🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

সৰ্বানন্দ সোণোৱাল

১) সৰ্বানন্দ সোণোৱালৰ জন্ম কিমান চনত হৈছিল ?

উত্তৰঃ সৰ্বানন্দ সোণোৱালৰ জন্ম ৩১ অক্টোবৰ ১৯৬১ চনত হৈছিল।

২) সৰ্বানন্দ সোণোৱাল কোন ?

উত্তৰঃ সৰ্বানন্দ সোণোৱাল এজন ৰাজনৈতিক নেতা তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

৩) তেখেতৰ জন্ম কোন জিলাত হৈছিল।

উত্তৰঃ তেখেতৰ জন্ম ডিব্ৰুগড় জিলাৰ দিনজানত হৈছিল।

৪) তেওঁ কিমান চনত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ?

উত্তৰঃ তেওঁ ২০২১ চনত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

৫) সৰ্বানন্দ সোণোৱালৰ পিতৃ-মাতৃ কোন আছিল ?

উত্তৰঃ সৰ্বানন্দ সোণোৱালৰ পিতৃ-মাতৃ হল – জীৱেশ্বৰ সোণোৱাল আৰু স্বৰ্গীয় দীনেশ্বৰী সোণোৱাল।

৬) বৰ্তমান সৰ্বানন্দ সোণোৱাল কোন দলৰ নেতা ?

উত্তৰঃ বৰ্তমান সৰ্বানন্দ সোণোৱাল ভাৰতীয় জনতা পাৰ্টি দলৰ নেতা।

৭) সৰ্বানন্দ সোণোৱালৰ ভাতৃ-ভগ্নী কিমান ?

উত্তৰঃ সৰ্বানন্দ সোণোৱালৰ ভাতৃ-ভগ্নী ৮ গৰাকী।

৮) তেখেত কিমান চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয় ?

উত্তৰঃ ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়।

৯) তেওঁক কিয় জাতীয় নায়ক আখ্যা দিয়া হৈছিল ?

উত্তৰঃ  বিতৰ্কিত আই এম ডি টি আইন  বিৰুদ্ধে আদালতত যুঁজ চলায় আৰু আইনখন বাতিল কৰিবলৈ সক্ষম হয় বাবে তেওঁক নায়ক আখ্যা দিয়া হৈছিল।

১০) তেখেতে মূখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি কাৰ নাম প্ৰস্তাৱ কৰিছিল ?

উত্তৰঃ তেখেতে মূখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল।

১১) মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত সৰ্বানন্দ সোণোৱাল কোন দলৰ লগত জড়িত আছিল ?

উত্তৰঃ মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত সৰ্বানন্দ সোণোৱাল আছু দলৰ লগত জড়িত আছিল।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop