হাট-বজাৰ Chapter 10 | Class 5 Social Science Question and Answer |

১। চমু উত্তৰ দিয়া—-

ক) বজাৰ ব্য়ৱস্থাত উৎপাদক আৰু উপভোক্তা বুলিলে কি বুজা?

উত্তৰঃ বজাৰ ব্য়ৱস্থাত উৎপাদক বুলিলে যিয়ে বিক্ৰীযোগ্য় সামগ্ৰী উৎপান কৰে তাকেই ুজা হয়। আৰু উপভোক্তা বুলিলে যিয়ে সামগ্ৰী ক্ৰয় কৰে তাকেই বুজা যায়।

খ) ‘হাট’ আৰু ‘বজাৰ’ৰ মাজত পাৰ্থক্য় কি?

উত্তৰঃ হাট আৰু বজাৰৰ মাজত পাৰ্থক্য় হৈছে

হাট হৈছে অস্থায়ী বজাৰ আনহাতে বজাৰ হৈছে স্থায়ী বজাৰ।

গ) খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজত পাৰ্থক্য় কি?

উত্তৰঃ খুচুৰা বজাৰ আৰু পাইকাৰী বজাৰৰ মাজত পাৰ্থক্য় হৈছে-

খুচুৰা বজাৰত উপভোক্তাই যিকোনো বস্তু কম কমকৈ কিনিব পাৰে। আনহাতে পাইকাৰী বজাৰত খুচুৰা ব্য়ৱসায়ীয়ে যিকোনো বস্তু সৰহকৈ  কম দৰতে কিনিব পাৰে।

ঘ) শীতল ভঁৰাল খেতিয়কসকলৰ কি কামত আহে?

উত্তৰঃ শীতল ভঁৰালত খেতিয়কসকলে নিজৰ উৎপাদিত সামগ্ৰী ৰাখি বহুদিনলৈ সতেজ কৰি থ’ব পাৰে।

ঙ) হাট-বজাৰৰ মূল উদ্দেশ্য় কি?

উত্তৰঃ গ্ৰাম্য় অঞ্চলত সামগ্ৰীৰ যোগান ধৰাই হৈছে হাট-বজাৰৰ মূল উদ্দেশ্য়।

চ) বিনিময় প্ৰথা কি?

উত্তৰঃ এবিধ বস্তুৰ সলনি আন এবিধ বস্তু দিয়াকে বিনিময় প্ৰথা বোলে।

ছ) খেতিয়কসকলে শাক-পাচলি আৰু ফল-মূল বেছি দিনলৈ ৰাখি থ’ব নোৱাৰে কিয়?

উত্তৰঃ শাক-পাচলি আৰু ফল-মূল অতি সোনকালেই নষ্ট হৈ যায়, সেয়েহে খেতিয়কসকলে ইয়াক বেছি দিনলৈ ৰাখিব নোৱাৰা।

জ) হাটখোলা কাক বোলে?

উত্তৰঃ হাট বহা ঠাইটুকুৰাক হাটখোলা বোলা হয়।

ঝ) বেপাৰী আৰু গ্ৰাহকৰ মাজৰ সম্পৰ্ক কি?

উত্তৰঃ বেপাৰী আৰু গ্ৰাহকৰ সম্পৰ্ক হৈছে কিনা-বেচাৰ সম্পৰ্ক।

ঞ) স্থায়ী বজাৰ কেইপ্ৰকাৰৰ?

উত্তৰঃ  স্থায়ী বজাৰ দুই প্ৰকাৰৰ।

২। খালী ঠাই পূৰণ কৰা—–

ক) হাট হ’ল একপ্ৰকাৰৰ অস্থায়ী বজাৰ।

খ) বজাৰ হ’ল বেচা-কিনাৰ প্ৰাথমিক কেন্দ্ৰ।

গ) বেচোঁতাসকলে হাটখোলা সমিতি বা বজাৰ সমিতিক কৰ আদায় দিব লাগে।

ঘ) হাট বহা বাৰটো নিৰ্দিষ্ট

ঙ) পাইকাৰী ব্য়ৱসায়ীসকলে উৎপাদকসকলৰপৰা সৰহীয়াকৈ বস্তু কিনি লয় আৰু সেই বস্তুবোৰ গুদামত ৰাখে।

৩। পষেকীয়া হাট, সাপ্তাহিক হাট আৰু অৰ্ধ-সাপ্তাহিক হাট কাক বোলে?

উত্তৰঃ  যি হাট পষেক, সপ্তাহ বা দুই-তিনিদিনৰ মূৰে মূৰে বহে তেনে হাটকে পষেকীয়া হাট, সাপ্তাহিক হাট বা অৰ্ধ-সাপ্তাহিক হায় বোলে।

৪। শ্বপিং মল সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ শ্বপিং মল হৈছে ব্য়ৱসায়ীসকলে দিয়া ডাঙৰ দোকান। এই দোকানত অত্য়াধুনিক সা-সুবিধা থাকে আৰু একেখন দোকানতে বহুতো লাগতিয়াল বস্তু, বিলাসী সামগ্ৰী আদি কিনিবলৈ পোৱা যায়।

Author By- Mayur Rani Kashyap

 


Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping