🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Assamese Chapter 13 Short Question Answer | Class 12 Assamese Chapter 13 কাঠমিস্ত্ৰীৰ ঘৰ Short Answer |

১। কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটো কিমান চনত ৰচিত ?

উত্তৰ : ‘কাঠমিত্ৰৰ ঘৰ কবিতাটি ১৯৩৯ চনত ৰচিত।

২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰ : কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম অভিযান’।

৩। কবিতাটিত প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰ : কবিয়ে প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ কথাফাকিৰ জৰিয়তে বুজাব বিচাৰিছে যে যেনেদৰে অসংখ্য প্ৰৱাল প্ৰাণীৰ জঁকা লগলাগি প্ৰৱাল দ্বীপৰ সৃষ্টি হয়, ঠিক তেনেদৰে ধনী মানুহৰ ঘৰ অসংখ্য আচবাব-পত্ৰৰে ভৰি থাকে।

৪। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন ?

উত্তৰ : কবিতাটিত উল্লেখ থকা বিশ্বশিল্পীজন হ’ল কাঠমিস্ত্রী।

৫। কাঠমিস্ত্ৰীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰ : নিজ বাহুবলেৰে কাঠমিস্ত্ৰয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে।

৬। ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ ৰচক কোন ?

উত্তৰ : ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ ৰচকজন হ’ল ধীৰেন্দ্ৰ নাথ দত্ত।

৭। ধীৰেন্দ্ৰ নাথ দত্তই কোন চনত জন্ম গ্রহণ কৰিছিল ?

উত্তৰ : ধীৰেন্দ্ৰনাথ দত্তই ১৯১০ চনত জন্ম গ্রহণ কৰিছিল ৷

৮। ধীৰেন্দ্ৰ নাথ দত্তই কি ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছিল ?

উত্তৰ : ধীৰেন্দ্ৰ নাথ দত্তই ক্ষয় ৰোগত আক্ৰান্ত হৈমৃত্যু বৰণ কৰিছিল।

৯। কাঠমিস্ত্রী ক’ত থাকিবলগীয়া হয় ?

উত্তৰ : কাঠমিস্ত্রী সদায় এন্ধাৰত ডুবি থাকিবলগীয়া হয়।

১০। কাঠ মিস্ত্ৰীৰ ঘৰ’ কবিতাটি কোনখন কবিতা পুথিৰ পৰা লোৱা হৈছে ?

উত্তৰ : ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ শিৰোনামাৰ কবিতাটি ধীৰেন্দ্ৰ নাথ দত্তৰ ‘অভিযান’ নামৰ কাব্য পুথিৰ পৰা লোৱা হৈছে।

১১। কাঠ মিস্ত্রীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে।

উত্তৰ ঃ কাঠ মিস্ত্ৰীয়ে আজাৰ, শিমলু, শাল আদি বিভিন্ন দিয়ে ধৰণৰ কাঠক মনোহৰ ৰূপ দিয়ে।

১২। কাঠমিস্ত্রীয়ে কেনেধৰণৰ আচবাব তৈয়াৰ কৰে ?

উত্তৰ : কাঠমিস্ত্ৰীয়ে টেবুল, চিয়াৰ, আলনা, ড্ৰয়াৰ, টিপয় আদি নানান আচবাব তৈয়াৰ কৰে ।

১৩। কাঠমিস্ত্রীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে ?

উত্তৰ ঃ কাঠ মিস্ত্ৰীয়ে সজা আচবাবসমূহ প্ৰৱাল দ্বীপৰ শৃংগৰ দৰে ভৰি থাকে।

খ) চমু প্রশ্ন

১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা ।

উত্তৰ : কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা আৰু কবিতাটিত উল্লেখ থকা দুবিধ সঁজুলিৰ নাম হ’ল ঃ ৰাণ্ডা আৰু বটালি ।

২। ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰ : ‘কাঠমিস্ত্ৰীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কোৱা কথাষাৰ হ’ল : “মোক যদি কোনোবাই দহোটা শ্ৰেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ’ব “কাঠমিস্ত্ৰীৰ ঘৰ’।”

৩। কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচ বাবৰ নাম লিখা।

উত্তৰ : কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম হ’ল ঃ চিয়াৰ, টেবুল, আলনা, আলমাৰি, ড্ৰয়াৰ, টিপয় আদি।

৪। ‘কাঠমিস্ত্ৰীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটোত কোৱা হৈছে?

উত্তৰ : আৰামী চকীত বহি বিলাসী জীৱন কটোৱা আঢ্যৱন্ত লোকসকলৰ বাবে কাঠমিস্ত্ৰীয়ে কাম কৰে বুলি কবিতাটোত কোৱা হৈছে।

৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে?

উত্তৰ : কবিয়ে কাঠমিস্ত্ৰীৰ লগতে কঁহাৰ আৰু কমাৰক নিজ নিজ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে।

(গ) দীঘল প্রশ্ন

১। কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা।

উত্তৰঃ ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিত কবিয়ে কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ অতি প্রাণস্পর্শী ৰূপত তলত দিয়া ধৰণে ফুটাই তুলিছে—

কাঠমিস্ত্রী হৈছে শ্রমজীবি মানুহৰ প্ৰতিনিধি। সিহঁতৰ জীৱন কাৰুণ্য আৰু গতানুগতিক কামেৰে পৰিপূৰ্ণ । কাঠমিস্ত্রীয়ে অর্থনৈতিকভাবে সবল অর্থাৎ আঢ্যবন্ত মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্ৰ সাজি দিয়ে। কাঠমিস্ত্ৰিৰ বটালি-হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্ৰাণ পাই উঠে। সিহঁতে আনৰ কাৰণে প্ৰসাদোপোম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে । কিন্তু নিজে ডুব গৈ থাকে দৰিদ্ৰতাৰ অন্ধকাৰত । তেওঁলোকে কেতিয়াও সিহঁতৰ কামৰ উপযুক্ত প্রতিদান নাপায় ।

এনেদৰে কবিতাটিৰ মাজেৰে কবিয়ে কাঠ মিস্ত্ৰীৰ জীৱনৰ কাৰুণ্যময় অৱস্থাৰ ছবি চিত্ৰিত কৰিছে।

৩। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) ‘বিশ্বৰ যত কৰ্মীৰ দল তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল মায়াপুৰী মানৱৰ; কাঠ মিস্ত্ৰীৰ ঘৰ ।

উত্তৰ : উদ্ধৃত কবিতাকলি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ৰচনা কৰা ‘কাঠ মিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে শ্রমজীৱি শ্ৰেণীটোৱে কিদৰে দুৰ্বিসহ দৰিদ্ৰ জীৱন যাপন কৰিবলগা হয়-সেই চিত্র অংকন কৰিছে।

বিশ্বৰ সকলো কৰ্মী দল অৰ্থাৎ কাঠ মিস্ত্ৰী, বনুৱা, কমাৰ, কঁহাৰ শ্ৰেণীৰ লোকসকলে অসহনীয় শ্ৰমৰ বোজা মূৰত লৈ শৰীৰৰ তেজ পানী কৰি গোটেই দিন পৰিশ্ৰম কৰি সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। কিন্ত সিহঁতে সেই সুন্দৰ বস্তুবোৰ নিজে ব্যৱহাৰ কৰিব নোৱাৰে। সিহঁত চিৰদিন দৰিদ্ৰতাৰ বোজা মূৰত লৈ জীৱন কটাব লগা হয়। আনহাতে সিহঁতে অশেষ শ্ৰমেৰে তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ দ্বাৰা অভিজাত শ্ৰেণীটোৱে মায়াপুৰী সৃষ্টি কৰি বিলাসী জীৱন যাপন কৰে ।

(খ) উঠ মিস্ত্রী কঁহাৰ, কমাৰ আন্ধাৰৰ শেষ আহিল তোমাৰ লোৱা অধিকাৰ নিজ বাহুবলে নিজে কৰা কৰ্মৰ কাঠ মিস্ত্ৰীৰ ঘৰ।’

উত্তৰ ঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত ধীৰেন্দ্ৰ চন্দ্ৰ দত্তই ৰচনা কৰা ‘কাঠমিস্ত্ৰীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উদ্ধৃত কবিতাফাকিৰ মাজেদি কবিয়ে শ্রমজীৱি শ্ৰেণীটোক নিজৰ নায্য অধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে ওলাই আহিবলৈ আহ্বান কৰিছে।

কাঠমিস্ত্ৰীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদোপম অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্ৰ সাজি দিয়ে। কিন্তু সিহঁতে সিহঁতৰ নায্য প্রাপ্য নাপায়। সিহঁতৰ জীৱন দৰিদ্ৰতাত ডুব গৈ থাকে। সেয়ে করিয়ে কাঠমিস্ত্ৰীৰ লগতে কঁহাৰ, কমাৰ সকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি সিহঁত সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় সিহঁতৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। সিহঁতে বিপ্লৱৰ বিনিময়ত নিজৰ নায্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব ।

৪। কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্ৰীক কবিয়ে শিল্পী বুলি কৈছে। কবিতাটিত ইয়াৰ কাৰণ তলত বৰ্ণনা কৰা মতে পোৱা পায় :

কাঠমিস্ত্রীয়ে অর্থনৈতিকভাবে সবল অর্থাৎ আঢ্যবন্ত মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ আচবাব পত্ৰ সাজি দিয়ে । ‘কাঠমিস্ত্ৰীৰ বঁটালি-হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্ৰাণ পাই উঠে। সিহঁতে আজাৰ,শিমলু, শাল, শিঙৰি আদি কাঠেৰে টেবুল, চিয়াৰ, আলনা, আলমাৰি আদি বহুত আচবাব পত্র তৈয়াৰ কৰে। সিহঁতৰ হাতৰ পৰশত যিকোনো বস্তুই সুন্দৰ ‘ হৈ উঠে। সিহঁতে আনৰ কাৰণে প্ৰসাদোপোম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই সিহঁতে গোটেই দিন কাম কৰি থাকে ।

সেয়ে করিয়ে কাঠমিস্ত্রীক শিল্পী বুলি কৈছে।

৫। কাঠমিস্ত্ৰীৰ জীৱনৰ অৱস্থা কেনেকুৱা ? কবিতাটিৰ আলমত চমুকৈ লিখা।

উত্তৰ ঃ কাঠ মিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদোপম অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্ৰ সাজি দিয়ে। কিন্তু সিহঁতে সিহঁতৰ নায্য প্রাপ্য নাপায় সিহঁতৰ জীৱন দৰিদ্ৰতাত ডুব গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্ৰীৰ লগতে কঁহাৰ, কমাৰ সকলক হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি সিহঁত সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় সিহঁতৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। সিহঁতে বিপ্লৱৰ বিনিময়ত নিজৰ নায্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ০০০

Type By Suman Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop