শ্ৰীৰাম বনৰ মাজত হনুমানে ৰামচন্দ্ৰক লগ পাইছিল।


(গ) হনুমানে লংকা নগৰীত কেনেকৈ প্ৰৱেশ কৰিছিল ?
উত্তৰঃ
হনুমানে লংকাত সাগৰৰ পাৰত থিয় হৈ আকাশেদি এশ যোজন দীঘল জাঁপ মাৰি লংকাত প্ৰৱেশ কৰে।


(ঘ) ৰাৱণে সীতাক ক’ত বন্দী কৰি থৈছিল ?
উত্তৰঃ
ৰাৱণে সীতাক অশোক বনত বন্দী কৰি ৰাখিছিল।


(ঙ) লংকা নগৰীত হনুমানক কোনে বন্দী কৰিছিল ?
উত্তৰঃ
লংকা নগৰীত হনুমাক ৰাৱণপুত্ৰ ইন্দ্ৰজিতে বন্দী কৰি ৰাজসভালৈ লৈ যায়।


(চ) বন্দী হনুমানক কি শাস্তি দিয়া হৈছিল আৰু হনুমানে কি কৰিছিল?
উত্তৰঃ
বন্দী হনুমানক নেজত কাপোৰ বান্ধি জুই লগাই দিলে। হনুমানে নিজ শক্তিৰে বিৰাট ৰূৰ ধাৰণ কৰি নেজৰ জুইৰে লংকা নগৰী জ্বলাই ধ্বংস কৰে।


(ছ) হনুমানে ঔষধ বিচাৰি নাপাই দাঙি অনা পৰ্বতখনৰ নাম কি আছিল ?
উত্তৰঃ
হনুমানে ঔষধ বিচাৰি নাপাই দাঙি অনা পৰ্বতখনৰ নাম আছিল গন্ধমাদন।


(জ) হনুমানৰ ৰামভক্তিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ হনুমানৰ ৰামৰ ভক্তি প্ৰতি থকা অটল ভক্তিৰ পৰিচয় পোৱা যায়, যেতিয়া ৰামে বনবাস কাল কটাইছিল। হনুমানে সিতাৰ খৱৰ আনি দিছিল লংকাৰ পৰা। ৰাৱণৰ লগত ৰামৰ ফালে হৈ যুদ্ধ কৰিছিল। ৰাম ৰাৱনৰ যুদ্ধত লক্ষ্মন আঘাতপ্ৰাপ্ত হোৱাত লক্ষ্মনক সুস্থ কৰিবলৈ গন্ধমাদন পৰ্বত দাঙি আনিছিল। হনুমান ৰামৰ পৰম ভক্ত। তেওঁ ৰামৰ বিপদৰ সময়ত গাৰ ছাঁৰ দৰে কাম কৰিছিল। হনুমানৰ বুকুত ৰাম সীতাৰ ছবি অংকিত হৈ আছিল। আমি ইয়াৰ দ্বাৰা গোম পাওঁ যে ৰামৰ প্ৰতি হনুমানৰ কিমান ভক্তি আছিল।

Question Answer By Bikash Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop