🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

সম্পদ | Lesson 5 | Class 7 Social Science Question And Answer Sankardev | শংকৰদেৱ স্কুলৰ সমাজ বিজ্ঞান সপ্তম মানৰ প্ৰশ্ন আৰু উত্তৰ |প্ৰাকৃতিক সম্পদ (ইংৰাজী: Natural Resources) হৈছে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত।

সম্পদ

পাঠ-৫

১। সম্পদ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিকোনো দ্ৰব্য় বা পদাৰ্থ যেতিয়া ব্য়ৱহাৰৰ উপযোগী কৰি তোলা হয় তাকে সাধাৰণ অৰ্থত সম্পদ বোলা হয়।

২। সম্পদৰ  প্ৰধান ভাগকেইটা কি কি?

উত্তৰঃ সম্পদৰ প্ৰধান প্ৰকাৰ তিনিটা হৈছে – প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট বা কৰ্ষিত সম্পদ।

৩। মানৱক কিয় সম্পদ বোলা হয়?

উত্তৰঃ মানুহে প্ৰকৃতিৰ সকলো সম্পদকে নিজৰ জ্ঞান-বুদ্ধি আৰু কৰ্মৰ দ্বাৰা ব্য়ৱহাৰৰ উপযোগী কৰি তুলিব পাৰে। সেয়েহে মানৱক সম্পদ বোলা হয়।

৪। প্ৰাকৃতিক সম্পদসমূহৰ বৰ্ণনা দিয়া।

উত্তৰঃ প্ৰাকৃতিক সম্পদ হৈছে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি, পানী, বায়ু, খনিজ পদাৰ্থ, উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। 

৫। অসমৰ হাবিত চাহগছ আৱিস্কাৰ কেতিয়া হৈছিল? কোনে কৰিছিল?

উত্তৰঃ অসমৰ হাবিত চাহগছ আৱিস্কাৰ ১৮২৩ চনত হৈছিল। ৰবাৰ্ট ব্ৰুছ নামৰ ইংৰাজ লোক এজনে এই আৱিষ্কাৰ কৰিছিল।

৬। মানৱসৃষ্ট সম্পদ কোনবোৰ?

উত্তৰঃ মানুহে নিজৰ জ্ঞান বুদ্ধি আৰু কৰ্মৰ দ্বাৰা তথা বিজ্ঞান প্ৰযুক্তিৰ বিকাশেৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা সম্পদসমূহেই হ’লমানৱসৃষ্ট সম্পদ।

-Hiru Moni Bora

Post ID : DABP005966

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop