জুবিন গাৰ্গৰ গীত বুকুতে বুকুখন

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰভালী  ৰংদৈৰ

আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুনাহি 

শদিয়া সাবটি ঘূৰা 

লুইতৰে থৈছিল লিখি 

বুকুতে বূুৃৃকুখন থৈ 

কোনেনো কান্ধে 

শদিয়াৰ কোলাতে্ বহি 

ৰংদৈ আছিল মাথো ঐ

লুইতৰ ডেকা তই 

চৰা কৈ জাতৰে ৰঙালী

হিয়াখন উজাৰি দিলি গৈ

মিলনৰে শতৰু এই সমাজে 

মিলিবলে নিদিছিলে এই মাটিতে 

আপোনি চিতাতে জ্বলিছিল ৰং হৈ 

ৰঙালীক লুইতৰ কৰি থৈ 

বুকুতে বুকুখন থৈ

কোনেনো কান্দে 

শদিয়াৰ কোলাতে বহি 

সেয়া দূৰ কোনোবা পুৰণি 

ইতিহাসৰে পাত লুচিয়াও

প্ৰেমৰ অনুপম উপমা 

দেখি আবেগত উজুটি খাওঁ 

হয়টো বা আকাশে ঠাই দিছে 

সৰগত দুয়োটাৰে মন মিলিছে 

আহিলে আহা মোৰ সতে 

শদিয়ালৈ যাও 

ৰংদৈ ৰঙালী সমাধি চাও 

বুকুতে বুকুখন থৈ 

কোনেনো কান্দে

শদিয়াৰ কোলাতে বহি 

ৰঙালীৰ ৰংদৈৰ আধৰুৱা প্ৰেমৰ কথা 

বান্ধৈ এবাৰ শুণাহি ||

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping