আমাৰ চৌপাশৰ বজাৰ । পাঠ ২২ । Chapter 22 | Class 7 Social Science Question And Answer Sankardev School | Class 7 Social Science Suggestion Sankardev School | Class 7 Social Science Notes Sankardev School | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ভাৰতী সমাজ বিজ্ঞান সপ্তম মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

আমাৰ চৌপাশৰ বজাৰ 

পাঠ – ২২

অনুশীলনী 

(১) চমু উত্তৰ দিয়া-

(ক) বিনিময় প্ৰথা কাক বোলে ?

উত্তৰঃ সামগ্ৰীৰ ৰাহি হোৱা অংশখিনি প্ৰয়োজন অনুযায়ী আম এজনৰ ওপৰঞ্চি হোৱা অংশৰ লগত সাল-সলনি কৰি লোৱা। এনেদৰে বস্তুৰ লগত বস্তুৰ প্ৰত্যক্ষ সাল সলনি কৰা প্ৰথাটোক বিনিময় প্ৰথা বুলি কোৱা হয়।

(খ) জোনবিল মেলা ক’ত বহে আৰু ই কিহৰ বাবে বিখ্যাত ?

উত্তৰঃ জোনবিল মেলা মৰিগাঁও জিলাৰ জাগীৰোডৰ নাামৰ ঠাইত বহে আৰু ইয়াত বিনিময়  বা বস্তু সাল-সলনি কৰা প্ৰথাৰ বাবে বিখ্যাত।

(গ) বজাৰ কাক বােলে ?

উত্তৰঃ মুদ্ৰাৰ মাধ্যমত সামগ্ৰী বা সেৱাসমূহ কিনা-বেচা কৰা সমগ্ৰ ব্যৱস্থাটোক বজাৰ বুলি কোৱা হয়।

(ঘ) দৈনিক বজাৰ কি ?

উত্তৰঃ দোকানবোৰক বিজ্ঞানসন্মত জোখ-মাখৰ যন্ত্ৰৰ উপৰি নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী ৰখা দোকানবোৰত কেতবোৰ সামগ্ৰীৰ জমাৰ পৰিমাণ আৰু মূল্য ব’ৰ্ডত লিখি থোৱা থাকে। এনে ধৰণৰ বজাৰবোৰক দৈনিক বজাৰ বোলা হয়।

(ঙ) দৈনিক বজাৰক স্থায়ী বজাৰ বুলি কিয় কোৱা হয় ?

উত্তৰঃ দৈনিক বজাৰ সাধাৰণতে স্থায়ী ঘৰত এই দোকান-পোহাৰবোৰ বহে কাৰণে ইয়াক স্থায়ী বজাৰ বুলি কোৱা হয়।

(চ) বস্তুৰ দাম বা দৰ মানে কি ?

উত্তৰঃ মুদ্ৰাৰ মাধ্যমত দিয়া মূল্যক বস্তুৰ দাম বা দৰ বুলি কোৱা হয়।

(ছ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয় ?

উত্তৰঃ সাপ্তাহিক বজাৰত একে জাতীয় বস্তু কেইবাখনো দোকানত থকা বাবে তুলনামূলক ভাৱে বস্তুৰ দাম সস্তা হয়।

(জ) হকাৰ বা ফেৰিৱালাই সাধাৰণতে কি কি সামগ্রী আনে ?

উত্তৰঃ হকাৰ বা ফেৰিৱালাই সাধাৰণতে বাচন-বৰ্তন, কাপোৰ, মাছ, কণি, শাক-পাচলি গাখীৰ, ফলমূল, মাছ, কেৰাচিন আৰু বাতৰি-কাকত ইত্যাদি। 

(ঝ) শ্বপিং কমপ্লেক্স কি ?

উত্তৰঃ শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি, য’ত দোকানভেদে বিভিন্ন সামগ্ৰী কিনা-বেচা কৰা হয়।

(ঞ) ই-বজাৰ মানে কি ?

উত্তৰঃ ই-বজাৰ মানে হ’ল ইন্টাৰনেট বিকাশৰ পাছত চাইবাৰ জগতত বিকশি উঠা এক ধৰণৰ বজাৰ ব্যৱস্থা। ই-বজাৰক অনলাইন বজাৰ বুলিও কোৱা হয়।

২। উত্তৰ লিখা- 

ক) বজাৰ শৃংখল মানে কি ?

উত্তৰঃ উৎপাদনকাৰীৰ পৰা গ্ৰাহকলৈ থকা শৃংখল বা সম্পৰ্ককে বজাৰ শৃংখল বুলি কোৱা হয়।

খ) বিভিন্ন প্রকাৰৰ বজাৰে আমাৰ সামাজিক প্রয়ােজনবােৰ কিদৰে পূৰণ কৰে ?

উত্তৰঃ 

গ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ পার্থক্য লিখা ।

উত্তৰঃ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজত পাৰ্থক্য হ’ল- 


ঘ) শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজৰ পার্থক্য লিখা ।

উত্তৰঃ শ্বপিং মল আৰু শ্বপিং কমপ্লেক্সৰ মাজত পাৰ্থক্য হ’ল-(১) শ্বপিং মলৰ মালিকীস্বত্ব এজন ব্যক্তিবা কেইবাজনো ব্যক্তিৰ এটা গোটৰ হাতত থাকে আনহাতে শ্বপিং কমপ্লেক্সৰ প্ৰতিজন দোকানৰ মালিকীস্বত্ব ভিন ভিন হয়।(২) শ্বপিং মল হৈছে এটা ডাঙৰ ঘৰত থকা বজাৰ আনহাতে,  শ্বপিং কমপ্লেক্স হৈছে এটা ডাঙৰ ঘৰত থকা কিছুমান দোকানৰ সমষ্টি।

ঙ) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পার্থক্য আছে ?

উত্তৰঃ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত পাৰ্থক্য হ’ল-(১)দৈনিক বজাৰ হৈছে স্থায়ী বজাৰ। আনহাতে, সাপ্তাহিক বজাৰ হৈছে অস্থায়ী বজাৰ।
(২) দৈনিক বজাৰ স্থায়ী ঘৰ থাকে। আনহাতে, সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাই।

 চ) মুদ্ৰা বুলিলে কি বুজা ?

উত্তৰঃ বিনিময়ৰ মাধ্যম হিচাপে যিটো বস্তু সকলোৱে গ্ৰহণ কৰে আৰু যি একে সময়তে মূল্যৰ জোখ আৰু সঞ্চয়ৰ ভঁৰাল হিচাপে কাম কৰে তাকেই মুদ্ৰা বুলি কোৱা হয়।

ছ) বিক্রেতাই লাভ কেনেকৈ অৰ্জন কৰে ? 

উত্তৰঃ বিক্ৰেতাই কোনো এটা সামগ্ৰী যিটো দামত সংগ্ৰহ কৰে তাতকৈ অধিক দামত গ্ৰাহকৰ ওচৰত বিক্ৰী কৰি লাভ অৰ্জন কৰে।

জ) বজাৰলৈ নােযােৱাকৈ বস্তু বেচা-কিনা কেনেকৈ কৰিব পাৰি ?

উত্তৰঃ ই-বজাৰ বা অনলাইন বজাৰ যোগে বজাৰলৈ নোযোৱাকৈ বস্তু বেচা-কিনা কৰিব পাৰি।

ঝ) পাইকাৰী বজাৰৰ দামক কি বুলি জনা যায় ?

উত্তৰঃ পাইকাৰী বজাৰত দামক পাইকাৰী দাম বুলি জনা যায়।

ঞ) ধনেশ্বৰে মনেশ্বৰ ৰাভাক বিক্ৰী কৰা চোলাটোৰ খুচুৰা দাম কিমান আছিল ?

উত্তৰঃ ধনেশ্বৰে মনেশ্বৰ ৰাভাক বিক্ৰী কৰা চোলাটোৰ খুচুৰা দাম আছিল ১০০ টকা।

ট) চোলাটোৰ পাইকাৰী দাম কিমান ?

উত্তৰঃ চোলাটোৰ পাইকাৰী দাম  

ঠ) দীপক ষ্ট’ৰৰ মালিকে একেটা চোলাত কিমান টকাকৈ লাভ কৰিছে ?

উত্তৰঃ 

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা— 

ক) গ্রাহকে বস্তু ক্রয় কৰে সাধাৰণতে— 

১। উৎপাদনকাৰীৰপৰা,

২। পাইকাৰী বিক্রেতাৰপৰা,

৩। খুচুৰা বিক্রেতাৰপৰা ।  

উত্তৰঃ  ৩। খুচুৰা বিক্ৰেতাৰ পৰা।

খ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকল—

১। পাইকাৰী বিক্রেতা,

২। খুচুৰা বিক্রেতা,

৩। হকাৰ বা ফেৰিৱালা ।

উত্তৰঃ ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্ৰেতাসকল-৩। হকাৰ বা ফেৰিৱালা।

গ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম কম হলে ব্যৱসায়ীজনৰ- 

১। লাভ হয়,

২। লােকচান হয়,

৩। একো নহয় । 

উত্তৰঃ বস্তু এটাৰ কিনা দামতকৈ বিক্ৰী দাম কম হ’লে ব্যৱসায়ীজনৰ- ২। লােকচান হয়।.

ঘ) সকলাে ব্যৱসায়ীৰ বস্তু ক্রয়-বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে— 

১। লাভ অর্জন কৰি জীৱিকা নির্বাহ কৰা,

২। লােকচান ভৰা,

৩। বিক্রী বৃদ্ধি কৰা । 

উত্তৰঃ সকলো ব্যৱসায়ীৰ বস্তু ক্ৰয়-বিক্ৰয় কৰাৰ মূল লক্ষ্য হৈছে- ১। লাভ অৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰা।

ঙ) উৎপাদনকাৰীয়ে বস্তু বিক্ৰী কৰে— 

১। পাইকাৰী বিক্রেতাক,

২। খুচুৰা বিক্রেতাক,

৩। গ্রাহকক ।

 উত্তৰঃ উৎপাদনকাৰীয়ে বস্তু বিক্ৰী কৰে-১। পাইকাৰী বিক্ৰেতাক।

৪ | খালী ঠাই পূৰ কৰা—

 (ক) ………………. প্রথাত সামগ্ৰীৰ সলনি সামগ্রী বিনিময় কৰা হয় । 

উত্তৰঃ বিনিময় প্ৰথাৰ সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা হয়।

(খ) বজাৰৰ সামগ্ৰীৰ উপৰি সেৱাসমূহাে মুদ্ৰাৰ মাধ্যমত ……………….. কৰা হয় । 

উত্তৰঃ বজাৰত সামগ্ৰীৰ উপৰি সেৱাসমূহো মুদ্ৰাৰ মাধ্যমত কিনা-বেচা কৰা হয়।

(ঘ) ………………. হৈছে এটা ডাঙৰ ঘৰত থকা বজাৰ । 

উত্তৰঃ শ্বপিং মল হৈছে ডাঙৰ ঘৰত থকা বজাৰ।

(ঙ) শ্বপিং কমপ্লেক্সত প্রতিখন দোকানৰ ………………….. বেলেগ বেলেগ হয় ।

উত্তৰঃ  শ্বপিং কমপ্লেক্সত প্ৰতিখন দোকানৰ মালিকীস্বত্ব বেলেগ বেলেগ হয়।

(চ) …………….. হৈছে বস্তু বেচা-কিনাৰ মাধ্যম ।

উত্তৰঃ মুদ্ৰা।

(ছ) ই- বজাৰক ……………….. বুলিও কোৱা হয় ।

উত্তৰঃ অনলাইন।

 Type: সৌৰভ বৰা 

Author: Himashree Bora.
Post ID : DABP006093

0
    0
    Your Cart
    Your cart is emptyReturn to Shop