🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

তাপৰ ধাৰণা | চতুৰ্থ অধ্যায় | Chapter 4 | Class 7 Science Sankardev Question Answer | শংকৰদেৱ স্কুলৰ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ | Class 7 Question Answer

তাপৰ ধাৰণা

পাঠ ৪

১। উষ্ণতা কাক বোলে?

উত্তৰঃ উষ্ণতা হৈছে ফাৰেনহাইট আৰু চেলচিয়াছকে ধৰি কেইবাটাও স্কেলৰ ক্ষেত্ৰত প্ৰকাশ কৰা গৰম বা শীতলতাৰ জোখ। 

২। উষ্ণতামাপক যন্ত্ৰ কাক বোলে।

উত্তৰঃ যি যন্ত্ৰৰ দ্বাৰা উষ্ণতা জোখা হয়, সেই যন্ত্ৰক উষ্ণতামাপক যন্ত্ৰ বোলা হয়।

৩। মাধ্যম অবিহনে তাপৰ সঞ্চালন হোৱা পদ্ধতিটোক কি বোলে?

উত্তৰঃ মাধ্যম অবিহনে তাপৰ সঞ্চালন হোৱা পদ্ধতিটোক বিকিৰণ বোলে।

৪। ঠাণ্ডাৰ দিনত আমি ঊলৰ কাপোৰ ব্যৱহাৰ কৰোঁ কিয়?

উত্তৰঃ ঊলৰ কাপোৰৰ মাজেৰে বায়ু পাৰ হ’ব নোৱাৰে, ফলত বাহিৰৰ ঠাণ্ডা বতাহে শৰীৰ চুব নোৱাৰে আৰু শৰীৰৰ তাপ বাহিৰলৈ ওলাই আহিব নোৱাৰে। সেয়েহে আমি ঠাণ্ডাৰ দিনত ঊলৰ কাপোৰ পৰিধান কৰো।

৫। গৰমৰ দিনত আমি কেনে কাপোৰ পিন্ধাটো ভাল? আৰু কিয়?

উত্তৰঃ গৰমৰ দিনত আমি কপাহী কাপোৰ পিন্ধাটো ভাল। 

    যিহেতু কপাহী কাপোৰৰ মাজেৰে তাপ আৰু বতাহ পাৰ হৈ যাব পাৰে, ফলত বাহিৰৰ মৃদু বতাহ শৰীৰলৈ কাপোৰৰ মাজেৰে প্ৰৱেশ কৰিব পাৰে। সেয়েহে আমি গৰমৰ দিনত কপাহী কাপোৰ পিন্ধাটো ভাল।

চমু প্ৰশ্নঃ

১। তাপ এবিধ শক্তি, উদাহৰণসহ ব্যাখ্য়া কৰা।

উত্তৰঃ 

২। তাপ শক্তিৰ পৰা বৈদ্যুতিক শক্তি আৰু বৈদ্যুতিক শক্তিৰ পৰা তাপ শক্তি পোৱাৰ একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ 

৩। দুটা বস্তুৰ মাজত উষ্ণতা একে হোৱাৰ লগে লগে তাপৰ বিনিময় বন্ধ হয়। পৰীক্ষাৰ সহায়ত ব্য়াখ্য়া কৰা।

উত্তৰঃ 

৪। কাৰণ দৰ্শাই ব্যাখ্য়া কৰা—

(ক) ৰ’দত মেলি দিয়া তিতা কাপোৰ এখন বতাহ বলি থাকিলে সোনকালে শুকাই কিয়?

(খ) কাঁহীত গৰম ভাত সোনকালে ঠাণ্ডা হ’বলৈ মেলি দিয়া হয় কিয়?

৫। শুদ্ধ-অশুদ্ধ নিৰ্ণয় কৰা—

(ক) এবিধ শক্তিক আন এবিধ শক্তিলৈ নিব পাৰি।

উত্তৰঃ শুদ্ধ।

(খ) উষ্ণতাই তাপৰ মাত্ৰা প্ৰকাশ নকৰে।

উত্তৰঃ অশুদ্ধ।

(গ) গতি শক্তি এবিধ যান্ত্ৰিক শক্তি।

উত্তৰঃ অশুদ্ধ।

(ঘ) কোনো পদাৰ্থই গোটা অৱস্থাৰ পৰা পোনে পোনে গেছীয় উৱস্থা পাব নোৱাৰে।

উত্তৰঃ শুদ্ধ।

(ঙ) তাপ পালে জুলীয়া আৰু গেছীয় পদাৰ্থ পাতল হয়।

উত্তৰঃ শুদ্ধ।

(চ) বগা ৰঙে তাপ শোষণ নকৰে।

উত্তৰঃ শুদ্ধ।

৬। তাপ পালে পদাৰ্থৰ কিয় প্ৰসাৰণ ঘটে ব্যাখ্যা কৰা।

উত্তৰঃ 

৭। চামুচ এখনৰ এটা মূৰ তপতালে অলপ পাছতে আনটো মূৰ তপত হয়। তাপ প্ৰবাহিত হোৱাৰ পদ্ধতিটো ব্যাখ্য়া কৰা।

উত্তৰঃ চামুচ এখনৰ এটা মূৰ তপতালে অলপ পাছত আনটো মূৰ তপত হয়।

    প্ৰত্য়েকটো গৰম বস্তুৱে তাপ এৰি দিয়ে। এটা গৰম বস্তুৱে এৰি দিয়া এৰি দিয়া তাপৰ পৰিমাণ ইয়াৰ ইয়াৰ ওপৰিভাগৰ অৱস্থাৰ ওপৰত নিৰেভৰ কৰে।

৮। বিকিৰণ পদ্ধতিটো ব্যাখ্য়া কৰা।

উত্তৰঃ তাপৰ সঞ্চালনৰ এটা প্ৰথা হৈছে বিকিৰণ। বিকিৰণ প্ৰক্ৰিয়াত কোনো পাৰ্থিৱ মাধ্য়মৰ প্ৰয়োজন  নাই। সূৰ্যৰ পৰা তাপ শক্তি মহাশূণ্য়ৰ মাজেদি বিকিৰণ প্ৰক্ৰিয়াৰ দ্বাৰাই চাৰিওফালে সঞ্চালিত হয়।

৯। পৰীক্ষাৰ সহায়ত দেখুওৱা যে ক’লা ৰঙে আন ৰঙতকৈ তাপ বেছি ভালদৰে শোষণ কৰে আৰু এৰি দিয়ে।

উত্তৰঃ দুটা ষ্টিলৰ পাত্ৰ লােৱা হ’ল। এটা পাত্ৰৰ বাহিৰ ফালে ক’লা ৰং সানি লােৱা হ’ল। দুয়ােটা পাত্ৰতে সমানে পানী লৈ। এতিয়া দিনৰ ভাগত সূৰ্যৰ তাপত এঘণ্টা থৈ দিয়া হ’ল। এতিয়া দুয়ােটা পাত্ৰৰ পানীৰ উষ্ণতাৰ পার্থক্য লক্ষ্য কৰা। দুয়ােটা পাত্ৰৰ পানীৰ উষ্ণতাৰ পার্থক্য বেলেগ বেলেগ পালো। আমি দেখিলো যে যিটো পাত্ৰৰ বাহিৰ ফালে ক’লা ৰং দিয়া আছিল সেই পাত্ৰটোৰ পানীৰ উষ্ণতা বেছি।

    সেয়েহে আমি বুজিলো যে ক’লা ৰঙে আন ৰঙতকৈ তাপ বেছি ভালদৰে শোষণ কৰে।

-Hiru Moni Bora

Post ID :DABP006269

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop