বল | অধ্যায় ১১ | Force | Chapter 11 | Question Answer Assam | Class 8 science 2 Notes And Suggestion | অসম জাতীয় বিদ্য়ালয়ৰ অষ্ট শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

বল

অধ্যায়ঃ১১

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) জোনবাই, কাগজ, শামুক, ঘড়ী 一 এই কেইবিধ বস্তুৰ ভিতৰত কোনবিধ জড় নহয়?

a) কাগজ    b) ঘড়ী    c) শামুক    d) জোনবাই

উত্তৰঃ শামুক।

ii) গতিশীল বস্তুৱে আপোনা-আপুনি ৰৈ যাব পাৰেনে?

a) পাৰে    b) নোৱাৰে    c) কেতিয়াবা পাৰে কেতিয়াবা নোৱাৰে    d) কোনোটো শুদ্ধ নহয়

উত্তৰঃ নোৱাৰে।

iii) বলৰ 一

a) মান আছে দিশ নাই    b) দিশ আছে মান নাই    c) মান বা দিশ একো নাই    d) মান আৰু দিশ দুয়োটাই আছে

উত্তৰঃ মান আৰু দিশ দুয়োটাই আছে।

iv) এছ আই পদ্ধতিত বলৰ একক

a) নিউটন    b) জুল    c) মিটাৰ    d) কোনোটো শুদ্ধ নহয়

উত্তৰঃ নিউটন।

v) কোনটো বলে দূৰৈৰ পৰা কাম নকৰে?

a) মাধ্যাকৰ্ষণ বল    b) চুম্বকীয় বল    c) বৈদ্যুতিক বল    d) পেশীৰ বল

উত্তৰঃ পেশীৰ বল।

vi) কোনো বস্তুৰ ওপৰত একাধিক বলে একে দিশত ক্ৰিয়া কৰিলে মুঠ বলৰ মান

a) একে থাকে    b) কমি যায়    c) বাঢ়ি যায়    d) কেতিয়াবা কমে, কেতিয়াবা বাঢ়ে

উত্তৰঃ বাঢ়ি যায়।

2. চমু উত্তৰ দিয়াঃ 

i) বস্তুৰ গতিৰ দুটা ধৰ্ম লিখা।

উত্তৰঃ বস্তুৰ গতিৰ দুটা ধৰ্ম হৈছে 一

– জড় বস্তুৱে নিজে নিজে গতি কৰিব নোৱাৰে।

– গতিশীল বস্তুৱে আন কিবা বস্তুৱে বাধা নিদিয়া পৰ্য্য়ন্ত গৈয়ে থাকে।

ii) বল মানে কি?

উত্তৰঃ জড় বস্তুৱে নিজে নিজে গতি কৰিব নোৱাৰে। জড় বস্তুৰ এটাৰ গতিশীল ৰূপ ধাৰণ কৰাৰ মূলতে হৈছে বল প্ৰয়োগ।কোনো বস্তু গতিশীল কৰিবলৈ এক নিৰ্দিষ্ট পৰিমানৰ শক্তি প্ৰয়োগ কৰিব লাগিব এই শক্তিটো হৈছে বল।

iii) ধুমুহাত বাগৰি পৰা ডাঙৰ গছ এডাল এজন মানুহে অকলে লৰাব নোৱাৰে। কিন্তু কেইবাজনো মানুহ লগ লাগিলে লৰাব পাৰে। কাৰণ লিখা।

উত্তৰঃ ধুমুহাত বাগৰি পৰা ডাঙৰ গছ এডাল এজন মানুহে অকলে লৰাব নোৱাৰে। কিন্তু কেইবাজনো মানুহ লগ লাগিলে লৰাব পাৰে। কাৰণ কোনো বস্তুৰ ওপৰত একাধিক বলে একে দিশত ক্ৰিয়া কৰিলে মুঠ বলৰ মান বাঢ়ি যায়। এই কাৰ্য্য়টোত এজন মানুহে গছডাল লৰাব খোজোতে এটা বলে ক্ৰিয়া কৰিছিল। কিন্তু একাধিক মানুহে লৰাব চেষ্টা কৰোঁতে একাধিক বল লগ হৈ অধিক বলৰ সৃষ্টি কৰিছে।

iv) ৰছী টনা খেলত ৰছীডাল যেতিয়া একে ঠাইতে ৰৈ থাকে তেতিয়া ৰছীডালৰ ওপৰত প্ৰয়োগ হোৱা মুঠ বলৰ মান কি?

উত্তৰঃ ৰছী টনা খেলত ৰছীডাল যেতিয়া একে ঠাইতে ৰৈ থাকে তেতিয়া ৰছীডালৰ ওপৰত প্ৰয়োগ হোৱা মুঠ বলৰ মান সমান।

v) কোনো বস্তুৰ ওপৰত দুটা বিপৰীতমুখী বলে একে সময়তে কাম কৰিলে বস্তুটো কি চৰ্তত আৰু কোন দিশত গতি কৰিব?

উত্তৰঃ কোনো বস্তুৰ ওপৰত দুটা বিপৰীতমুখী বলে একে সময়তে কাম কৰিলে বস্তুটোৱে গতি লাভ কৰিব যদিহে বল দুটা অসমান হয় আৰু ডাঙৰ বলটো যি দিশত প্ৰয়োগ কৰা হয় সেই দিশতে বস্তুটোৱে গতি লাভ কৰে। বল দুটাৰ মান একে হ’লে অৰ্থাৎ বল দুটা সমান হলে বস্তুটোৱে গতি লাভ নকৰে।

vi) ক্ৰিকেট খেলত বলাৰ, বেটচ্মেন আৰু ফিল্ডাৰৰ ক্ৰিকেট বলটোৰ গতিৰ ক্ষেত্ৰত ভূমিকা কি কি?

উত্তৰঃ ক্ৰিকেট খেলত বলাৰে বলটোক গতিশীল কৰে, বেট্চমেনে তাৰ দিশ সলনি কৰে, আৰু ফিল্ডাৰে বলটোক স্থিৰ অৱস্থালৈ আনে।

vii) বলৰ উপস্থিতি কেনেদৰে গম পোৱা যায়?

উত্তৰঃ কোনো বস্তুৱে গতি লাভ কৰিলে, গতিশীল বস্তুৰ গতিবেগৰ মান কম-বেছি হ’লে, গতিশীল বস্তুৱে গতিৰ দিশ সলালে বা ৰৈ গ’লে আমি বুজিম যে কোনো বলৰ ক্ৰিয়াৰ ফলতে এই ঘটনাবোৰ ঘটিছে। অৰ্থাৎ বলৰ উপস্থিতি বস্তুৰ গতিৰ অৱস্থাৰ পৰাই গম পোৱা যায়।

viii) বলে যে গতিশীল বস্তুৰ গতিৰ দিশ সলাব পাৰে তাৰে দুটা উদাহৰণ দিয়া।

উত্তৰঃ বলে যে গতিশীল বস্তুৰ গতিৰ দিশ সলাব পাৰে তাৰে দুটা উদাহৰণ হৈছে 一

– ক্ৰিকেট খেলত বেট্চমেন এজনে বেটেৰে কোবাই গতিশীল বলটোৰ দিশ সলনি কৰে।

– 

ix) বলে যে গতিশীল বস্তুক স্থিৰ অৱস্থালৈ আনিব পাৰে  তাৰে দুটা উদাহৰণ দিয়া।

উত্তৰঃ বলে যছে গতিশীল বস্তুক স্থিৰ অৱস্থালৈ আনে তাৰ দুটা উদাহৰণ হৈছে 一

– ক্ৰিকেট খেলত ফিল্ডাৰ এজনে হাতেৰে ধৰি গতিশীল বলটোক স্থিৰ অৱস্থালৈ ঘূৰাই আনে।

– দৌৰি গৈ থকা মানুহ এজনৰ আগত এখন ডাঙৰ বেৰ থাকিলে মানুহজন ৰৈ যায়।

x) বলে যে বস্তুৰ ৰূপ সলাব পাৰে তাৰে দুটা উদাহৰণ দিয়া।

উত্তৰঃ বলে যে বস্তুৰ ৰূপ সলাব পাৰে তাৰে দুটা উদাহৰণ হৈছে 一

– ফুলাই লোৱা বেলুন এটা বা ৰবৰৰ বল এটা হাতেৰে হেচি দিলে তাৰ ৰূপৰ পৰিৱৰ্তন হয়।

– কমাৰ এজনে লো গৰম কৰি হাতুৰিৰে পিটি দা-কটাৰীৰ ৰূপ দিয়ে।

xi) বলৰ প্ৰতিক্ৰিয়া মানে কি?

উত্তৰঃ কোনো বস্তুৰ ওপৰত আমি বল প্ৰয়োগ কৰাৰ ফলত এক বিপৰীতমুখী বলৰ সৃষ্টি হয়। এনে দৰে বিপৰীতমুখী বলৰ সৃষ্টি হোৱাকে বলৰ প্ৰতিক্ৰিয়া বোলে।

xii) দূৰৈৰ পৰা কাম কৰিব পৰা তিনিবিধ বলৰ নাম লিখা।

উত্তৰঃ দূৰৈৰ পৰা কাম কৰিব পৰা তিনিবিধ বলৰ নাম হৈছে 一বৈদ্য়ুতিক বল, মধ্য়াকৰ্ষণ বল আৰু চুম্বকীয় বল।

xiii) ওপৰলৈ মাৰি পঠিওৱা শিল এটা কি বলৰ প্ৰভাৱত মাটিলৈ নামি আহে?

উত্তৰঃ ওপৰলৈ মাৰি পঠিওৱা শিল এটা মধ্য়াকৰ্ষণ বলৰ প্ৰভাৱত মাটিলৈ নামি আহে।

xiv) গতিশীল বস্তুৱে সৃষ্টি কৰা বলৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ গতিশীল বস্তুৱে সৃষ্টি কৰা বলৰ দুটা উদাহৰণ হৈছে 一

– কেৰম খেলত গতিশীল ষ্ট্ৰাইকটোৱে আন গুটিত খুন্দা মাৰি বল প্ৰদান কৰে।

– 

3. কিছু বহলাই লিখাঃ 

i) ‘বলৰ মান আৰু দিশ আছে।’ – উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ বল প্ৰয়োগ কৰিলেহে বস্তু এটা গতি পায়। কিন্তু কোনো বস্তু গতিশীল কৰিবলৈ আমি বস্তুটোৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছোঁ সেইটোও গুৰুত্বপূৰ্ণ সেইটোকে বলৰ মান বুলি কোৱা হয়। উদাহৰণস্বৰূপেঃ মেজৰ ওপৰত থকা কিতাপ এখন লৰচৰ কৰিবলৈ বেছি বল প্ৰয়োগ কৰিব নালাগে কিন্তু কিতাপ থকা মেজখন টানিবলৈ বা ঠেলিবলৈ বেছি বল দিব লগা হয়।

    মেজৰ ওপৰত থকা কিতাপ এখন হাতেৰে ঠেলি দিলে যি দিশত কিতাপখনৰ ওপৰত বল প্ৰয়োগ কৰিছা সেই দিশতে কিতাপখনে গতি কৰিব। অৰ্থাৎ কোনো বস্তুৰ ওপৰত উপযুক্ত পৰিমানৰ বল প্ৰয়োগ কৰিলে বস্তুটোৱে গতি লাভ কৰে বলৰ দিশত।

ii) বলৰ বিভিন্ন ধৰ্মবোৰৰ এখন তালিকা তৈয়াৰ কৰা।

উত্তৰঃ বলৰ বিভিন্ন ধৰ্মবোৰ হ’ল-

১) বলৰ পৰিমান আৰু মানঃ কোনো  বস্তু এটা গতিশীল কৰিবলৈ বস্তুটোৰ ওপৰত নিৰ্দিষ্ট পৰিমানৰ বল প্ৰয়োগ কৰা হয়, সেইটোৱে হৈছে বলৰ মান।

২) বলৰ দিশঃ যি দিশত বস্তুটোৰ ওপৰত বল পয়োগ কৰা হয় সেই দিশতে বস্তুটোৱে গতি লাভ কৰিব, অৰ্থাৎ কোনো বস্তুৰ ওপৰত উপযুক্ত পৰিমানৰ বল প্ৰয়োগ কৰিলে বস্তুটোৱে গতি লাভ কৰিব বলৰ দিশত।

৩) গতিশীল বস্তুৰ দ্ৰুতি প্ৰয়োগ কৰা বলৰ ওপৰত নিৰ্ভৰ কৰেঃ পয়োগ কৰা বলৰ মান বেছি হ’লে গতি লাভ কৰা বস্তুটোৰ দ্ৰুতি বেছি হয়। বলে গতিশীল বস্তুৰ দিশ সলনি কৰিব পাৰে আৰু গতিশীল বস্তুক স্থিৰ অৱস্থালৈ আনিব পাৰে।

৪) বলে বস্তুৰ ৰূপ সলনি কৰিব পাৰেঃ ফুলাই লোৱা বেলুন এটা বা ৰবৰৰ বল এটা হাতেৰে হেঁকুচি দিলে তাৰ ৰূপ আকৃতি সলনি হয়।

৬) বলৰ প্ৰতিক্ৰিয়াঃ কোনো বস্তুৰ ওপৰত আমি যেতিয়া বল প্ৰয়োগ কৰো ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এক বিপৰীতমুখী আৰু সমান বলৰ সৃষ্টি হয়। এই বল বস্তুটোৱে আমাৰ ওপৰত প্ৰয়োগ কৰে।

iii) বলৰ প্ৰতিক্ৰিয়াৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ কোনো বস্তুৰ ওপৰত আমি যেতিয়া বল প্ৰয়োগ কৰো বস্তুটোৱে আমাৰ ওপৰত এক বিপৰীতমুখী আৰু সমান বল প্ৰয়োগ কৰে।কোনোবাই এটা চাপৰ বা ভুকু মাৰিলে কষ্ট পোৱা যায় তাৰমানে চাপৰ বা ভুকু মৰা মানে বল প্ৰয়োগ কৰা অৰ্থাৎ তোমাৰ দেহত আন কোনোবাই বল প্ৰয়োগ কৰিছে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping