🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

শব্দ | অধ্যায়১৪ | Sound | Chapter 14 | Question Answer Assam | Class 8 Science 2 Notes And Suggestion

শব্দ

Chapter 14

প্ৰশ্নাৱলী :

1) শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i) বস্তুৰ কম্পনে শব্দ সৃষ্টি কৰে :

a) সঁচা                                                          b) মিছা

c) কেতিয়াবা সঁচা                                          d) এটা উত্তৰো শুদ্ধ নহয়

উত্তৰঃ a) সঁচা 

ii) আমি শুনা কম্পনাংকৰ সীমা

a) 20-2000 হাৰ্ট্জ                                        b) 20-20000 হাৰ্ট্জ

c) 2-2000 হাৰ্ট্জ                                           d)  a) আৰু b) দুয়োটা শুদ্ধ

উত্তৰঃ b) 20-20000 হাৰ্ট্জ।

iii) সিংহৰ মাতৰ কম্পনৰ বিস্তাৰ

a) নাই                                             b) কম

c) বেছি                                             d)  a) আৰু b) দুয়োটা শুদ্ধ

উত্তৰঃ c) বেছি।

iv) উচ্চ-পিট্ছৰ শব্দৰ কম্পনাংক 

a) বেছি                                           b) কম

c) কেতিয়াবা বেছি, কেতিয়াবা কম                       d) এটাও উত্তৰ শুদ্ধ নহয়

উত্তৰঃ a) বেছি 

v) বায়ুশূন্য ঠাইৰ মাজেৰে শব্দ

a) যাব পাৰে                                                     b) অধিক বেগেৰে যাব পাৰে

c) যাব নোৱাৰে                                                  d) উত্তৰ a) আৰু b) দুয়োটা শুদ্ধ

উত্তৰঃ c) যাব নোৱাৰে    

2. চমু উত্তৰ দিয়া:

i) মানুহে মুখেৰে উচ্চাৰণ কৰা শব্দবোৰ ক’ত সৃষ্টি হয়?

উত্তৰঃ মানুহে মুখেৰে উচ্চাৰণ কৰা শব্দবোৰ শব্দ বাকছ বা লেৰিংছত সৃষ্টি হয়।

ii) মানুহৰ স্বৰ ৰজ্জু কেইডাল থাকে?

উত্তৰঃ মানুহৰ স্বৰ ৰজ্জু দুডাল থাকে।

iii) বায়ুশূন্য মাধ্যমৰ মাজেদি শব্দৰ বিস্তাৰণ হ’ব পাৰেনে?

উত্তৰঃ বায়ুশূন্য় মাধ্য়মৰ মাজেদি শব্দৰ বিস্তাৰণ হ’ব নোৱাৰে।

iv) বায়ু আৰু পানী- কোনবিধ মাধ্যমৰ মাজেদি শব্দৰ বেগ বেছি?

উত্তৰঃ পানীৰ মাজেদি  হোৱা শব্দৰ বেগ বায়ুৰ মাজেদি হোৱা শব্দৰ বেগতকৈ প্ৰায় চাৰি গুণ বেছি।

v) শব্দ সৃষ্টি কৰিব পৰা কম্পন আমাৰ শৰীৰৰ কোনটো অংগই গ্ৰহণ কৰে?

উত্তৰঃ শব্দ সৃষ্টি কৰিব পৰা কম্পন আমাৰ শৰীৰৰ কাণে গ্ৰহণ কৰে।

vi) কৰ্ণপটহৰ কাম কি?

উত্তৰঃ কৰ্ণপটহৰ হ’ল এক টানি ধৰা ৰবৰৰ দৰে। শব্দৰ কম্পনে তাত গৈ কম্পনৰ সৃষ্টি কৰে। কৰ্ণপটহে সেই কম্পনক অন্তঃকৰ্ণলৈ প্ৰেৰণ কৰে।

vii) কম্পনাংক বুলিলে কি বুজা?

উত্তৰঃ দোলন গতিত প্ৰতি ছেকেণ্ডত কিমান দোলন হ’ল, তাকে কম্পনাংক বোলে।

viii) শব্দৰ তীক্ষ্ণতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ শব্দৰ তীক্ষ্ণতা কম্পনাংকৰ ওপৰত নিৰ্ভৰ কৰে।

ix) আমি শুনা শব্দৰ কম্পনাংকৰ পৰিসীমা কিমান?

উত্তৰঃ আমি শুনা শব্দৰ কম্পনাংক পৰিসীমা হ’ল ২০ হাৰ্টজৰ পৰা ২০,০০০ হাৰ্টজ।

x) শব্দ প্ৰদূষণৰ দুটা উৎসৰ নাম লিখা।

উত্তৰঃ শব্দ প্ৰদূষণৰ দুটা উৎসৰ নাম হ’ল- গাড়ী-মটৰৰ ইঞ্জিন আৰু হৰ্ণৰ শব্দ।

3. চাৰি-পাঁচটা বাক্যত উত্তৰ দিয়া :

i) শব্দৰ উৎপত্তি কেনেকৈ হয়?

উত্তৰঃ কোনো বস্তুত যেতিয়া কম্পনৰ সৃষ্টি হয় তেতিয়া শব্দৰ উৎপত্তি হয়। ষ্টীলৰ গিলাছ এটা চামুচেৰে লাহেকৈ কোবাই দিলে শব্দৰ সৃষ্টি হয় কিন্তু কম্পন নেদেখোঁ কিন্তু যদি গিলাছটো হাতেৰে চুই কম্পন বন্ধ কৰি দিয়া হয়, তেতিয়া শব্দও বন্ধ হৈ যাব। অৰ্থাৎ কম্পন অবিহনে শব্দ সৃষ্টি নহয়।

ii) শব্দই যে পানীৰ মাধ্যমেৰে গতি কৰিব পাৰে, সেয়া প্ৰমাণ কৰিব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ শব্দই যে পানীৰ মাধ্যমেৰে গতি কৰিব পাৰে, সেয়া প্ৰমাণ কৰিব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা হ’ল।

                   পানী পূৰ্ণ চৌবাচ্চা বা ডাঙৰ পাত্ৰ ভিতৰলৈ হাতেৰে এটা টিলিঙা ভৰাই দিয়া আৰু সেইটো বজোৱা। চাবা যাতে সেই টিলিঙাটো পাত্ৰ বা চৌবাচ্চাৰ বেৰত লাগি নাথাকে। এতিয়া তোমাৰ এখন কাণ লাহেকৈ পানীৰ পৃষ্ঠত থোৱা। এতিয়া তুমি তাৰ পৰাই টিলিঙা বজোৱা শব্দ শুনা পাবা। ইয়াৰ দ্বাৰাই প্ৰমাণ হ’ল যে শব্দই পানীৰ মাধ্য়মেৰে গতি কৰিব পাৰে।

iii) চিকিৎসকে ষ্টেথ’স্ক’প কিয় ব্যৱহাৰ কৰে?

উত্তৰঃ কঠিন পদাৰ্থৰ মাজেৰে শব্দৰ বেগ আটাইতকৈ বেছি আৰু সেইবোৰ শব্দৰ বিস্তাৰণ ঘটোঁতে শব্দৰ প্ৰাবল্য়ৰ বেশেষ হীন-দেঢ়ি নঘটে। সেইকাৰণে চিকিৎসক সকলে ৰোগীৰ হৃদযন্ত্ৰৰ স্পন্দন শুনিবলৈ আৰু জুখিবলৈ ষ্টেথ’স্ক’প ব্য়ৱহাৰ কৰে।

iv) আমাৰ শ্ৰৱণেন্দ্ৰিয় কাণৰ এক চিত্ৰ আঁকা।

উত্তৰঃ 

v) দোলন গতি কাক বোলে? দোলনকাল কি?

উত্তৰঃনিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দোলন গতিৰ পুনৰাবৃত্তি ঘটে। এনে ধৰণৰ গতিক পৰ্য্য়ায়বৃত্ত গতি বা দোলন গতি বোলে। 

                  যি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে এই গতিৰ পুনৰাবৃত্তি ঘটে এই সময়খিনিক দোলনকাল বোলে।

vi) কোলাহল আৰু সংগীত কি?

উত্তৰঃ মানুহে সাধাৰণতে ভাল নোপোৱা শব্দবোৰক কোলাহাল বোলে। আনহাতে সাংগীতিক বাদ্য় যন্ত্ৰবোৰ ভালকৈ বজালে সেয়া আমাৰ কাণত শ্ৰুতিমধুৰ হৈ ধৰা দিয়ে। সেইবোৰ শব্দক সংগীত বুলি কোৱা হয়।

vii) শব্দ প্ৰদূষণ কাক বোলে- বুজাই লিখা।

উত্তৰঃ যিবোৰ শব্দই কোলাহালৰ সৃষ্টি কৰে আৰু পৰিবেশত যদি অত্য়ধিক বা অবাঞ্চিত শব্দ থাকে তাকে শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ মূল কাৰক বোৰ হৈছে – গাড়ী মটৰৰ ইঞ্জিন, হৰ্ণৰ শব্দ, কল-কাৰখানাৰ শব্দ, লাউডস্পীকাৰৰ শব্দ আদি। শব্দ প্ৰদূষণে আমাৰ শৰীৰত নেতিবাচক প্ৰভাব পেলাব পাৰে।

viii) আমাৰ ঘৰত কিহে শব্দ প্ৰদূষণৰ সৃষ্টি কৰে?

উত্তৰঃ আমাৰ ঘৰত পাকঘৰৰ সামগ্ৰী, কুলাৰ, এয়াৰ কণ্ডিছনাৰ আদিয়ে শব্দ প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে।

ix) শব্দ প্ৰদূষণে আমাৰ স্বাস্থ্যত কি কি নেতিবাচক প্ৰভাৱ পেলাব পাৰে?

উত্তৰঃ শব্দ প্ৰদূষণে আমাৰ স্বাস্থ্য়ত নেতিবাচক প্ৰভাব পেলাব পাৰে। তাৰ ভিতৰত আছে নিদ্ৰাহীনতা,হাইপাৰটেনছন, উদ্বেগ আৰু আন কিছুমান লক্ষণ।

DIKHA BORA

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop