🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

প্ৰত্য়াগত | Class 8 Assamese Chapter 15 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Assamese Lesson 15 Solution |

পাঠ ১৫ 

প্ৰত্যাগত

১) উত্তৰ লিখাঃ

ক) কোনে হাৰ্টৰ অপেৰেশ্যন কৰে?

উত্তৰঃ লেখকে হাৰ্টৰ অপেৰেশ্য়ন কৰে

খ) হাৰ্ট ট্ৰেস্নপ্লেন্ট কেনেদৰে কৰে?

উত্তৰঃ দুৰ্ঘটনা আদিত মগজু সম্পূৰ্ণৰূপে অকাৰ্ষক্ষম হৈ পৰা কিন্তু স্পন্দন থকা ৰোগীৰ হৃদপিণ্ড সংগ্ৰহ কৰি গ্ৰীহক ৰোগীৰ শৰীৰত স্থাপন কৰা হয়।

গ) হৃদযন্ত্ৰটোৰ কি পদ্ধতিৰে কিছুদিনলৈ সংৰক্ষন কৰা হয়?

উত্তৰঃ  হৃদযন্ত্ৰটো ‘ভিট্ৰিফিকেশ্য়ন’ পদ্ধতিৰে কিছুদিনলৈ সংগ্ৰহ কৰা হয়।

ঘ) হাৰ্ট ট্ৰেন্সপ্লেণ্টৰ দ্বাৰা কিদৰে মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয়?

উত্তৰঃ মানুহৰ শৰীৰৰ কেইবাটাও মূখ্য় অংগৰ ভিতৰত হাৰ্টও এটা মূখ্য় অংগ যাৰ সহায়ত মানুহে জীয়াই থাকে আৰু হাৰ্ট অবিহনে মানুহৰ মৃত্য়ু অৱশ্য়ম্ভাবী। কিন্তু মানুহৰ শৰীৰত থকা হাৰ্টটো যদি কিবা কাৰণত অকামিলা হৈ যায় আৰু সময়মতে এটা হাৰ্ট পোৱা যায় তেতিয়া ট্ৰেস্নপ্লেন্টৰ সহায়ত মানুহৰ শৰীৰৰ পুনৰ সক্ৰিয় হৱ পাৰে।কাৰ্ডিঅ’থ’ৰাছিক চাৰ্জনে অপাৰেশ্য়ন কৰি দুৰ্ঘটনা আদিত মগজু সম্পূৰ্ণ ৰূপে অকাৰ্যক্ষম হৈ পৰা কিন্তু স্পন্দন থকা হৃদপিণ্ড সংগ্ৰহ কৰি গ্ৰহক ৰোগীৰ শৰীৰত স্থাপন কৰে । এইদৰে হাৰ্টট্ৰেস্নপ্লেন্ট কৰি মানুহৰ শৰীৰ পুনৰ সক্ৰিয় কৰা হয়।

ঙ) ৰথীন বৰুৱাই হাৰ্টট্ৰেস্নপ্লেণ্ট ক’ত আৰু কোনে কৰিছিল?

উত্তৰঃ ৰথীন বৰুৱাই হাৰ্টট্ৰেস্নপ্লেণ্ট আমেৰিকাৰ মিছিগানৰ ‘হেনৰি ফ’ৰ্ড ইনষ্টিটিউট’ত আৰু ‘ব্ৰৱাৰ ৰবাৰ্ট’ নামৰ এজন ছাৰ্জনে কৰিছিল।

চ) ৰথীন বৰুৱাৰই তেওঁৰ হাৰ্ট ৰেট কিদৰে কমি নৰ্মেল হব বুলি কৈছিল?

উত্তৰঃ হাৰ্টৰ অপাৰেশ্য়নত হেনো ভেগাছ নামৰ নাৰ্ভ এডাল কটা যায়। সেইডাল হেনো সময়ত জোৰা লাগিব আৰু তেতিয়া হাৰ্ট ৰেট কমি নৰ্মেল হ’ব।

ছ) কেলি পাৰকিনছ কোন?

উত্তৰঃ কেলি পাৰকিনছ হৈছে এজন পৰ্বতাৰোহী। তেওঁ হাৰ্ট ট্ৰেন্সপ্লেণ্ট কৰাৰ পিছত কেবাটাও ওখ শৃংগ আৰোহণ কৰিছে। তেওঁৰ উদ্দেশ্য় হৈছে বিশ্ববাসীক হাৰ্ট ট্ৰেন্সপ্লেণ্টৰ নিৰাপদতাৰ বিষয়ে অৱগত কৰোৱা।

জ) ক্ৰায়’প্ৰিজাৰ্ভেশ্যন কি?

উত্তৰঃ ক্ৰায়’প্ৰিজাৰ্ভেশ্যন হৈছে কোনো জীৱৰ মৃত্য়ুৰ পিছত তেওঁৰ দেহৰ যিকোনো এটা অংগ সক্ৰিয় হৈ থাকিলে সেই অংগ সংৰক্ষণ কৰাৰ এক ব্য়ৱস্থা।

ঝ) ৰথীন বৰুৱাৰ হাৰ্টৰ কি ৰোগ হৈছিল?

উত্তৰঃ ৰথীন বৰুৱাৰ হাৰ্টৰ কাৰ্ডিঅ’মায়’পেথি ৰোগ হৈছিল।

ঞ) ক্ৰায়’নিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই কি চুক্তি কৰিছিল?

উত্তৰঃ ক্ৰায়’নিক ইনষ্টিটিউটৰ লগত ৰথীন বৰুৱাই চুক্তি কৰিছিল যে – যদি তেওঁৰ মৃত্য়ু হয়, তেন্তে তেওঁৰ মৃতদেহটো তেওঁলোকৰ ব্য়ৱস্থাৰে জুলীয়া নাইট্ৰ’জেন টেংকিত সংৰক্ষণ কৰিব আৰু যেতিয়া তেওঁৰ ৰোগৰ সুচিকিৎসা ওলাব বা অপাৰেশ্য়ন সম্ভৱ হ’ব তেতিয়া তেওঁলোকে সম্পূৰ্ণ ব্য়ৱস্থা কৰি তেওঁক পুনৰ জীয়াই তুলিব।

২) সন্ধি ভাঙাঃ

প্ৰত্যাগত             =      প্ৰতি         +     আগত।

প্ৰত্যাৰোপণ        =      প্ৰতি         +     ৰোপণ।

অস্ত্ৰোপচাৰ        =      অস্ত্ৰ         +     উপাচাৰ।

যোগাযোগ         =       যোগ        +      যোগ।

যাতায়াত            =          যাত         +     আয়াত।

প্ৰতিষ্ঠান            =        প্ৰতি        +      স্থান।

পুনৰ্জীৱন         =       পুনঃ         +      জীৱন।

তদুুপৰি            =         তৎ          +      উপৰি।

সংৰক্ষণ           =         সম          +      ৰক্ষণ।

বিপদজ্জনক   =          বিপদগ   +      জনক।

ভাৰাক্ৰান্ত        =           ভাৰ         +      আক্ৰান্ত।

৩) পাঠটো তোমাৰ নিজৰ কথাৰে সজাই লিখা।

উত্তৰঃ 

৪) উক্তি পৰিৱৰ্তন কৰা।

ক) মই তেওঁক কলো, মোৰ কিন্তু চিন্তা হৈছে।

উত্তৰঃ মই তেওঁক ক’লো যে মোৰ কিন্তু চিন্তা হৈছিল।

খ) মানুহজনে ক’লে, “মােৰ চিনাকি দিলে তুমি বিশ্বাস নকৰিবা।”

উত্তৰঃ মানুহজনে ক’লে যে তেওঁৰ চিনাকি দিলে বিশ্বাস নকৰিব।

গ) সীমাই সেইবাৰলৈ তেওঁক ক্ষমা কৰিবলৈ অনুৰােধ কৰিলে।

উত্তৰঃ সীমাই ক’লে, “অনুৰোধ কৰি এইবাৰলৈ মোক ক্ষমা কৰি দিয়ক।”

ঘ) তেওঁ মােক সুধিলে, ”কালি তােমালােকৰ ঘৰলৈ কোন আহিছিল?”

উত্তৰঃ তেওঁ মোক সুধিলে যে সেইদিনা আমাৰ ঘৰলৈ কোন আহিছিল

ঙ) তেওঁ ক’লে , “এইবাৰলৈ মােক ৰক্ষা কৰক।”

উত্তৰঃ তেওঁ এইবাৰলৈ তেওঁক ক্ষমা কৰি দিবলৈ অনুৰোধ কৰিলে।

চ) শিক্ষকে কৈছিল , “মানুহ অমৰ নহয়।”

উত্তৰঃ শিক্ষকে কৈছিল যে মানুহ অমৰ নহয়।

৫) তলৰ বাক্যবােৰত থকা ভুলবােৰ শুধৰােৱাঃ

ক) তেখেতে ক’লে, ৰাইজসকল, আপােনালােকৰ ভাল হওক।

উত্তৰঃ  তেখেতে ক’লে, ৰাইজ, আপােনালােকৰ ভাল হওক।

খ) তােমাৰ খুৰীৰ ঘৰ ক’ত?

উত্তৰঃ তোমাৰ খুৰীয়েৰাৰ ঘৰ ক’ত?

গ) তুমি আজি সন্ধিয়া মােক লগ ধৰিবা।

উত্তৰঃ তুমি আজি সন্ধিয়ালৈ মোক লগ ধৰিবা।

ঘ) তােমাৰ বাবে ৰখিবলৈ মােৰ সময় নাই।

উত্তৰঃ তোমাৰ বাবে ৰ’বলৈ মোৰ সময় নাই।

ঙ) নটা বজাত সি আহিছিল।

উত্তৰঃ  বজাত সি আহিছিল।

৬) তলৰ শব্দবােৰত কিয় ‘ণ’ হৈছে লিখাঃ

পৰিৱহণঃ ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘ৱ’ থকাৰ বাবে ‘ণ’ হৈছে।

উপকৰণঃ  ‘ৰ’ ৰ পিছত ‘ন’ থকাৰ বাবে ‘ণ’ হৈছে।

নির্ণয়ঃ  ‘ৰ’ ৰ লগত ‘ন’ যোগ হোৱাৰ বাবে ‘ণ’ হৈছে।

অপৰাহ্ণঃ  ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘হ’ থকাৰ বাবে ‘ণ’ হৈছে।

কৃষ্ণঃ  ‘ষ’ ৰ লগত ‘ন’ যোগ হোৱাৰ বাবে ‘ণ’ হৈছে।

সংৰক্ষণঃ ‘ক্ষ’ ৰ পিছত ‘ন’ হোৱাৰ বাবে ‘ণ’ হৈছে।

আৰােহণঃ  ‘ৰ’ আৰু ‘ন’ ৰ মাজত ‘হ’ থকাৰ বাবে ‘ণ’ হৈছে।

৭) তলৰ আঁচ টনা শব্দবােৰৰ কাৰক নির্ণয় কৰা । 

ক ) তুমি   মােলৈ কি আনিছা?

উত্তৰঃঅধিকৰণ কাৰক।

খ ) তােমাৰ চোলাটো   মােক দিয়া।

উত্তৰঃকৰ্ম কাৰক।

 ঘ )  ৰাস্তাত  গাভী-মটৰৰ বৰ ভিৰ।

উত্তৰঃঅধিকৰণ কাৰক।

ঙ )  শিক্ষকে ছাত্ৰক মৰম কৰে।

উত্তৰঃকৰ্তা কাৰক।

চ ) আইতাই  সাধু  কয়।

উত্তৰঃ কৰ্ম কাৰক।

ছ ) সি  অংকটো  ভুল কৰিলে।

উত্তৰঃকৰ্ম কাৰক।

৮)‘ খা ’ ধাতুৰ উপযুক্ত ব্যৱহাৰ কৰি তলৰ বাক্যবােৰৰ খালী ঠাই পূৰ কৰা ।

ক) ৰাহুলে ভাত  স্কুললৈ গ’ল।

উত্তৰঃখাই

খ) মণিয়ে সময়মতে ভাত   আৰু পঢ়া-শুনা কৰে।

উত্তৰঃখায়

গ) কালি মাহীহঁতে আমাৰ ঘৰত ভাত খাইছিল।

উত্তৰঃখাইছিল।

ঘ) সােণে আপেল   ভাল পায়।

উত্তৰঃখাই

Type By – Kishor Nath

Author by – Rajashree Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop