জুবিন গাৰ্গৰ গীত

লাহে লাহে বাঢ়িছে

লাহে লাহে কমিছে

লাহে লাহে উঠিছে

লাহে লাহে নামিছে

মৰমৰে ঢল আজি উশাহতে 

নৈয়ে নৈয়ে দেখিছোঁ

ঢৌৱে ঢৌৱে লিখিছোঁ

কিননা জোৱাৰ মোৰ নিশাহতে

লাহে লাহে বাঢ়িছে অ’ …।

নুসুধিবা কথাৰে

নুজুখিবা ভাষাৰে

গুপুতে গুপুতে কিহে দুলি দোলে

খুলি ক’ব নোৱাৰি

কাষলে’ আহি তুমি চাই যোৱাহি  

যুগৰে মৰমবোৰ আছোঁ মই সাবটি

জগোৱাহি ৰিব্ ৰিব্ হাতেৰে

লাহে লাহে বাঢ়িছে…।

নুখুজিবা চকুৰে

নাযাচিবা ওঁঠৰে

মৰমৰ এধানি লাজৰে আমনি

 দিব ল’ব নোৱাৰি 2

দেখিলে দেখক আনে

শুনিলে শুনক

মাথোঁ হিয়াৰে মৰম মৰমে বুজক

মনৰ কথা বুজি লাই চাগৈ ।।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop