🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

জুবিন গাৰ্গৰ গীত মনতনো আজি কিহৰে নাচোন

মনতনো আজি কিহৰে নাচোন

উলাহে নধৰে হিয়া দেখোন

তোৰে পৰশতে আজি নামে সপোন

গুণ গুণ গানেৰে ঘূৰি আহিলি

ঘূৰাই আনিলি, মোৰ চকুৰে ঘুমতি

মনতে…।

পুৰণি কথাৰে মন নিচুকাই

তোৰে মোৰে মৰমকে ৰাখিম জায়াই

আজি যেন পাহৰিম সকলো দুখ মোৰ

মিলি যাম তোৰ চেনেহ ৰাই

হাঁহি ধেমালিৰে গ’ল কতনা ৰাতি

বুজা-নিবিজাকে ৰ’ল কত যে ছবি

তথাপি নুনুমাই মৰম চাকি

খিৰিকীৰ সিপাৰে আছে ৰৈ আমালৈ

পৃথিৱীৰ যত সপোন

চকুৰে টিপতে পৃথিৱী আমাৰে

আজি বুকুৰে আপোন

মনতে…।

হাতে হাত ধৰি আহিলো ওলাই

দুবাহুৰ শকতিৰে জিকিম সদায়

লাগে মাথোঁ মনৰে মিলন

খোজে খোজে এটি এটি ক্ষণ

দুচকুতে চিক্মিক হাঁহি জিলিকাই

সুখৰে পঁজাতি পোহৰে সজায়

কৰি লওঁ আজি পণ একে হোৱাৰ

জীৱনে মৰণে একে থকাৰ

শান্তিৰ নিজৰা বৈ বৈ বাগৰে

আমাৰে মনৰ মাজত

ৰচে মিলনৰে সঁচা এনাজৰী

বান্ধে প্ৰাণৰে প্ৰাণত।

মনতে…।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop