🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

জুবিন গাৰ্গৰ গীত নায়ক হ’ব খুজি

কিনো তই বিচাৰি আজি কিনো পালি

বুজিবলে’ আছে কোন

যাকেই আপোন বুলি লৱ আঁকোৱালি

সিয়ে আঁতৰিলচোন।

কোনো নাই তোৰ কাষতে আজি

আপোন বুলিবলে’

জন-আৰণ্য়ৰ মাজতো আছ অকলশৰে

নায়ক হ’ব খুজি খলনায়ক হ’লি

কিনো বিধি সকৰুণ।।

জীৱনৰে প্ৰতি পল যাৰ বাবে বিলাইছিলি

সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই

কালিৰে তোৰ লগৰী আজি যে গ’ল আঁতৰি

ভুলৰে বলি হ’লি তই।।

নায়ক হ’ব খুজি…

মানুহৰে মনবোৰ তই কিয় নিচিনিলি

ফুলনিৰে কাঁইটকে ফুল বুলি তুলিলি

কাঁইটে যে বাকোহা দুহাতৰ তেজ চাই

বেজাৰ কিৰ লাভ নাই।।

নায়ক হ’ব খুজি…।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop