🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

গুপ্ত সাম্ৰাজ্যৰ উত্থান । পাঠ ১২ । Chapter 12 | Class 7 Social Science Question And Answer Sankardev School | Class 7 Social Science Sankardev Suggestion | Class 7 Social Science Sankardev Notes | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান সহায়িকা । ভাৰতী সমাজ বিজ্ঞান সপ্তম শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ

গুপ্ত সাম্ৰাজ্যৰ উত্থান

পাঠ ১২

১। উত্তৰ লিখা

 (ক) সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কোনে প্রস্তুত কৰিছিল?

 উত্তৰঃ সমুদ্রগুপ্তৰ এলাহাবাদ স্তম্ভলিপিখন কবি হৰিসেনে প্রস্তুত কৰিছিল।


(খ) সমুদ্রগুপ্তই দাক্ষিণাত্যত কেইজন ৰজাক পৰাস্ত কৰিছিল?

উত্তৰঃ সমুদ্রগুপ্তই দাক্ষিণাত্যত ১২ জন ৰজাক পৰাস্ত কৰিছিল।


(গ) ফা-হিয়ানে ভাৰতবর্ষ ভ্ৰমণ কৰাৰ সময়য়ত গুপ্ত বংশৰ ৰজা কোন আছিল?

উত্তৰঃ ফা-হিয়ানে ভাৰতবর্ষ ভ্ৰমণ কৰাৰ সময়য়ত গুপ্ত বংশৰ ৰজা ৰামগুপ্ত আছিল।


(ঘ) ‘মুদ্রাৰাক্ষস’ নাটকখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘মুদ্রাৰাক্ষস’ নাটকখন বিশাখা দত্তই ৰচনা কৰিছিল।


(ঙ) ‘পঞ্চতন্ত্র’ নামৰ বিখ্যাত সাধুকথাৰ পুথিখন কোনে ৰচনা কৰিছিল? 

উত্তৰঃ ‘পঞ্চতন্ত্র’ নামৰ বিখ্যাত সাধুকথাৰ পুথিখন বিষ্ণু শৰ্মা নামৰ এজন লোকে ৰচনা কৰিছিল।


(চ) কালিদাসে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ কালিদাসে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হৈছে 一 অভিজ্ঞানমশকুন্তলম আৰু মেঘদূত।


( ছ ) শূন্য (০) ৰ ধৰ্ম আৰু ব্যৱহাৰৰ নিয়মসমূহ প্রথম কোনে বিশ্বক পৰিচয় কৰাই দিছিল?

উত্তৰঃ শূন্য (০) ৰ ধৰ্ম আৰু ব্যৱহাৰৰ নিয়মসমূহ প্রথম ব্ৰহ্মগুপ্তই বিশ্বক পৰিচয় কৰাই দিছিল।


২। চমু টোকা লিখাঃ

(ক) প্রথম চন্দ্রগুপ্তঃ প্ৰথম চন্দ্ৰগুপ্তই ৩২০ খ্ৰীঃত গুপ্ত সাম্ৰাজ্য়ৰ সিংহাসনত উঠে। তেওঁ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ পৰা বুজা যায় যে তেওঁ এজন শক্তিশালী ৰজা আছিল। প্রথম চন্দ্রগুপ্তই সোণৰ মোহৰ মৰাইছিল। এই মোহৰৰ এপিঠিত তেওঁ আৰু তেওঁৰ ৰাণী কুমাৰাদেৱীৰ নাম আৰু আনটো পিঠিত সিংহৰ ওপৰত উপৱিষ্ট দেৱী দুৰ্গাৰ প্ৰতিমূৰ্তি অংকন কৰাইছিল। প্রথম চন্দ্রগুপ্তই গুপ্ত চন এটি প্রচলন কৰিছিল বুলি ঐতিহাসিকসকলে ক’ব খোজে আৰু এই গুপ্ত চনটো ২৬ ফেব্ৰুৱাৰী ৩২০ খ্ৰীঃত আৰম্ভ হোৱা বুলি জনা যায়।


(খ) সমুদ্রগুপ্তঃ প্ৰথম চন্দ্ৰগুপ্তৰ পাছত তেওঁৰ পুত্ৰ সমুদ্ৰগুপ্ত সিংহাসনত উঠে। তেওঁ আছিল এজন বিখ্য়াত যোদ্ধা, ৰাজ্য় বিজেতা আৰু আৰু সুশাসক।


(গ) কালিদাসঃ কালিদাস আছিল এই যুগৰ আটাইতকৈ প্রখ্যাত কবি আৰু নাট্যকাৰ৷ তেওঁ ৰচনা কৰা ‘অভিজ্ঞানশকুন্তলম্‌’ এখন বিশ্ববিখ্যাত গ্রন্থ। ইয়াৰ উপৰি তেওঁ ‘মেঘদূত’, ‘ঋতুসংহাৰ’, ‘ৰঘুবংশ’, ‘কুমাৰসম্ভৱ’, ‘মালবিকাগ্নিমিত্র’ আদি কেইবাখনো কাব্যপুথি ৰচনা কৰি গুপ্ত যুগৰ সাহিত্যৰ ভঁৰাল চহকী কৰিছিল।


(ঘ) গুপ্ত যুগৰ স্থাপত্য আৰু ভাস্কর্যঃ 


(ঙ) দ্বিতীয় চন্দ্রগুপ্ত বা বিক্রমাদিত্যঃ সমুদ্রগুপ্তৰ পাছত ৰামগুপ্ত নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল বুলি জনা যায়। কিন্তু তেওঁ অতি দুৰ্বল ৰজা আছিল আৰু শকসকলৰ ওচৰত তেওঁ আত্মসমৰ্পণ কৰিছিল। তেওঁক হত্যা কৰি দ্বিতীয় চন্দ্রগুপ্ত ৩৮০ খ্ৰীঃত গুপ্ত বংশৰ ৰজা হয়। দ্বিতীয় চন্দ্রগুপ্তক বিক্রমাদিত্য নামেৰেও জনা যায়। দ্বিতীয় চন্দ্রগুপ্ত এজন সুদক্ষ সৈন্যাধ্যক্ষ আৰু সুশাসক আছিল। তেওঁ শকসকলৰ বিৰুদ্ধে সামৰি অভিযান চলাই শকসকলক সম্পূৰ্ণ পৰাস্ত কৰে আৰু শকসকলৰ অধীনত থকা বেক্‌ট্রিয়াও আক্রমণ কি অধিকাৰ কৰে। দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত গুপ্ত সাম্রাজ্য উন্নতিৰ উচ্চ শিখৰ পাইছিল। এইজন ৰজাৰ ৰাজত্বকালতে চীনা পৰিব্রাজক ফা হিয়েনে ভাৰতবৰ্ষ ভ্রমণ কৰে আৰু ভাৰতবৰ্ষৰ বিষয়ে এটি টোকা লিখি থৈ যায়।
(চ) নৱৰত্নঃ 

৩। খালী ঠাই পূৰণ কৰাঃ
(ক) প্রথম চন্দ্রগুপ্তই সোণৰ মােহৰ মৰাইছিল।
(খ) হৰিসেন আছিল সমুদ্রগুপ্তৰ ৰাজসভাৰ এজন প্ৰখ্য়াত কবি
(গ) সমুদ্রগুপ্তই প্রচলন কৰা কোনাে কোনাে মুদ্ৰাত তেওঁক …. হিচাপে অংকিত কৰা  হৈছিল । 
(ঘ) দ্বিতীয় চন্দ্রগুপ্তক বিক্ৰমাদিত্য় নামেৰেও জনা যায়। 
(ঙ) স্কন্দগুপ্তৰ ৰাজত্বকালত হুনবিলাকে ভাৰতবর্ষ আক্রমণ কৰে। 
(চ) ‘অভিজ্ঞানশকুন্তলম’ কালিদাসে ৰচনা কৰিছিল । 

৪। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ(ক) সমুদ্রগুপ্ত গুপ্ত বংশৰ প্ৰথম ৰজা।

উত্তৰঃ অশুদ্ধ।


(খ) গুপ্ত যুগক ভাৰতৰ ইতিহাসৰ সােণালী যুগ বুলি কোৱা হয়।

উত্তৰঃ শুদ্ধ।


(গ) সমুদ্রগুপ্তই বৌদ্ধ ধর্ম গ্রহণ কৰিছিল।

উত্তৰঃ অশুদ্ধ।


(ঘ) গুপ্ত যুগত সংস্কৃত ভাষাই ৰাজকীয় পৃষ্ঠপােষকতা লাভ কৰিছিল।

উত্তৰঃ শুদ্ধ।


(ঙ) বৰাহমিহিৰে ‘ৰঘুবংশ’ ৰচনা কৰিছিল।

উত্তৰঃ অশুদ্ধ।

৫৷ তলত দিয়া প্রশ্নকেইটাৰ চমু উত্তৰ লিখাঃ
(ক) সমুদ্রগুপ্তৰ সামৰিক অভিযান।

উত্তৰঃ


(খ) দ্বিতীয় চন্দ্রগুপ্তৰ ৰাজত্বকাল । 

উত্তৰঃ


(গ) গুপ্ত যুগক কিয় ভাৰতৰ ইতিহাসৰ সােণালী যুগ বুলি আখ্যা দিয়া হয় ? 

উত্তৰঃ


(ঘ) ফা – হিয়ানৰ ভাৰত সম্পর্কীয় টোকা ।উত্তৰঃ

Post ID : DABP006005

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop