পৰিৱেশ আৰু প্ৰদূষণ Chapter 7 | Class 4 Social Science Question and Answer |

(ক) পৰিৱেশ কাক বোলে?

উত্তৰঃ বায়ু, পানী আৰু মাটিৰে বেঢ়ি থকা আমাৰ চৌপাশকে প্ৰাকৃতিক পৰিৱেশ বোলা হয়।

(খ) প্ৰদূষণ কাক বোলে? প্ৰদূষণ কেইপ্ৰকাৰ আৰু কি কি?

উত্তৰঃ অপদ্ৰব্য়ৰদ্ধাৰা বায়ু, পানী আৰু মাটি দূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বোলা হয়। প্ৰদূষণ চাৰিপ্ৰকাৰৰ (১) বায়ু প্ৰদূষণ (২) জল প্ৰদূষণ (৩) মাটি প্ৰদূষণ (৪) শব্দ প্ৰদূষণ।

(গ) বায়ু প্ৰদূষণ কেনকৈ হয় তাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ

বায়ু প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ হ’ল-

(১)যান-বাহনৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে।

(২)তাপ-বিদ্য়ুৎ কেন্দ্ৰবোৰৰ পৰা ওলোৱা গেছে বায়ু প্ৰদূষণ কৰে।

(৩)মৰুভূমিৰ বালিত হোৱা ধুমুহা আৰু আগ্নেয়গিৰিৰৰ পৰা ওলোৱা বিভিন্ন পদাৰ্থই বায়ু দূষিত হয়।

(৪) পলিথিন পুৰিলে সৃষ্টি হোৱা বিষাক্ত ধোঁৱাই বায়ু প্ৰদূষণ কৰে।

(ঘ) পানী প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ পানী প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ হ’ল-

(১) ঘৰুৱা পেনলীয়া দ্ৰব্য়সমূহ, কৃষি পথাৰত দিয়া সাৰৰ উটি যোৱা অংশ পানীৰ লগত মিহলি হৈ পানী দূষিত হয়।

(২) জীৱ-জন্তু মল-মূত্ৰ, গছৰ ডাল-পাত পানীৰ লগত মিহলি হৈ পানী দূষিত হয়।

(৩) বিভিন্ন উদ্য়োগ, খনি আদিৰপুৰা উলিয়াই দিয়া অলাগতিয়াল পদাৰ্থসমূহ পানীৰ লগত মিহলি হৈ পানী দূষিত হয়।

(৪) বিভিন্ন ৰোগৰ বীজাণু, বেকটেৰিয়া, ভাইৰাছ আদিয়েও পানী দূষিত কৰিব পাৰে।

(ঙ) পানী দূষিত হৈ সৃষ্টি হোৱা চাৰিটা বেমাৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ পানী দূষিত হৈ সৃষ্টি হোৱা চাৰিটা বেমাৰৰ নাম হ’ল হেপাটাইটিছ, গ্ৰহণী, খাদ্য়ৰ বিষক্ৰিয়া,টাইফয়েড।

(চ) শব্দ প্ৰদূষণ কাক বোলে? শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ তুমি কি ব্য়ৱস্থা ল’বা?

উত্তৰঃ শব্দ প্ৰদূষণ হৈছে মানুহৰ বা জন্তুৰ জীৱনৰ কাৰ্যকলাপৰ ওপৰত বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পেলোৱাকৈ হোৱা শব্দ তথা কোলাহলৰ প্ৰসাৰ।

   শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ আমি অকাৰণতে চিঞৰ-বাখৰ কৰিব নালাগে, উৎসৱ-পাৰ্বণসমূহত ফটকা, বোমা আদিৰ ব্য়ৱহাৰ কমকৈ কৰিব লাগিব।

(ছ) পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে ৩টা ব্য়ৱস্থা উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে ৩টা ব্য়ৱস্থা হ’ল-

(১) বায়ুমণ্ডল পৰিষ্কাৰকৈ ৰখাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল বৃক্ষৰোপণ। গছ-গছনিয়ে অক্সিজেন বৃদ্ধি কৰে, বৰষুণৰ পৰিমাণ বৃদ্ধি কৰে; বৰষুণে বায়ুত থকা দূষিত পদাৰ্থসমূহ ধুই নিকা কৰে।

(২) ঘৰৰ পেলনীয়া জাৱৰ-জোঁথৰসমূহ গাঁত খান্দি পুতি থ’ব লাগে।

(৩) যি কোনো প্ৰাণীৰ মূল-মূত্ৰ পানীত পেলাই নিদি ভালদৰে সংৰক্ষণ কৰি উৎকৃষ্ট জৈৱিক সাৰ তৈয়াৰ কৰিব পাৰি।

(জ) মাটি প্ৰদূষণৰ চাৰিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ মাটি প্ৰদূষণৰ চাৰিটা কাৰণ হ’ল-

(১) বতাহ, বৰষুণ আৰু ভূমিক্ষয়ৰ ফলত মাটি দূষিত হয়।

(২) এডৰা মাটি বহুদিন ধৰি পানীত ডুব গৈ ঠাকিলে মাটিডৰা প্ৰদূষিত হয়।

(৩) কীটনাশক দ্ৰব্য় আৰু ৰাসায়নিক সাৰ খেতিত ব্য়ৱহাৰৰ ফলতো মাটি প্ৰদূষিত হয়।

(৪) নগৰ-চহৰৰ ঘৰুৱা আৱৰ্জনা আৰু উদ্য়োগৰ পেলনীয়া দ্ৰব্য়ই মাটি প্ৰদূষিত কৰে।

২। খালী ঠাই পূৰ কৰা—

(ক) প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিবেশ পালন কৰা হয়।

(খ) পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা আঁচনিখনৰ নাম হ’ল সামাজিক বনানিকৰণ

(গ) গছে আমাক শীতল ছাঁ দিয়ে। 

(ঘ) উদ্ভিদ আৰু প্ৰাণী উভয়ে পৰস্পৰ নিৰ্ভৰশীল

Author By Mayur Rani Kashyap

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping