🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ Chapter 19 | Class 4 Social Science Question and Answer |

(১) পৃথিৱীৰ আকাৰ কেনেকুৱা? পৃথিৱীৰ আকাৰ কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ:- পৃথিৱীৰ আকাৰ গোলাকাৰ যদিও ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুটা কিছু ভিতৰলৈ সোমোৱা। পৃথিৱীৰ আকাৰ ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি।

(২) পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য় প্ৰমাণ দাঙি ধৰা।

উত্তৰ:- পৃথিৱীৰ আকাৰ বিষয়ে তিনিটা নিৰ্ভৰযোগ্য় প্ৰমাণ তলত দাঙি ধৰা হ’ল – 

১। মহাকাশযানবোৰে পঠোৱা আলোকচিত্ৰবোৰত পৃথিৱীখন গোলাকাৰ দেখা যায়। গতিকে পৃথিৱীৰ আকাৰ গোলাকাৰ।

২। চন্দ্ৰ গ্ৰহণৰ সময়ত পৃথিৱীৰ ছাঁটো ঘূৰণীয়া হৈ চন্দ্ৰৰ ওপৰত পৰে। পৃথিৱীখন গোলাকাৰ নোহোৱা হ’লে ছাঁটোও গোলাকাৰ নহ’লহেঁতেন।

৩। পৃথিৱীৰ সকলো ঠাইত সূৰ্যৰ পোহৰ একে সময়তে নপৰে। গোলাকাৰ নোহোৱা হ’লে সূৰ্যৰ পোহৰ সকলো ঠাইতে একে সময়তে পৰিলেহেঁতেন।

(৩) পৃথিৱীৰ আৱৰ্তন বা আহ্ণিক গতি কাক বোলে? ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন লিখা।

উত্তৰ:- পৃথিৱীখন নিজ মেৰু দণ্ডত পশ্চিমৰ পৰা পূৱলৈ এপাক ঘূৰিবলৈ ২৪ ঘণ্টা সময় লাগে। এইদৰে পৃথিৱীয়ে ২৪ ঘণ্টাত এপাক ঘূৰা গতিটোক পৃথিৱীৰ আহ্নিক গতি বোলে।

    ইয়াৰ ফলত হোৱা তিনিটা পৰিৱৰ্তন হ’ল – 

১। পৃথিৱীত আহ্নিক গতিৰ বাবেই দিন-ৰাতি হয়।

২। পৃথিৱীৰ আহ্নিক গতিৰ বাবেই আমি সময় গণনা কৰিব পাৰো।

৩। পৃথিৱীৰ আহ্নিক গতিৰ বাবেই বতাহ আৰু সাগৰীয় সোঁতৰ দিশৰ পৰিৱৰ্তন হয়।


(৪) বাৰ্ষিক গতি কাক বোলে আৰু ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰ:- পৃথিৱীয়ে নিৰ্দিষ্ট কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গতিটোক পৃথিৱীৰ পৰিভ্ৰমণ বা বাৰ্ষিক গতি বোলে। 

    ইয়াৰ ফলত হোৱা দুটা পৰিৱৰ্তন হ’ল – 

১। পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলতেই দিন-ৰাতিৰ চুটি-দীঘল হয়।

২। পৃথিৱীৰ বাৰ্ষিক গতিৰ বাবেই ঋতু পৰিৱৰ্তন।

(৫) এটা গোলক আঁকি তাত মেৰুব্য়াস, দ্ৰাঘিমা ৰেখা, অক্ষ ৰেখা আৰু বিষুৱ ৰেখাৰ চিত্ৰ অংকন কৰা।

উত্তৰঃ সকলো ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিবা।

Autor By- Mayur Rani Kashyap

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop