ভোগালী বিহু | Lesson 4 | Class 5 Assamese AJB | Question answer AJB | Assam Jatiy Bidyalay | অসম জাতিয় বিদ্যালয়

ভোগালী বিহু

 Lesson 4

〇 অৰ্থৰ সৈতে চিনাকি হও আহাঁ ঃ

দুনাই       =    দ্বিতীয়বাৰ 

কাতৰ      =    দুঃখিত, পীড়িত

বাহী গা    =    ৰাতিপুৱা স্নান নকৰা গা

কাইলই    =    কাইলৈল (গদ্যত ব্যৱহাৰ হয়)

খোলা       =    কলপটুৱাৰে প্ৰস্তুত কৰা দোণা

থাপনা        =    সেৱা-পূজা আদি কৰিবলৈ পাতি লোৱা ওখ বেদী

কেটেৰা মাত     =    খঙেৰে টানকৈ মতা মাত

ওমলি        =    ৰং, ধেমালি কৰি 

দন্দ           =    কাজিয়া

ঠেহপেচ   =    বেজাৰ পাই মনে মনে কৰা খং

(১) কবিতাটি মনত ৰাখাঁ। 

(২) প্ৰথমে কোৱা, তাৰ পাছত লিখাঁ ঃ

ক) কবিয়ে বায়েকক কিয় নিচেই পুৱাই জগাবলৈ কৈছে ?

উত্তৰঃ কবিয়ে বায়েকক নিচেই পুৱাই জগাবলৈ কোৱা কাৰণ হৈছে পিছদিনা ভোগালী বিহু। পুহৰ শেষদিন।

খ) গা নোধোৱাকৈ থাকিলে কি কৰিব নোৱাৰিব ?

উত্তৰঃ গা নোধোৱাকৈ থাকিলে মেজিৰ ওচৰ চাপিব নোৱাৰিব।

গ) বিহুৰ দিনা কবিয়ে মেজিৰ কাষত কি কৰিব ?

উত্তৰঃ বিহুৰ দিনা কবিয়ে মেজিৰ কাষত থাপনা পাতিব।

ঘ) কবিয়ে বিহু কিয় বৰ ভাল পায় ?

উত্তৰঃ বিহু দিনা সকলোৱে আদৰ যাচেহি কাৰণে কবিয়ে বিহু বৰ ভাল পায়।

ঙ) আইতাক কিয় বেজাৰত তলমুয়া হ’ব ? 

উত্তৰঃ বায়েকে যদি কবিক কেতেৰা মাতেৰে মাতে, আইতাকে শুনিলে বেজাৰত তলমুৱা হ’ব।

চ) বিহুৰ দিনা কবিয়ে কাক কাক প্ৰণাম জনাব ? 

উত্তৰঃ বিহুৰ দিনা কবিয়ে আইতা, দেউতাকক প্ৰণাম জনাব।

ছ) বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব বুলি কৈছে ?

উত্তৰঃ বিহুৰ দিনা কবিয়ে বায়েকক ফুলবছা গামোছা খুজিব বুলি কৈছে।

জ) বিহুৰ দিনাৰপৰা নতুন জীবন পাবলৈ কবিয়ে কি শেষ কৰা কথা কৈছে ?

উত্তৰঃ বিহুৰ দিনাৰ পৰকা নতুন জীৱন পাবলৈ মিছা কোৱা, দন্দ কৰা, ঠেহপেচ পতা  শেষ কৰা কথা কৈছে।

(৩) পঢ়াঁ, বুজা আৰু লিখাঁ ঃ 

ভোগা    –    ভোগালী

তেৰা     –       তেৰালী             

মেঘ      –       মেঘালী              

পূব        –          পূবালী          

(৪) পঢ়াঁ, বুজা আৰু লিখাঁ ঃ 

ৰং        –    ৰংঘৰ, ৰংমন, ৰংপুৰ, ৰংচঙীয়া

বিহু      –            বিহুৱান      ,  বিহুটি       ,      বিহুৱা          ,                

ৰাজ     –         ৰাজকোঁৱৰ         ,    ৰাজকুমাৰ           ,     ৰাজকুমাৰী          ,      ৰাজপ্ৰসাদ           

(৫) ক) ভোগালী বিহুত কবিয়ে কি কি কৰিব। কবিতাটি পঢ়ি লিখাঁঃ 

উত্তৰঃ ভোগালী বিহুত কবিয়ে মেজিৰ কাষত থাপনা পাতি হৰিনাম নাম গাই মেজিত জুই জ্বলাব।

খ) ভোগালী বিহুত তুমি কি কি কৰা লিখাঁ ঃ 

উত্তৰঃ ভূগালী বিহুৰ দিনা ৰাতিপুৱা মই গা ধুই নতুন কাপোৰ পিন্ধি মেজিৰ জুই জ্বলাও আৰু নিশা ভেলাঘৰত ভোজ ভাত খাওঁ। 

(৬) পঢ়া আৰু বুজা ঃ

কাইলই     =    কাইলৈ

আকউ     =    আকৌ

খাবলই     =    খাবলৈ

কাললই    =    কাললৈ

(৭) কাষৰ বাকচৰপৰা উপযুক্ত শব্দ বাছি তলৰ খালী ঠাই পূৰ কৰাঁ ঃ

(মাকৰ বাবে, মাকৰ, মাকে, মাকৰপৰা, মাকক )

ক)        মাকে       মালাক বৰ মৰম কৰে।

খ) তায়ো      মাকক          বৰ ভাল পায়।

গ) বনভোজৰপৰা আহোঁতে মালাই    মাকৰ বাবে            দুপাহ ফুল আনিলে। 

ঘ)    মাকৰ পৰা           তাই নিতৌ সজ উপদেশ পায়। 

ঙ) তাই      মাকৰ         আঁচলৰ ধন।

(৮) মাঘৰ বিহুৰ বিষয় দহোটামান বাক্যত এটি টোক লিখাঁ।

উত্তৰঃ মাঘৰ বিহু পুহ মাহৰ সংক্ৰান্তি দিনাৰ পানল কৰা হয়। এই বিহু আগদিনা উৰুকাত গাঁৱৰ সকলো লোক মিলি বনভোজ খায়। এই বিহুত মেজি জ্বলোৱা হয়। এই বিহু খেতি চপাই পালন কৰা বাবে সকলো বস্তু উভৈনদী হয়। এই বিহুক ভোগালী বিহু বুলি কোৱা হয়। অতিজৰে পৰা চলি থকা নিয়ম অনুসৰি  এই বিহুত বিভিন্ন ধৰণৰ খেল-ধেমালি পালন কৰা হয়। মাঘৰ বিহুত কুঁকুৰা যোজ, ম’হ যুজ, কণী যুঁজ, ইত্য়াদি পালন কৰা হয়। 

(৯) কাতি বিহু কঙালি                 মাঘৰ বিহু ভোগালী

                            ব’হাগত হুঁচৰি মাৰে

— কবিতাফাকিৰ তাৎপৰ্য বুজাই লিখাঁ।

উত্তৰঃ কাতি বিহু আন এটা নাম কঙালী, মাঘ বিহু আন এটা নাম ভোগালী, বহাগ বিহুত সকলোৱে হুচৰি গাই ফুৰে।

(১০) বাক্য ৰচনা কৰাঁ ঃ 

মাহ-প্ৰসাদ- মাঘ বিহুত মেজিৰ কাষত থাপনা পাতি মাহ-প্ৰসাদ দিয়া হয়।

 তলমুৱাঃ যি লোকে দুখ কৰে তেওঁ লোক সদায় তলমুৱাকৈ থাকে।

চিৰকালঃ বেয়া বস্তু সদায় চিৰকাললৈ ত্যাগ কৰিব লাগে।

দুনাইঃ এবাৰ পাৰ হৈ যোৱা সময় দুনাই ঘূৰি নাহে।

Type: Pallab Jyoti Bora

Author: Geetanjali Bora

Post ID DABP005829

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop