প্ৰাথমিক আকৃতিসমূহ
অধ্যায় 7
অনুশীলনী 7 (A)
1. কাক বোলে লিখা । চিত্ৰসহ উদাহৰণ দিয়া ।
(i) সূক্ষ্মকোণ (ii) স্থূলকোণ (iii) প্ৰবৃদ্ধ কোণ
(iv) সৰল কোণ (v) সমকোণ (vi) সম্পূৰ্ণ কোণ
2. কোণমাপকৰ সহায়ত তলত দিয়া জোখৰ একোটাকৈ কোণ অংকন কৰা ।
(i) 35॰ (ii) 62॰ (iii) 70॰ (iv) 85॰
(v) 90॰ (vi) 120॰ (vii) 140॰ (viii) 200॰
(ix) 220॰ (x) 135॰
3. কোণমাপকৰ সহায়ত তলৰ কোণবোৰ জুখি মাপ লিখা ।

4. ধৰা, এজন মানুহে পূবমূৱা হৈ থিয় হৈ আছে । মানুহজন এতিয়া কোনমূৱা হ’ব যদি –


5. এটা সম্পূৰ্ণ পাকৰ কিমান অংশ ঘূৰা হ’ব যদি এজন মানুহে আৰম্ভণিতে –
(i) উত্তৰমূৱা হৈ থাকে আৰু ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি দক্ষিণমূৱা হয় ?
(ii) পূবমূৱা হৈ থাকে আৰু ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি দক্ষিণমূৱা হয় ?
(iii) পশ্চিমমূৱা হৈ থাকে আৰু ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উত্তৰমূৱা হয় ?
6. এটা ঘড়ীৰ ঘণ্টাৰ কাঁটাডালে কিমান সমকোণ ঘূৰিব যদিহে কাঁটাডাল –
(i) 9 ৰ পৰা 12 লৈ যায়
(ii) 3 ৰ পৰা 6 লৈ যায়
(iii) 2 ৰ পৰা 8 লৈ যায়
(iv) 12 ৰ পৰা 9 লৈ যায়
(v) 1 ৰ পৰা 7 লৈ যায়
(vi) 11 ৰ পৰা 2 লৈ যায়
7. কাষৰ চিত্ৰটোৰ থকা আটাইকেইটা কোণৰ নাম লিখা ।

8. কাষৰ চিত্ৰটোৰ <1, <2, <3, <4, <5
কোণকেইটাৰ নাম লিখা ।

9. তলৰ কোণবোৰ সূক্ষ্মকোণ, স্থূলকোণ, প্ৰবৃদ্ধ কোণ হিচাপে ভাগ কৰা ।
60॰, 45॰, 135॰, 310॰, 67॰, 118॰, 67॰, 290॰, 340॰, 155॰, 96॰, 17॰, 6॰, 100॰
10. খালী ঠাই পূৰ কৰা ।
(i) 1 সমকোণ = _________ ডিগ্ৰী
(ii) 2 সমকোণ = ________ ডিগ্ৰী
(iii) 1 সৰলকোণ = ________ সমকোণ
(iv) 1 সম্পূৰ্ণ কোণ = ________ সমকোণ = _________ ডিগ্ৰী

Question Type By- Himadree Bora
Post ID: DABP001716