🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

অভীকৰ অসুখ | Lesson 15 | Class 5 Assamese AJB | Assam Jatia Bidalay | Question and Answer | অসম জাতিয় বিদ্যালয় | পঞ্চম শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ

অভীকৰ অসুখ

 Lesson 15

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ ঃ

নিয়মানুৱৰ্তিতা    =    বন্ধা নিয়ম মানি চলা কাৰ্য বা আচৰণ

পৰিপাট্য়    =    পৰিপাটি গুণ, সুশৃঙ্খলতা

ভেঁজা    =    ভৰ, হেঁচা

পোনাছাটেই    =    একে কোবেই

লাঘৱ    =    পাতল কৰা কাৰ্য, হ্ৰাস

গত্যন্তৰ    =    উপায়ন্তৰ, অন্য উপায়

[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ

ক) কি ভাবিলে অভিকৰ মূৰটো গৰম হয়?

উত্তৰঃ স্কুল নোযোৱাৰ কাৰণে এইকেইদিনত স্কুলত বুজোৱা পাঠবোৰ বুজি লব লাগিব, ঘৰত কৰিবলৈ দিয়া কামবোৰ সম্পূৰ্ণ কৰিবলৈ লাগিব। এইবোৰ কথা ভাবিলে অভিকৰ মূৰটো গৰম হয়।

খ) অভীকৰ খবৰ ল’বলৈ কোন আহিছিল আৰু সি কি খবৰ দিছিল?

উত্তৰঃ অভীকৰ খবৰ লবলৈ তাৰ বন্ধু পল্লৱ আহিছিল। তেওঁলোকৰ শ্ৰেণী শিক্ষক উপেন ছাৰ অভীকৰ খবৰ লবলৈ আহিব বুলি খবৰ দিছিল।

গ) অভীকৰ শ্ৰেণী শিক্ষকজনৰ নাম কি? তেওঁ কি কথাত সদায় জোৰ দিয়ে?

উত্তৰঃ অভীকৰ শ্ৰেণী শিক্ষক জনৰ নাম উপেন শৰ্মা। তেওঁ নিয়মানুৱৰ্তিতা আৰু পৰিপাট্য এই কথাত সদায় জোৰ দিয়ে।

ঘ) শ্ৰেণীকোঠাত সোমায়েই অভীকৰ শিক্ষকজনে প্ৰথমে কি কৰে?

উত্তৰঃ শ্ৰেণীকোঠাত সোমায়েই অভীকৰ শিক্ষক জনে প্ৰথমে শ্ৰেণীকোঠাতো পৰিস্কাৰ হৈ আছে নে নাই পৰীক্ষা কৰে। 

ঙ) ৰাজহাড় পোন কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ কিয়  কৰিব লাগে?

উত্তৰঃ ৰাজহাড় পোন কৰি খোজ কঢ়া, থিয় হোৱা, বহা আদি কামবোৰ বেমাৰৰ পৰা হাত সাৰিবলৈ কৰা হয়। 

চ) শৰীৰটো পোন হৈ আছে নে নাই  বাৰু বঢ়োতে ৰাজহাড় পোন হৈ আছে নে নাই তাক কিদৰে প্ৰমাণ কৰিব পাৰি?

উত্তৰঃ শৰীৰটো পোন হৈ আছে নে নাই বাৰু বঢ়োতে ৰাজহাড় পোন হৈ আছে নে নাই তাক এইদৰে প্ৰমাণ কৰিব পাৰো- মাটিৰ ওপৰত পোন হৈ থকা বেৰ এখনৰ কাষলৈ গৈ ভৰিৰ গোৰোহা দুটা বেৰত লগাই পিছমুখ হৈ থিয় দিবা। তাৰ পাছত শৰীৰৰ তলৰ অংশ পিঠি, কান্ধ আৰু মূৰৰ পিছফাল বেৰত লগাই যিমান পাৰি পোন হৈ থিয় দিলে যদি তোমাৰ কোনো অসুবিধা নহয় তেতিয়া জনা যায় খোজ কাঢ়োতে পোন হৈ থাকে।

ছ) কোনবোৰ মানুহ কুজা হোৱাৰ ভয় থাকে?

উত্তৰঃ যিসকল লোকে সঘনে গধুৰ বস্তু পিঠিত লৈ কঢ়িয়াব লাগে তেনে লোক কুজা হোৱাৰ ভয় থাকে। 

জ) “শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰ আৰু মন উৎফুল্ল কৰি ৰাখে।”-বুজাই লিখাঁ।

উত্তৰঃ এজন ব্যক্তিৰ শৰীৰে কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে প্ৰয়োজনীয় সহনশীলতা, নমনীয়তা আৰু শক্তি জোখা হৈছে শাৰীৰিক সুস্বাস্থ্যৰ চৰ্ত। স্বাস্থ্য আৰু সুস্থতা উন্নত কৰাৰ বাবে ব্যায়াম হৈছে প্ৰাথমিক শাৰীৰিক কাৰ্যকলাপ। নিষ্ক্ৰিয় লোকসকলৰ পেশী ঢিলা আৰু দুৰ্বল হৈ পৰে যি ধূমপান কৰা লোকৰ দৰেবিপদজনক। ব্যায়ামে আপোনাৰ মুখমণ্ডল উন্নত কৰে আৰু লগতে শৰীৰত বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেম কৰে।খোজ কঢ়া, চাইকেল চলোৱা এৰোবিক্সত অন্তৰ্ভুক্ত কৰা হয় যি শৰীৰৰ মনোবল বৃদ্ধি কৰে আৰু আপোনাক আগতকৈ অধিক সক্ষম কৰে।

[২] বাক্য সাজা ঃ

নিয়মানুৱৰ্তিতা, চিৰংকৈ, উদ্ভৱ, জীৱন-নিৰ্বাহ, লাঘৱ, সঁচাৰ-কাঠি।

(ক) নিয়মানুৱৰ্তিতাঃ সদায় বিদ্য়ালয়ত নিয়মানুৱৰ্তিতা চলি থাকিব লাগে।

(খ) চিৰংকৈঃ চিৰংকৈ ক’বলৈ গ’লে ভাৰ্গৱ এটা বেয়া ল’ৰা।

(গ) উদ্ভৱঃ খাৰুৱাতেল হৈছে প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা এক  সম্পদ।

(ঘ) জীৱন-নিৰ্বাহঃ মানুহে জীৱন-নিৰ্বাহ কৰিবৰ কাৰণে জীৱিকা বিচাৰি লয়।

(ঙ) লাঘৱঃ বৰ্তমান যুগত যানবাহনৰ পদ্ধতিটো লাঘৱ হৈ পৰিছে।

(চ) সঁচাৰ-কাঁঠিঃ সুস্বাস্থই হৈছে সুদক্ষতাৰ সঁচাৰ-কাঁঠি

[৩] তলৰ বাক্যবোৰ শুধৰাই পুনৰ লিখাঁ ঃ

ক) প্ৰদীপে স্কুল যোৱা নাই।

উত্তৰঃ প্ৰদীপ স্কুল যোৱা নাই।

খ) তুমি কেইতা বজাত শুই উঠা?

উত্তৰঃ তুমি কেইবজাত শুই উঠা?

গ) তোমাৰ মাই কি কৰিছে?

উত্তৰঃ তোমাৰ মাৰাই কি কৰি আছে?

ঘ) তোৰ দেউতা এজন ভাল মানুহ।

উত্তৰঃ তোমাৰ দেউতা এজন ভাল মানুহ।

ঙ) যোনে পোন হৈ খোজ নাকাঢ়ে, তেওঁৰ কুঁজা হোৱাৰ ভয় থাকে।

উত্তৰঃ যিজন লোকে পোন হৈ খোজ নাকাঢ়ে, তেওঁৰ কুঁজা হোৱাৰ ভয় থাকে।

চ) আঢ়ৈটা বজাত আমাৰ স্কুল ছুটী হয়।

উত্তৰঃ ২-৩০ বজাত আমাৰ বিদ্য়ালয়ৰ ছুটি হয়।

[৪]শুনা আৰু লিখাঁ ঃ

সি দেখোন কথাটো ৰিপুঞ্জয় দাদাককে সুধি ল’ব পাৰে। ৰিপুঞ্জয় দাদাক তাৰ মোমায়েকৰ ল’ৰা। বৰ্তমান চিকিৎসাবিঞ্জানৰ ছাত্ৰ। আজি ৰাতি তেওঁ সিহঁতৰ ঘৰলৈ ভাত খাবলৈ অহা কথা।

Type: Pallab Jyoti Bora

Author: Geetanjali Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop