ঢোলৰ যাদুকৰ | Lesson 11 | Class 5 Assamese AJB | Assam Jatia Bidalay | অসম জাতিয় বিদ্যালয় পঞ্চম শ্ৰেণী অসমীয়া উত্তৰ

ঢোলৰ যাদুকৰ

 Lesson 11

〇 অৰ্থৰ সৈতে চিনাকি হওঁ আহাঁ

শব্দঅৰ্থ
বাপতি সাহোনপৈতৃক সম্পতি (চন্দ্ৰকান্তৰ অভিধানত বাপতি-সাহন বুলিহে আছে)
এমা-ডিমাকুমলীয়া, নিচেই সৰু (‘আমা-ডিমা’ চন্দ্ৰকান্ত অভিধান)
পৰলোকমৃত্যুৰ পিছত জীৱ য’লৈ যায়; পৰকাল
কাছুটি-তিয়নি
উৎকন্ঠাঅস্থিৰতা, উগুল-থুগুল, ব্যাকুল
উদ্যোক্তাআয়োজক
মৰিষণক্ষমা কৰা কাৰ্য
বিমোহিতবিমুগ্ধ, অতিশয় যুদ্ধ
নশ্বৰঅচিৰস্থায়ী, ক্ষণস্থায়ী

[১] প্ৰথমে কোৱাঁ, আৰু তাৰ পিছত লিখাঁ ঃ

ক) মঘাই ওজাৰ আচল নাম কি?

উত্তৰঃ মঘাই ওজাৰ আচল নাম হৈছে মঘাই বৰুৱা।

খ) মঘাই ওজাৰ জন্ম ক’ত, কেতিয়া হৈছিল?

উত্তৰঃ মঘাই ওজাৰ জন্ম যোৰহাট জিলাৰ নাওখলীয়া নামৰ গাঁৱত ১৯১৬ চনত হৈছিল।

গ) মঘাই ওজাই সৰুতে ৰাতিহে কিয় ঢোল শিকিছিল?

উত্তৰঃ তেওঁ দিন হাজিৰা কৰিব লগা হোৱাত ৰাতিহে ঢোল শিকিছিল।

ঘ) সভাত মঘাই ওজাই একেলগে কেইতা ঢোল বজাইছিল আৰু আটাইকেইটা ঢোল তেওঁ কিদৰে বজাইছিল?

উত্তৰঃ সভাত মঘাই ওজাই একেলগে ১০ টা ঢোল বজাইছিল। শিল্পী গৰাকীয়ে একেটা ঢোলত মাজে সময়ে মূৰেৰেও বোল দিছে, কেতিয়াবা ভৰিৰেও ঢোল বজাইছে।

ঙ) সভাত মঘাই ওজাই ঢোলত কি কি শব্দ বজাই শুনাইছিল?

উত্তৰঃ সভাত মঘাই ওজাই ঢোলত মেঘৰ গাজনি, ৰেল অহাৰ শব্দ, ধুমুহা-বতাহৰ শব্দ আদি বজাই শুনালে। 

চ) মঘাই ওজাৰ কেতিয়া মৃত্যু হয়?

উত্তৰঃ মঘাই ওজাৰ ১৯৭৮ চনৰ ১৫ মাৰ্চত মৃত্যু হয়।

[২] ক) পাঠটিত থকা সভাখনৰ বৰ্ণনা তোমাৰ নিজৰ ভাষাত দিয়াঁ।

উত্তৰঃ সভাখনৰ পৰিৱেশটো ধুনীয়াকৈ সজাই-পৰাই ৰখা হৈছিল। সকলোৰে মনত আনন্দৰ সীমা নাই। কাৰণ, মঘাই ওজাই ঢোল বজাবলৈ আহিব। সকলো দৰ্শকৰে মাত্ৰ এটাই আশা আজি এইগৰাকী ঢোলৰ যাদুকৰ আহি বাজনা উপভোব কৰি নিজৰ জীৱন সাফল্য় কৰিব। সময় বাঢ়ি যোৱাৰ লগে লগে মানুহবোৰৰ আঘ্ৰহৰ সীমা নাইকিয়া হৈ পৰিল। অৱশেষত প্ৰতীক্ষাৰ সীমা শেষ হৈ পৰিল। বহু মানুহৰ ভিৰ হৈ থকা অৱস্থাৰ মাজতেই এজোৰ সামান্য় কাপোৰ পৰিধান কৰি কান্ধত এটা ঢোল লৈ এজন লোক মঞ্চত প্ৰৱেশ কৰিলে। মানুহজনে মঞ্চত প্ৰৱেশ কৰা লগে লগেই হাত তালিৰে ভৰপুৰ হৈ পৰিল। মঘাই ওজাক দেখা পাই ৰাইজৰ আনন্দৰ সীমা নাইকিয়া হৈ পৰিছিল। মঘাই ওজাই ঢোলকেইটালৈ অলপ সময় চাই ৰাইজক সম্বোধন কৰি ক’লে যে আমি দৰিদ্ৰ লোক ঢোলটোক আপোন বুলি ভাৱি দুই-এটা ছেও বজাওঁ। ঢোল হৈছে এটা মহত্বপূৰ্ণ বাদ্য়যন্ত্ৰ। এি ঢোল বজাওঁতে আমাৰ ভূলো হ’ব পাৰে গতিকে আপোনালোকে আমাৰ ভূল মাফ কৰি দিয়ে যাতে। এই কথাষাৰ কৈ শিল্পীগৰাকীয়ে এটা পদ জুৰিলে। 

খ) মঘাই ওজাৰ ঘৰুৱা অবস্থাৰ এটি বৰ্ণনা দিয়াঁ।

উত্তৰঃ মঘাই ওজাৰ ঘৰুৱা অৱস্থা ইমান ভাল নাছিল। মঘাই ওজাৰ পাঁচ বছৰ বয়ত পিতৃৰ মৃত্য়ু হোৱাত মঘাই ওজাৰ বিধৱা মাতৃয়ে কেনেবাকৈ কিবা কৰি পেটৰ ভাতমুঠি যোগাৰ কৰিছিল। পিছত ঢোল ৰজা হোৱাৰ পিছতো মঘাই বৰুৱা অতি অভাৱ-অনাটনৰ মাজত পৰিয়াল পোহপাল দিবলগীয়া হৈছিল। কেতিয়াবা তেওঁ মঞ্চত ঢোল বজাওঁতে নিজৰ অভাৱ-অনাটনৰ বিষয়ে এনেদৰে ঢোল বজাই গাইছিল। 

[৩] চমুটোকা লিখাঁ ঃ

মঘাই ওজা, ঢোল, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ধুমুহা-বৰষুণ।

(ক) মঘাই উজাঃ মঘাই উজাক ঢোলৰ যাদুকৰ বুলি কোৱা হয়। মঘাই ওজাৰ প্ৰকৃত নাম আছিল মঘাই বৰুৱা। মঘাই ওজাৰ জন্ম হৈছিল ১৯১৬৭ চনত যোৰহাট জিলাৰ হাতীগড় মৌজাৰ নাওশলীয়া নামৰ এখন অতি পিছপৰা গাৱঁত। সাতটি সন্তানক অতি সৰু সৰু অৱস্থাতেই মঘাই ওজাৰ পিতৃৰ মৃত্য়ু হৈছিল। পিতৃৰ মৃত্য়ু হোৱাত মঘাই ওজাই অতি কষঅটৰে দুবেলা দুমুঠি ভাত যোগাৰ কৰিছিল। মঘাই ওজা ঢোল বজোৱাত পাৰ্গত আছিল।

(খ) ঢোলঃ ঢোল হৈছে এবিধ অসমীয়া জাতিৰ বাদ্য়যন্ত্ৰ। ইয়াক বিহুত বজোৱা হয়। অসমৰ সকলো সম্প্ৰদায়ৰ যিকোনো উৎসৱত ঢোল অপৰিহাৰ্য।  অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ ঢোল বজোৱা হয়। ঢোলক অসমবাসীয়ে দেৱবাদ্য বুলি গণ্য কৰে।

(গ) বিষ্ণুপ্ৰসাদ ৰাভাঃ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল ৩১ জানুৱাৰী ১৯০৯ চনৰ বেঙ্গল প্ৰেছিডেন্সীৰ ঢাকাত তেওঁৰ জন্ম হয়। তেখেতৰ দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা। বিষ্ণু প্ৰসাদ ৰাভাক সৰ্বপল্লী ৰাধাকৃষ্ণনে কলাগুৰু উপাধিটো প্ৰদান কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভাৰ সংগীতবোৰক ৰাভা সংগীত বুলি কোৱা হয়।

(ঘ) ফণী শৰ্মাঃ ফণী শৰ্মাক নটসূৰ্যে নামেৰে জনা যায়। ফণী শৰ্মাৰ পিতৃৰ নাম আছিল মোলান শৰ্মা। ফণঈ শৰ্মাও দেউতাকৰ নিচিনা এজন নাট বিশেষজ্ঞ আছিল। ফণী শৰ্নাই বিভিন্ন অভিনয় কৰিছিল। ৰূপকোৱঁৰ জ্য়োতিপ্ৰসাদ আগৰৱালাদেৱে পৰিচালনা কৰা জয়মতী ছবিখনত গাঁঠি হাজৰিকা চৰিত্ৰটিত অভিনয় কৰিছিল। 

(ঙ) ধুমুহা-বৰষুণঃ  প্ৰাক-মৌচুমী কালত অসমত প্ৰায়েই বৰষুণ হয়। এই সময়ছোৱাত উত্তৰ-পশ্চিমদিশৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতি সাধন হয়। কম সময়ৰ ভিতৰতে সৃষ্টি হোৱা এই অতি দ্ৰুত ধুমুহাবোৰক বৰদাইচিলা (নৰ’ৱেষ্টাৰ) বুলি কোৱা হয়।

[৪]একোটিকৈ বাক্য সাজাঁ ঃ

বাপতি-সাহোন, অভাৱ-অনাটন, উৎকণ্ঠা, বিৰ দি বাট নোপোৱা, ৰজনজনাই, মুখৰ মাত হৰ, নোহোৱা-নোপোজা, মনপৰশা, বিমুগ্ধ ।

বাপতি-সাহোনঃ বিহুটি অসমীয়া জাতিৰ বাবে বাপতি-সাহোন

অভাৱ-অনাটৰঃ পিকুৱে তাৰ ঘৰৰ অভাৱ-অনাটনৰ কাৰণে চুৰি কৰিব লগা হৈছে।

উৎকণ্ঠাঃ সময় আগবাঢ়ি যোৱাৰ কাৰণে ৰাইজৰ ৎকন্ঠাও বাঢ়ি গৈছে।

বিৰ দি বাট নোপোৱাঃ মেলাখনত মানুহবোৰৰ বিৰ দি বাট নোপোৱা হৈছে।

ৰজনজনাইঃ বায়েক প্ৰৱেশিকা পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱা কথাটো নীৰৱে গোটেই গাওঁখনত ৰজনজনাই আছে।

মুখৰ মাত হৰঃ নেতাজনৰ ভাষন শুনি সকলোৰে মুখৰ মাত হৰ হৈ পৰিল।

নোহোৱা-নোপজাঃ ৰূপমহঁতৰ গাওঁখনত নোহোৱা-নোপজা  ঘটনা এটা সংঘটিত হৈছে।

মনপৰশাঃ ৰিয়ানৰ বহুত মনপৰশা আছে।

বিমুগ্ধঃ গাৰ্গিৰ নৃত্য় দেখি গোটেই দৰ্শক বিমুগ্ধ হ’ল।

[৫] ক) পঢ়া, বুজা আৰু লিখাঁ ঃ

ছেও – ক) ঢোলৰ ছেও শুনি নাচনীৰ তত হেৰাল।গ) মঘাই ওজাৰ ঢোলৰ ছেৱত সকলো বিমোহিত হ’ল।

খ) কাকলিয়ে ঢোলৰ ছেৱে ছেৱে নাচিছে।

ভাও –  নয়নৰ ভাও দেখি সকলো বিমোহিত হল।         

নাও –   নদীৰ ইপাৰ-সিপাৰ হবলৈ নাও প্ৰয়োজন।          

গাঁও –  নিজৰ গাওঁ খনৰ নিচিনা ধুনিয়া স্থান ক’তো নাই।     

খ) পঢ়াঁ, বুজা আৰু লিখাঁ ঃ

ৰং – ক) তোমাৰ চোলাৰ ৰংটো বৰ ধুনিয়া।

খ) মোৰ হাতত বিভিন্ন ৰঙৰ পেঞ্চিল আছে।

গ) খুৰা বৰ ৰঙিয়াল মানুহ

শ্বিলং –     আমি অহাকালি শ্বিলং যাম।                 

দৰং –     দৰং হৈছে এখন জিলাৰ নাম।                   

কলং –   কলং নদীৰ পাৰত গৈ ভাল লাগে।                    

[৬] পঢ়াঁ, বুজা আৰু লিখাঁ ঃ

ইহলোক    –    পৰলোক      আশা    –     নিৰাশা               

আপোন    –           পৰৰ              সাৰ্থক    –       অসাৰ্থক               

চিনাকি    –        অচিনাকি                   আদি    –        অন্ত            

আচল    –           নকল                  আদৰ    –     অনাদৰ                

উন্নতি    –        অনুন্নতি                     শুৱলা    –      অশুৱলা               

দেশ     –         বিদেশ                      ত্যাগ    –       গ্ৰহণ               

[৭] তোমালোক শিক্ষাৰ্থীসকলে বিদ্যালয় নানা সভা-সমিতি দেখি আহিছা। অংশগ্ৰহণো কৰিছা এদিন শ্ৰেণীকোঠাৰ ভিতৰতে অথবা এডোখৰ মুকলি ঠাইত শ্ৰেণীৰ শিক্ষাৰ্থীসকলে নিজাববীয়াকৈ এখন সভাৰ আয়োজন কৰাঁ। এই সভাখনৰ মূল বিষয় হ’ব ‘অসমৰ থলুৱা বাদ্যযন্ত্ৰ’। সভাখন কিদৰে পৰিচালনা কৰিবা সেয়া তোমালোকৰ দায়িত্ব। শ্ৰেণী শিক্ষকৰপৰা কিছু পৰামৰ্শ ল’ব পাৰিবা। সভাৰ দিনাখন শ্ৰেণী শিক্ষকে কেৱল দৰ্শকৰ ভূমিকা ল’ব। খুঁটি-নাটিবোৰ পিছত আঙুলীয়াই দিব।

[৮] শুনা আৰু লিখাঁ ঃ

ইতিমধ্যে কেইজনমান মানুহে মঞ্চলৈ দহোটামান ঢোল লৈ আহিল। মঘাই ওজাই ঢোলকেইতাটালৈ এপলক চাই ৰাইজক সম্বোধি ক’বলৈ ধৰিলে, “ৰাইজ, আমি সাধাৰণ লোক। ঢোলটোক আপুন কৰি দুটামান চেও বজাওঁ। ঢোল এটি মহৎ বাদ্য। আমি এই বাদ্যটিত কোব মাৰিলে অনেক ভুল ভ্ৰান্তি হ’ব পাৰে আপোনসৱে আমাৰ দোষ মৰিষণ কৰে যেন।”

Type: Pallab Jyoti Bora

Author: Geetanjali bora

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping