Class 12 Assamese Chapter 14 Short Question Answer | Class 12 Assamese Chapter 14 আঘোণৰ কুঁৱলী Short Answer |

১। ‘কবি কেশৱ মহন্তই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাদেমি বঁটা লাভ কৰিছিল ?

উত্তৰ : কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাদেমি বঁটা লাভ কৰিছিল।

২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা ।

উত্তৰঃ কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি হ’ল : ‘মোৰ যে কিমান হেঁপাহ’।

৩। ‘পছোৱা’ আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল ?

উত্তৰ : ‘পছোৱা’আলোচনীখন হেম বৰুৱাই সম্পাদনা কৰিছিল।

৪। ‘কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্ম প্রকাশ কৰিছিল ?

উত্তৰ : “জয়ন্তী’আলোচনীত।

৫। ‘আঘোণী কুঁৱলী’ শীর্ষক কবিতাটিত উল্লেখ থকা ‘সেউতী’ কোন ?

উত্তৰ : ‘আঘোণৰ কুঁৱলী’ শীৰ্ষক কবিতাটিত থকা ‘সেউতী’ হৈছে কবিৰ প্ৰেয়সী।

৬। ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ কৰি কোন ?

উত্তৰ : আঘোণৰ কুঁৱলী’ শিৰোনামাৰ কবিতাটিৰ কবিজন হ’ল- কেশৱ মহন্ত।

৭। কেশৱ মহন্তৰ প্ৰকাশিত প্ৰথম কবিতা পুথিখনৰ নাম কি ?

উত্তৰ : কেশৱ মহন্তৰ প্ৰকাশিত প্রথম কবিতা পুথিৰখনৰ নাম ‘আমাৰ পৃথিৱী’।

৮। কেশৱ মহন্ত কোন শ্ৰেণীৰ কবি ?

উত্তৰ : কেশৱ মহন্ত প্রগতিশীল কবি ।

৯। কেশৱ মহন্তই কোন চনত জন্ম গ্ৰহণ কৰিছিল ?

উত্তৰ : কেশৱ মহন্তই ১৯২৬ চনত জন্ম গ্রহণ কৰিছিল।

১০। আঘোণৰ কুঁৱলীয়ে কি ভেটিছে?

উত্তৰ : আঘোণৰ কুঁৱলী’য়ে বাট ভেটিছে।

১১। কেশৱ মহন্তই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম লিখা ।

উত্তৰ : কেশৱ মহন্তুই ৰচনা কৰা এখন শিশু গ্ৰন্থৰ নাম হ’ল- ‘মা আমি শদিয়ালৈ যামেই’।

১২। কোনখন অসমীয়া আলোচনীৰ যোগেদি অসমীয়া আধুনিক কবিতাৰ বিকাশ সাধন হয় ?

উত্তৰঃ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা সম্পাদিত ‘ৰামধেনু’ আলোচনীৰ যোগেদি অসমীয়া আধুনিক কবিতাৰ বিকাশ সাধন হয়।

খ) চমু প্রশ্ন

১। জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

“উত্তৰ : ‘জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল:

(ক) সিহঁতে বাস্তৱ সামাজিক জীৱনৰ দুখ-শোক, হাঁহি- কান্দোন, অর্থনৈতিক ভেদ-ভাদ, দুখীয়াসকলৰ কাৰুণ্যময় জীৱন, প্রগতিশীল চিন্তাধাৰা আদিক বিষয়বস্তু হিচাপে লৈ কবিতা ৰচনা কৰিছিল।

(খ) কবিতাত কথিত গদ্যময়ী ভাষাৰ ব্যৱহাৰ

২। অসমীয়া কবিতাত আধুনিক যুগ সৃষ্টিত বিশেষ কৰিছিল। অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা ।

উত্তৰ ঃ অসমীয়া কবিতাত আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনী হ’ল: ‘জয়ন্তী’, বাঁহী’ আৰু ‘ৰামধেনু’।

৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা ।

উত্তৰ : কেশৱ মহন্তই ৰচনা কৰা দুখন কবিতা পুথি হ’ল : ‘আমাৰ পৃথিৱী’, আৰু মোৰ শুকান কলিজাৰ কুঁহিপাত’।

৪। ‘আঘোণৰ পথাৰত কাম আৰু কাম।’: কবিয়ে আঘোণৰ পথাৰত থকা কি ‘কাম’ৰ বিষয়ে ইংগিত দিছে।

উত্তৰ : ‘আঘোণৰ পথাৰ পকা ধানেৰে ভৰি থাকে । সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাটোত আঘোণৰ পথাৰত ৷ কাম আৰু কাম’কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত দিছে।

৫। ‘উৰুলি’আৰু ‘ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা ।

উত্তৰ : শব্দ অর্থ ‘উৰুলি’ শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ । ৰাগি নিচা, মাদকতা ।

(গ) দীঘল প্রশ্ন

১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে , বুজাই লিখা ।

উত্তৰ : আঘোণ মাহত অসমীয়া তিৰোতাসকলে পাকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে ৷ সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আকৰ্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্রেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।

এনেদৰে আঘোণৰ কুঁৱলীয়ে কবিক আমনি কৰিছে।

২। আঘোণৰ পথাৰৰ মন পৰশা চিত্ৰ ‘আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা ।

উত্তৰ : ওপৰৰ ১ নং প্রশ্নোত্তৰ চোৱা ।

৩। ‘আঘোণৰ কুঁৱলী’শীৰ্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বজাই লিখা ।

উত্তৰ : উত্তৰঃ কবি কেশৱ মহন্তই ‘আঘোণৰ কুঁৱলী’ কবিতাটোত সহজ সৰল অথচ মন পৰশা গাঁৱলীয়া প্ৰেমৰ চিত্র অংকন কৰিছে।

আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ . চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আকৰ্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।

৪। ‘আঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ।

উত্তৰঃ উত্তৰঃ কবি কেশৱ মহন্তই ‘আঘোণৰ কুঁৱলী’ শিৰোনামাৰ কবিতাটিত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ তলত দিয়া ধৰণে অংকন কৰিছে।

আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধান চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকো আকৰ্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেসয়ীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত সি কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব ! নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।

এনেদৰে কবিয়ে ‘আঘোণৰ কুঁৱলী’নামৰ কবিতাটোত সহজ সৰল প্ৰেমৰ চিত্র অংকন কৰাৰ লগতে তেওঁৰ প্রেয়সীক চাব নোৱাৰাত মনত উদয় হোৱা বিষাদবোধৰো চিত্র অংকন কৰিছে।

৫। প্রসংগ সংগতি मাই বাথা কৰা।

(ক) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম।’

উত্তৰ: উদ্ভূত কবিতাফাকি আমাৰ গাঠ্যপুথি সাহিত্য সৌৰত’ ৰ অন্তত কেশৱ মহন্তই ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আঘোণৰ পকা ধাননি পথাৰত অসমীয়া তিৰোতাসকলে ধান চপোৱাৰ বাবে কেনেদৰে বাজ হয় তাৰ চিত্ৰ উদ্ধৃত কবিতাাকিৰ মাজেৰে ফুটাই তোলা হৈছে।

আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চগাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচি লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধে। সেই সময়ত সিহঁত ইমানেই ব্যস্ত হৈ পৰে যে ওপৰলৈ মূৰ তুলি চাবলৈয়ো সময় নাগায়। আঘোণৰ পথাৰত দাৱনীসকলৰ কাম বহুত। সিহঁতে এই কাম সূর্যোদয়ৰ পৰা সুৰ্যান্তলৈকে আনন্দৰ সৈতে কৰি থাকে।

কবিতাফাকিৰ মাজেৰে অসমীয়া তিৰোতাসকলৰ কর্তব্যবোধ আৰু ব্যস্ততাপূৰ্ণ জীৱনৰ চিত্ৰ ফুটি উঠিছে।

(খ) আঘোণৰ পথাৰত উৰুলিৰ ৰাগি আছে ৰাগি আছে, আঘোণৰ পথাৰত ৰাগি আৰু ৰাগি।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ ‘ৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আঘোণ মাহৰ পকা ধাননি পথাৰত ব্যস্ত থকা সময়তো যে ডেকা-ডেকেৰীৰ মনত প্ৰেমৰ উদয় হ’ব পাৰে -সেই প্রসংগত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।

প্রেম এক সহজাত অনুভূতি। যিকোনো মূহুৰ্তত আৰু যিকোনো পৰিবেশত ডেকা-ডেকেৰীৰ মনত প্রেমানুভূতিৰ উদয় হ’ব পাৰে। আঘোণৰ পথাৰত কৰ্মব্যক্ত গাভৰুহঁতক চাই কবিৰ মনতো প্ৰেমৰ অনুৰণন জাগি উঠছে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন-হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা- গাভৰুৰ মনো এক বিশেষ ৰাগীত (প্রেমানুভূতিত) উৰা মাৰে ভালপোৱাজনৰ কাষলৈ। অৰ্থাৎ আঘোণৰ পথাৰত কামৰ লগতে প্রেমানুভূতিৰ আনন্দও আছে।

(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে ডাঙৰি বান্ধিম বুলি তাৰ-জৰী তোলাতে থাকিল’ ‘অলপ দূৰৰ পৰা নোচোৱঅৰ ভাও ধৰি চাবওতো পাৰিলোঁহেঁতেন একোকে নমনি।’

উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কাতাফাকিৰ জৰিয়তে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে ঢাকি ৰখা বাবে নিজৰ প্ৰেয়সীক চাব নোৱাৰি বিষাদত উক্ত কথাষাৰ কৈছে।

কবিয়ে আঘোণৰ পথাৰত কাঁচিৰে ধান কাটি থকা গাভৰু ছোৱালীসকলৰ মাজত নিজৰ প্ৰেয়সী সেউতীক বিচাৰিছে। কিন্তু পথাৰখন কুঁৱলীয়ে ঢাকি ৰখা বাবে কবিয়ে নিজৰ প্ৰেয়সী তাত আছে নে নাই চাব পৰা নাই । গাভৰুসকলে ধান মুঠি মুঠিকৈ কাটি ডাঙৰি বান্ধি আছে; কিন্তু কবিয়ে কল্পনাত নিজৰ মন প্রেয়সী সেউতীৰ মনৰ লগত ডাঙৰি বন্ধা দি বান্ধি আছে। ০০০

Type By Suman Bora

0
    0
    Your Cart
    Your cart is emptyReturn to Shop