🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 13 Short Answer | SEBA Class 10 General Science Chapter 13 আদিবাসীসকল Short Answer |

 আদিবাসীসকল

অধ্য়ায়- ১৩

২। গাঁৱত প্ৰায় কেইলাখ আদিবাসী বাস কৰে?

উত্তৰঃ ৫৬ লাখ।

১১।এই গোষ্ঠীৰ ভাষা কি গোষ্ঠীৰ ভাষাৰ পৰা সম্পূৰ্ণ বেলেগ আছিল।

উত্তৰঃ আৰ্য গোষ্ঠীৰ ভাষাৰ পৰা।

৩। আদিবাসী বুলি কোন পৰিচিত?

উত্তৰঃ চাহ বাগিছা তথা গাঁৱত বসবাস কৰা আদিবাসীসকলৰ পূৰ্ব-পুৰুষসকল আদিবাসী বুলি পৰিচিত।

৪। আৰ্য বুলি দাবী কৰা লোকক, কোনে আদিবাসী বুলি চিহ্নিত কৰিছে।

উত্তৰঃ বুৰঞ্জীবিদসকলে।

৫। আদিবাসী শব্দৰ অৰ্থ কেনেদৰে দিব পাৰি?

উত্তৰঃ আদিবাসী শব্দৰ অৰ্থ এনেদৰে দিব পাৰি一 ‘আদি’ মানে ‘প্ৰথমে’ ‘বাসী’ মানে ‘বাসিন্দা’ অৰ্থাৎ দেশৰ প্ৰথম বাসিন্দাসকল।

৬। আদিবাসী বুলি কাক কোৱা হয়? 

উত্তৰঃ দেশৰ প্ৰথম বাসিন্দাসকলক আদিবাসী বুলি কোৱা হয়।

৭। অসমীয়া অভিধান হেমকোষ’ৰ মতে আদিবাসী শব্দৰ অৰ্থ কি?

উত্তৰঃ হেমকোষ’ৰ মতে আদিবাসী শব্দৰ অৰ্থ হ’ল ‘প্ৰথম নিবাসী’ ‘কোনো ঠাইত আগেয়ে থকা’।

৮। ভাৰত বুৰঞ্জীত আদিবাসী জনগোষ্ঠীৰ পৰিচয় কোনে দিছিল?

উত্তৰঃ  প্ৰফুল্ল বৰুৱাই।

১। অসমত প্ৰায় কেইখন চাহ বাগিছা আছে?

উত্তৰঃ ৮৮৫ খান চাহ বাগিছা আছে।

৯। আদিবাসী জনগোষ্ঠীৰ বৈশিষ্ট লিখা।

উত্তৰঃ এই গোষ্ঠীৰ লোকসকল চুটি-চাপৰ, অতি কলা বৰণৰ আৰু চেপেটা নাকৰ আছিল।

১২। আদিবাসী বুলিলে কোনবোৰ লোকক বুজাই?

উত্তৰঃ আদিবাসী বুলিলে কাঁৱাৰ, কল, ভূমিজ, চৱৰ, চুৰিয়া পাহাৰিয়া, চাঁউতাল, পাহাৰিয়া, ওৰাং, মুণ্ডা, মাল পাহাৰিয়া, মাহালি, লহৰা, কৰৱা, কৰা, কিচান, কন্ধ, খেৰৱাৰ, খাড়িয়া, কুডমালি, হ্, গৰাইড, গড়, চিক বাড়াইক, চেৰ্, বিৰজিয় বিৰহড়, বিনজিয়া, বেদিয়া, বাথুডি, বানজাৰা, বাইগা, আচুৰ, লধা, দামদাৰি, বন্দা, নাগাচিয়া, উড়িয়া, ভিল, পৰজা, ধানৱাৰ, কয়া প্ৰধান লোকক বুজাই।

১৩। বহুতে আদিবাসীসকলক কি কি নামেৰ নামকৰণ কৰি আহিছে।

উত্তৰঃ চাহ বনুৱা, কুলি, চাহ জনজাতি, সেউজ অসমীয়া আদি নানা নামেৰে নামকৰণ কৰি আহিছে।

১৪। আদিবাসীসকলে পূৰ্বতে কিহৰ ওপৰত নিৰ্ভৰ কৰিছিল?

উত্তৰঃ প্ৰকৃতিৰ ওপৰত।

২২। আদিবাসী সমাজৰ বিশেষ ব্য়ক্তিসকলৰ নাম লিখা।

উত্তৰঃ খ্ৰীষ্টচন মুণ্ডা, জাষ্টিন লাক্ৰা।

১০। এওঁলোকে সাধাৰণতে কত থাকি ভাল পাইছিল?

উত্তৰঃ এওঁলোকে সাধাৰণতে পাহাৰ আৰু হাবি-জংঘলত থাকি ভাল পাইছিল।

১৫। তেওঁলোকে পূৰ্বতে কি খাই জীৱন ধাৰণ কৰিছিল?

উত্তৰঃ ফলমূল খাই জীৱন ধাৰণ কৰিছিল।

১৬। কৰম উৎসৱ কেতিয়া পালন কৰা হয়?

উত্তৰঃ ভাদৰ মাহৰ একদাশীৰ দিনা এই উৎসৱ পালন কৰা হয়।

২০। আদিবাসী ভাষাসমূহ কৰ কৰ গোষ্ঠীয় ভাষা?

উত্তৰঃ আদিবাসী ভাষাসমূহ দ্ৰাবিড় আৰু আষ্ট্ৰিক গোষ্ঠীয় ভাষা।

১৭। ‘কৰম’ প্ৰধানকৈ কি ভিত্তিক উৎসৱ।

উত্তৰঃ কৃষিভিত্তিক উৎসৱ।

১৮। কৰম এবিধ কি?

উত্তৰঃ কৰম এবিধ গছ।

১৯। আদিবাসীসকলে আৰু কি কি উৎসৱ পাতে?

উত্তৰঃ টুচু, বাহা, পৰব ( চাৰহুল ), চহৰাই, মাগৈ, ফাগুৱা, ইত্য়াদি উৎসৱ পালন কৰে।

২১। মুণ্ডা আৰু চাওঁতালসকলৰ ভাষা কোন গোষ্ঠীৰ কি ভাষা?

উত্তৰঃ মুণ্ডা আৰু চাওঁতালসকলৰ ভাষা আষ্ট্ৰিক গোষ্ঠীৰ কোলাৰীয়ান ভাষা।

২৩। খ্ৰীষ্টচন মুণ্ডাই কিমান চনত ভাৰতৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়ে?

উত্তৰঃ ১৯১৬ চনত।

২৪। ব্ৰিটিছ চৰকাৰে খ্ৰীষ্টচন মুণ্ডাক ক’ত আৰু কিয় ফাঁচী দিছিল?

উত্তৰঃ ব্ৰিটিছ চৰকাৰে খ্ৰীষ্টচন মুণ্ডাক ফুলবাৰী চাহবাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিছিল। কাৰণ পুণৰ কোনো শ্ৰমিকে যাতে ব্ৰিটিছ চৰকাৰৰ বিৰোধ কৰিবলৈ সাহস কৰিব নোৱাৰে।

৩০। তেওঁক পিচলৈ আদিবাসীসকলে কি বুলি আখ্য়া দিয়ে?

উত্তৰঃ ‘জাতীয় পিতা’ বুলি আখ্য়া দিয়ে।

২৫। জঙ্গী আন্দোলন কোন কোন চাহ বাগিচাত হৈছিল?

উত্তৰঃ জঙ্গী আন্দোলন হেলেম, চনাজুলি, কাছাৰী গাঁও, আদি চাহ বাগিচা বোৰত হৈছিল।

২৬। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা দুগৰাকীমান আদিবাসীৰ নাম লিখা।

উত্তৰঃ মালতি ওৰাং ( মাংগ্ৰী মেম ), দয়াল পানিকা, বাঁকুডু চাওঁৰা আদি।

২৮।  জাষ্টিন লাক্ৰা জন্ম কিমান চনত হৈছিল আৰু ক’ত?

উত্তৰঃ ২ অক্টোবৰ ১৯৭০ চনত চৰাইবিলৰ কচু গাঁৱত তেওঁৰ জন্ম হৈছিল।

২৯।   জাষ্টিন লাক্ৰাই কিমান চনত ইহলীলা সম্বৰণ কৰিছিল?

উত্তৰঃ ২০১৫ চনত ১৩ জুলাইত তেওঁ ইহলীলা সম্বৰণ কৰিছিল।

২৭। সদৌ আদিবাসী ছাত্ৰ সন্থাৰ জন্মদাতা কোন?

উত্তৰঃ জাষ্টিন লাক্ৰা।

 Type By- Jatin Nath

Post ID: DABP005792

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop