🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

প্ৰাণীৰ পৰিপুষ্টি | Lesson 2 | Class 7 Science Question and Answer Sankardev School | উত্তৰ | শংকৰদেৱ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ |

প্ৰাণীৰ পৰিপুষ্টি

পাঠ ২

(১) খালী ঠাই পূৰণ কৰাঃ

(ক) পৰিপুষ্টি প্ৰধান স্তৰবোৰ হ’ল মুখ গহ্বৰ , গ্ৰসনী , গ্ৰসিকা , পাকস্থলী , ক্ষুদ্ৰান্ত্ৰ , আৰু বৃহদান্ত্ৰ

(খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ’ল যকৃত

(গ) পাকস্থলীৰ আভ্যন্তৰীণ বেৰৰ পাকস্থলী গ্ৰন্থিয়ে নিঃসৰণ কৰা আমাশয়ত ৰসত হাইড্ৰ’ক্লৰিক এচিড, শ্লেশ্মা আৰু পেপছিন নামৰ দুটা এনজাইম থাকে।

(ঘ) অগ্ন্যাশয়ে নিঃসৰণ কৰা অগ্ন্যাশয় ৰসত ট্ৰিপছিন, পেপ্টাইডেজ আৰু এমাইলেজ এনজাইম।

(ঙ) মুখত থকা লালটি গ্ৰন্থিয়ে লালটি উৎপন্ন কৰে। 

(চ) লালটিক থকা এনজাইমটোৰ নাম টায়ালিন

 (ছ) হাইড্ৰাই টেণ্টাকুল ৰ সহায়ত খাদ্য সংগ্ৰহ কৰে।

 (জ) যকৃতে ক্ষৰণ কৰা পিত্তৰস ক্ষাৰধৰ্মী।

 (ঝ) পৌষ্টিক নলীৰ          গতিৰ ফলত খাদ্য ক্ৰমান্ধয়ে আগুৱাই যায়। 

(ঞ) যকৃতৰ পৰা অহা নলী আৰু অগ্ন্যাশয়ৰ পৰা অহা নলী দুডাল লগ হৈ ক্ষুদ্ৰান্ত্ৰৰ  ত প্ৰৱেশ কৰে।

(২) অশুদ্ধ শব্দ গুচাই শুদ্ধ শব্দটো ৰাখি নতুনকৈ লিখাঃ

(ক) শ্বেতসাৰৰ পাচন পাকস্থলীত/মুখত আৰম্ভ হয়।

উত্তৰঃ পাকস্থলীত।

(খ) পিত্তৰস অস্থায়ীভাৱে যকৃতত/পিত্তস্থলীত সঞ্চিত হৈ থাকে।

উত্তৰঃ পিত্তস্থলীত।

(গ) প্ৰ’টিনৰ পাচন পাকস্থলীত/ক্ষুদ্ৰান্ত্ৰত আৰম্ভ হয়।

উত্তৰঃ পাকস্থলীত।

(ঘ) স্নেহ পদাৰ্থৰ পাচন পাকস্থলীত/ক্ষুদ্ৰান্ত্ৰত/বৃহদান্ত্ৰত হয়।

উত্তৰঃ ক্ষুদ্ৰান্ত্ৰত।

(ঙ) খাদ্যৰ পাচন সম্পূৰ্ণ হয় ক্ষুদ্ৰান্ত্ৰত/বৃহদান্ত্ৰত।

উত্তৰঃ ক্ষুদ্ৰান্তত।

(৩) ভিলাই কি? ভিলাই ক’ত থাকে? ভিলাইৰ কাম কি?

উত্তৰঃ ভিলাই হৈছে ক্ষুদ্ৰান্তৰ বেৰত বাহিৰলৈ ওলাই অহা হাজাৰ হাজাৰ আঙুলিসদৃশ অংশ।

    ভিলাই ক্ষুদ্ৰান্তৰ বেৰত থাকে।

    ভিলাইৰ কাম হৈছে তাত থকা ৰক্তকেশিকাৰ জালিবোৰৰ দ্বাৰা খাদ্য়বোৰ শোষণ কৰা।

(৪) পৰিমিশ্ৰণ মানে কি?

উত্তৰঃ পৰিমিশ্ৰণ হৈছে শোষণ হোৱা পদাৰ্থবোৰ দেহৰ বিভিন্ন অংশলৈ লৈ যোৱা প্ৰক্ৰিয়া। 

(৫) ডায়েৰিয়া কি? কি কি কাৰণত ডায়েৰিয়া হ’ব পাৰে? ডায়েৰিয়া হ’লে কি কি ব্যৱস্থা হাতত ল’ব লাগে।

উত্তৰঃ ডায়েৰিয়া হ’ল এবিধ বেমাৰ। 

    এই বেমাৰ বীজাণুৰ সংক্ৰমণৰ ফলত, বদহজমৰ ফলত বা খাদ্য়ৰ বিষক্ৰিয়াৰ ফলত হয়।

    ডায়েৰিয়া হ’লে ডাক্টৰৰ পৰামৰ্শ লৈ চিকিৎসা কৰাব লাগে। তাৰ আগতে উতলাই ঠাণ্ডা কৰা পানীত এচিকুট চেনি, এচিকুট নিমখ আৰু কেইটোপালমান নেমুৰস মিহলাই খুৱাই থাকিলে ৰোগীক ডায়েৰীয়াৰ পৰা ৰক্ষা কৰিব পাৰি।

(৬) এমিবাই কেনেদৰে খাদ্য সংগ্ৰহ কৰে চিত্ৰসহ বৰ্ণনা কৰা।উত্তৰঃ

    এমিবাৰ দৰে কিছুমান এককোষী প্ৰাণীয়ে ক্ষুদ্ৰ অণুজীৱ কিছুমানে খাদ্য়ক কূটপদৰ দ্বাৰা আৱৰি লৈ খাদ্য় ৰিক্তিকা সৃষ্টি কৰি দেহৰ ভিতৰত সুমুৱাই থয়।

(৭) মানুহৰ পৌষ্টিক তন্ত্ৰৰ এটি চিহ্নিত চিত্ৰ আঁকা।

উত্তৰঃ 

(৮) আমাৰ খাদ্যত ভিটামিন, খনিজ লৱণ আৰু পানীৰ কিয় প্ৰয়োজন?

উত্তৰঃ প্ৰটিনে আমাৰ দেহৰ মেৰামতিত সহায় কৰে। কাৰ্বহাইড্ৰেট আৰু স্নেহ পদাৰ্থৰ পৰা আমি শক্তি পাওঁ। ভিটামিন, খনিজ লৱণ আৰু পানীয়ে আমাক বেমাৰ-আজাৰ নোহোৱাকৈ ৰাখে। সেয়েহে আমাৰ খাদ্য়ত ভিটামিন, খনিজ লৱণ আৰু পানীৰ প্ৰয়োজন।

(৯) সামঞ্জস্য নথকা শব্দবোৰ বাছি উলিওৱা– 

(ক) অগ্ন্যাশয়, যকৃত, লালটি গ্ৰন্থি, পাকস্থলী।

উত্তৰঃ লালটি গ্ৰন্থি।

(খ) ফেটি এচিড, এমিন’ এচিড, গ্লুক’জ, চেলুল’জ।

উত্তৰঃ চেলুল’জ।

(গ) অগ্ন্যাশয় ৰস, লালটি, পিত্তৰস আৰু অন্ত্ৰ।

উত্তৰঃ অন্ত্ৰ।

(ঘ) কৃন্তক, ছেদক, পেষক আৰু ৰোমন্থ।

উত্তৰঃ ৰোমন্থ।

(ঙ) ৰুমেন, ৰেটিকুলাম, অ’মেছাম, আৰু পেষক।

উত্তৰঃ পেষক।

(১০) তোমাৰ চুবুৰীয়া আ পৰা তথ্য সংগ্ৰহ কৰি তালিকাত লিপিবন্ধ কৰা– 

ক্ৰ. নংপ্ৰথমটো দাঁত সৰা সময়ত বয়সশেষ দাঁত সৰা সময়ত বয়সসৰি যোৱা দাঁতৰ মুঠ সংখ্যানতুনকৈ গজা দাঁতৰ সংখ্যা
1    
2    
3    
4    
5    

-Hiru Moni Bora

Post ID: DABP002287

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop