অম্ল, ক্ষাৰক আৰু লৱণ | Lesson 5 | Class 7 Science Sankardev School Question and Answer | শংকৰদৱ স্কুলৰ সপ্তম শেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

অম্ল, ক্ষাৰক আৰু লৱণ

পাঠ ৫

১। অম্লৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ অম্লৰ দুটা বৈশিষ্ট্য হৈছে – 

– অম্লই নীলা লিটমাছ ৰঙা কৰে।

– অম্লৰ সোৱাদ টেঙা।

২। ক্ষাৰকৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ক্ষাৰকৰ দুটা বৈশিষ্ট্য় হৈছে – 

– ক্ষাৰকৰ সোৱাদ তিতা।

– ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে।

৩। লিটমাছ দ্ৰৱ ক’ৰ পৰা পোৱা যায়? ইয়াৰ ব্যৱহাৰ কি?

উত্তৰঃ লিটমাছ প্ৰাকৃতিক ভাৱে ছত্ৰক শৈৱালত পোৱা যায়।

    পৰীক্ষাগাৰত ৰঙা আৰু নীলা লিটমাছক কাকত হিচাপে ব্য়ৱহাৰ কৰা যায়।

৪। অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিব পৰা দুবিধ সূচকৰ নাম লিখা।

উত্তৰঃ অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিব পৰা দুবিধ সূচকৰ নাম হৈছে – লিটমাছ আৰু হালধি।

৫। সূচকবোৰ কি? ইয়াৰ ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ অম্ল আৰু ক্ষাৰক চিনাক্ত কৰিবলৈ ব্য়ৱহাৰ কৰা পদাৰ্থসমূহেই হৈছে সূচক।

৬। প্ৰশমন বুলিলে কি বুজা?

উত্তৰঃ অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াটোক প্ৰশমন বোলা হয়। এই বিক্ৰিয়াৰ দ্বাৰা অম্ল আৰু ক্ষাৰকে নিজৰ ধৰ্ম হেৰুৱায়। এই বিক্ৰিয়াৰ ফলত লৱণ, পানী আৰু তাপ উৎপন্ন হয়।

৭। মানুহৰ পাকস্থলীত কি অম্ল থাকে?

উত্তৰঃ মানুহৰ পাকস্থলীত হাইড্ৰ’ক্লৰিক এচিড থাকে।

৮। দৈ গাখীৰ কিয় টেঙা সোৱাদযুক্ত হয়?

উত্তৰঃ দৈ গাখীৰত লেক্টিক এচিড থকাৰ বাবে ইয়াৰ সোৱাদ টেঙা।

৯। লৱণ কি? দুবিধ লৱণৰ নাম লিখা।

উত্তৰঃ লৱণ হৈছে প্ৰশমনত উৎপন্ন হোৱা এবিধ দ্ৰৱ।

    দুবিধ লৱণৰ নাম হৈছে – 

১০। বিছাই ডাকিলে আৰাম পাবৰ বাবে চূণ ঘঁহি দিয়া হয়। ইয়াৰ কাৰণ ব্যাখ্য়া কৰা।

উত্তৰঃ বিছাই ডাকিলে আমাৰ ছালত বা ছালৰ ভিতৰত ফৰ্মিক এচিড নামৰ এবিধ অম্ল এৰি দিয়ে। ইয়াৰ আম্লিক গুণ প্ৰশমন কৰিবলৈ ক্ষাৰকীয় ধৰ্মৰ চূণ ঘঁহি দিয়া হয়।

১১। সোণৰ অলংকাৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা তৰলবিধ কি?

উত্তৰঃ সোণৰ অলংকাৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা তৰলবিধ হৈছে – নাইট্ৰিক এচিড।

১২। অধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা মাটিৰ উৰ্বৰতা এটা সময়ত হ্ৰাস পায়। ইয়াৰ কাৰণ কি? ইয়াক প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা কৰা হয়?

উত্তৰঃ অধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পায়।

১৩। বৰলে বিন্ধিলে আমাৰ শৰীৰত এৰি দিয়া ৰাসায়নিক দ্ৰব্যবিধৰ নাম কি?

উত্তৰঃ বৰলে বিন্ধিলে আমাৰ শৰীৰত এৰি দিয়া ৰাসায়নিক দ্ৰব্যবিধৰ নাম হৈছে – ফৰ্মিক এচিড।

১৪। এচিড বৰষুণ কি? ইয়াৰ কেনেদৰে সৃষ্টি হয় ব্যাখ্য়া কৰা।

উত্তৰঃ যেতিয়া বতাহত পানী বৰষুণ, বৰফ, শিলাবৃষ্টি বা বৰফ হিচাপে নামি আহে, ই ইয়াৰ সৈতে এই গেছবোৰ কঢ়িয়াই আনে। ইয়াক এচিড বৰষুণ বুলি কোৱা হয়। 

    ইয়াৰ আটাইতকৈ ডাঙৰ উৎসহৈছে কয়লা জ্বলোৱা শক্তি প্ৰকল্প, কাৰখানা, আৰু অটোমোবাইল। যেতিয়া মানুহে জীৱাশ্ম ইন্ধন জ্বলায়, ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড বায়ুমণ্ডলত এৰি দিয়া হয়। তাৰ ফলত এচিড বৰষুণৰ সৃষ্টি হয়।

– Hiru Moni Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop