Class 12 Assamese Chapter 17 Short Question Answer | Class 12 Assamese Chapter 17 মূল্য়বোধ শিক্ষা Short Answer |

১। ভাৰত বৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ?

উত্তৰ : ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ শিক্ষা ।

২। প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ?.

উত্তৰ : প্ৰথম অৱস্থাত ‘মূল্য’ শব্দটো অর্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ।

৩। নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?

উত্তৰ : নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘ম’ৰেল’ (moral) লেটিন ভাষাৰ ‘ম’ৰীজ’শব্দটোৰ পৰা আহিছে।

৪। মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি ?

উত্তৰ : মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে। অর্থাৎ সৌন্দর্যবোধ নিৰ্ভৰ কৰে । সম্পূৰ্ণৰূপে ব্যক্তিৰ নিজস্ব গ্রহণযোগ্য ক্ষমতাৰ ওপৰত।

৫। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?

উত্তৰ : ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা প্ৰশিক্ষণ পৰিষদে মুঠ ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে।

৬। নৈতিক’শব্দটোৰ ইংৰাজী প্রতিশব্দটো কি ?

উত্তৰ : “নৈতিক’শব্দটোৰ ইংৰাজী প্রতিশব্দটো হ’ল মৰেল (Moral)।

৭। ব্যক্তিয়ে মূল্যবোধ কিহৰ পৰা আয়ত্ত্ব কৰে ?

উত্তৰ : ব্যক্তিয়ে শিক্ষা আৰু সামাজিক পৰিবেশৰ পৰা মূল্যবোধ আয়ত্ত্ব কৰে ।

৮। লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ অৰ্থ কি ?

উত্তৰ : লেটিন ভাষাৰ ‘ম’ৰীজ’শব্দটোৰ অৰ্থ হ’ল – আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ ৷

৯। ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে ?

উত্তৰ : ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে ৮৪ বিধ মূল্যবোধ চিনাক্ত কৰিছে।

১০। মূল্যবোধে সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লয় ?

উত্তৰ : সমাজত প্ৰচলিত কিছুমান ধর্মীয় বিশ্বাস, নৈতিক আদর্শ, জীৱন দৰ্শন, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী আদি সকলো দিশকে সামৰি লয় ।

১১। বিভিন্ন প্ৰকাৰৰ মূল্যবোধসমূহ কি কি ?

উত্তৰ : বিভিন্ন প্ৰকাৰৰ মূল্যবোধবোৰ হ’ল – নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, নান্দনিক মূল্যবোধ, অর্থনৈতিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ আৰু ৰাজনৈতিক মূল্যবোধ ।

১২। ভাৰতীয় দৰ্শন কিহৰ ওপৰত প্ৰতিষ্ঠিত ?

উত্তৰ : ভাৰতীয় দৰ্শন তিনিটা প্রধান মূল্যবোধ যেনে – সত্যম, শিৱম, সুন্দৰমৰ ওপৰত প্ৰতিষ্ঠিত।

১৩। প্লেটোৰ মতে সৌন্দর্যবোধ কেনেধৰণৰ ?

উত্তৰ : প্লেটোৰ মতে সকলো বস্তুৰে এক ঐশ্বৰিক সৌন্দর্য আছে। ঐশ্বৰিক ধ্যান ধাৰণাৰ দ্বাৰা সেই সৌন্দৰ্য উপলব্ধি কৰিব লাগে ।

১৪। ধৰ্ম কি ? কামৰ সৈতে ইয়াৰ সম্পৰ্ক কি ?

উত্তৰ : ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কর্তব্য সম্পর্কে সকিয়াই দিয়ে। ধৰ্মই অৰ্থ আৰু কামক পৰিচালনা কৰে।

১৫। মূল্যবোধ সম্পর্কে আদর্শবাদী দার্শনিকসকলৰ দৃষ্টিভংগী কেনে ধৰণৰ ?

উত্তৰ : আদর্শবাদী দার্শনিকসকলৰ মতে সত্যম্ শিৱম্‌ সুন্দৰম – এই তিনিটা চিৰন্তন মূল্যবোধ । এইবোৰৰ কোনো পৰিবৰ্তন নাই। মানুহৰ দায়িত্ব হ’ল এইবোৰ সমাজৰ পৰা আৱিষ্কাৰ কৰা আৰু উপলব্ধি কৰা।

১৬। নন্দনতত্ত্ব সম্পর্কে পণ্ডিতসকলৰ দৃষ্টিভংগী কেনেধৰণৰ ?

উত্তৰ ঃ নন্দনতত্ত্ব সম্পর্কে পণ্ডিতসকলে কয় যে ই কেৱল ইন্দিয়গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অপার্থিব বস্তুৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰিব নোৱাৰি।

খ) চমু প্ৰশ্ন

১। আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ কেইটা কি কি ?

উত্তৰ ঃ ‘আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ তিনিটা, যথাঃ ঃ সত্যম-শিৱম-সুন্দম।

২। ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্রেণীত ভাগ কৰিছে আৰু কি কি ?

উত্তৰ : ভাৰতীয় দৰ্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে, যথা – ধৰ্ম, অর্থ, কাম আৰু মোক্ষ।

৩। প্রকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ?

উত্তৰ : উত্তৰ ঃ প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যৱান নহয় বুলি ক’ব নোৱাৰি। কিন্তু ব্যক্তিৰ প্রয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ’লে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। সেয়েহে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা উচিত।

৪। মনোবিজ্ঞানীসকলে শিশুৰ কি কি বিশেষ চাৰিটা আচৰণৰ কথা কৰিছে?

উত্তৰ ঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বাবে চাৰিটা বিশেষ আচৰণৰ কথা উল্লেখ কৰিছে যেনে- (ক) যুক্তিনিষ্ঠতা, (খ) পৰোপকাৰিতা, (গ) দায়িত্ববোধ আৰু (ঘ) নৈতিক স্বতন্ত্রতা।

৫। সহজ অর্থত মূল্যবোধ মানে কি ?

উত্তৰ : ‘মূল্যবোধ’ হৈছে মানুহৰ জীৱনৰ কিছুমান নিৰ্দেশিকা নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজৰ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধৰ্মীয় জীৱন, জীৱন দৰ্শন, ৰাজনৈতিক আদর্শ, আচাৰ ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কাৰ্যাৱলী- এই সকলোবোৰ মূল্যবোধে সামৰি লয়। আকৌ মূল্যবোধসমূহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ব কৰে সামাজিক পৰিবেশতহে।

৬। মূল্যবোধ সম্পৰ্কে তোমৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ।

উত্তৰ ঃ মূল্যবোধ বুলিলে আমি এক উচ্চ আদর্শাত্মক জীৱন প্ৰণালীক বুজো যি জীৱন প্ৰণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূৰ্ণ জীৱন-যাপন কৰিবলৈ । শিকায়।

(গ) দীঘল প্রশ্ন

১। ‘আদর্শবাদী দার্শনিক সকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা ।

উত্তৰ : আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে। আধ্যাত্মিক মূল্যবোধৰ লগত ধৰ্মীয় মূল্যবোধৰ সম্পৰ্ক আছে। আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্রেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায়। শ্ৰীমন্ত শংকৰদেৱে কোৱাৰে দৰে, ‘কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্রণাম।’

২। নন্দন তাত্ত্বিক মূল্যবোধ কি কি বিষয় সামৰি লয় আলোচনা কৰা ।

উত্তৰ : মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে – সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্ৰদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মুল্যায়ন হ’ব পাৰে। মানুহৰ সকলো কাৰ্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পর্যায়ত মূল্যায়ন কৰা হয়৷ গতিকে মনোযোগেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবি-কাঠি।

৩। চিৰন্তন মূল্যবোধ সম্পর্কে চমুকৈ বুজাই লিখা ।

উত্তৰ : আদর্শবাদী দার্শনিকসকলৰ মতে, সত্যম- শিৱম-সুন্দৰম – এই তিনিটা চিৰন্তন মূল্যবোধ। ‘চিৰন্তন মূল্যবোধ স্থায়ী তথা অপৰিৱৰ্তনীয়। এই মূল্যবোধসমূহ সমাজত আগৰে পৰা বিদ্যমান। মানুহৰ দায়িত্ব হ’ল কেৱল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্ৰাচীন কালৰ পৰাই আছে । আন কথাত ক’বলৈ গ’লে, ভাৰতীয় সামাজিক জীৱন ব্যৱস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত।

৪। নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা ।

উত্তৰ : নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘মৰেল’ (Moral) শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ‘ম’ৰীজ’ শব্দটোৰ পৰা- যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ । নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদৰ্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্ৰমে সামাজিক সংস্পৰ্শলৈ অহাৰ পিছত পৰিবেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামূহিক নীতি-নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্রবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। ইয়াৰ বাবে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ ।

সংক্ষেপতে ক’বলৈ গ’লে, নৈতিকতাই সমাজৰ ৰীতি- নীতি মানি চলাটো বুজায়। অর্থাৎ সামাজিক নীতি-নিয়ম মানি চলাটোৱেই হৈছে নৈতিক মূল্যবোধ।

৫। মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ?

উত্তৰ ঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। যেনে :

(ক) যুক্তিনিষ্ঠতাঃ শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিবেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ কৰা ।

(খ) পৰোপকাৰিতাঃ অন্য মানুহৰ সুখ-দুখৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু প্ৰয়োজন সাপেক্ষে সহায় কৰা।

(গ) দায়িত্ববোধঃ সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা ।

(ঘ) নৈতিক স্বতন্ত্রতা : নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা । ০ 00

Type By Suman Bora

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop