বিভক্তি
বাক্য গঠণত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে।
উদাহৰণ ঃ
ৰহিমে পঢ়িছে।
তেওঁ স্কুললৈ গ’ল।
ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘ৰহিম + এ = ৰহিমে’, পঢ় + ইছে = পঢ়িছে, আৰু দ্বিতীয় বাক্যটিত ‘স্কুল + অলৈ = স্কুললৈ’ হৈছে। এই ‘এ’, ‘হৈছে’ আৰু “লৈ’ এইবোৰেই হৈছে বাক্যত শব্দৰ লগত যোগ হোৱা বিভক্তিৰ চিন ।
বিভক্তি দুইবিধ, যথাঃ
(১) শব্দ বিভক্তি আৰু
(১) শব্দ বিভক্তি : বাক্য গঠনত শব্দৰ পিছত যোগ হোৱা বিভক্তিক শব্দ বিভক্তি বোলে।
উদাহৰণ :
জাহিদে (জাহিদ + এ) পঢ়িছে।
ডাঙৰক (ডাঙৰ + ক) শ্রদ্ধা কৰিব লাগে ।
শব্দ বিভক্তি সাত বিধ, যথা ঃ
(১) প্রথমা বিভক্তি
(২) দ্বিতীয়া বিভক্তি
(৩) তৃতীয়া বিভক্তি
(৪) চতুর্থী বিভক্তি
(৫) পঞ্চমী বিভক্তি
(৬) ষষ্ঠী বিভক্তি আৰু
(৭) সপ্তমী বিভক্তি
এই প্ৰত্যেকটো বিভক্তিৰে কিছুমান নিজা নিজা চিন আছে যি চিনবোৰৰ সহায়ত বিভক্তিসমূহ চিনাক্ত কৰিব পাৰি। তলত শব্দ বিভক্তিৰ চিনবোৰ দিয়া হ’ল।
(১) প্রথমা বিভক্তি : অ, ই, এ।
(২) দ্বিতীয়া বিভক্তি ঃক।
(৩) তৃতীয়া বিভক্তি ঃ ৰে, দি, দ্বাৰা ।
(৪) চতুর্থী বিভক্তি ঃ অক্, লৈ।
(৫) পঞ্চমী বিভক্তি : পৰা ।
(৬) ষষ্ঠী বিভক্তি ঃ ৰ ।
(৭) সপ্তমী বিভক্তি ঃ ত।
তলত ‘ল’ৰা’শব্দৰ একবচনত বিভক্তিৰ চিনবোৰ কিদৰে যোগ হয় দেখুৱা হ’ল।
বিভক্তিৰ চিন ‘ল’ৰা’ শব্দত প্ৰয়োগ
(১) প্রথমা অ, ই, এ ল’ৰা, ল’ৰাই ল’ৰায়ে কল’ৰাক
(৩) তৃতীয়া ৰে, দি, দ্বাৰা ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাৰদ্বাৰা অক্ লৈ ল’ৰাক, ল’ৰালৈ
(৪) চতুর্থী পৰা ল’ৰাৰ পৰা ৰ ল’ৰাৰ (
৭) সপ্তমী ত ল’ৰাত।
শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্ব্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটাব পাৰি ।
উদাহৰণ ঃ
বিশেষ্য একবচন বহুবচন ছোৱালী ছোৱালীক ছোৱালীবোৰক
(২) দ্বিতীয়া
(৫) পঞ্চমী
(৬) ষষ্ঠী সৰ্ব্বনাম একবচন বহুবচন মই মোক আমাক
এনেদৰে শব্দ বিভক্তিৰ চিনবোৰ প্ৰয়োগ কৰি বিশেষ্য আৰু সৰ্ব্বনাম পদৰ বচনৰ ৰূপান্তৰ ঘটোৱা কাৰ্যক ‘শব্দৰূপ (Declension of Words) বোলা হয়। তলত কেইটামান বিষেশ্য আৰু সৰ্ব্বনাম পদত সাতোটা বিভক্তি প্রয়োগ কৰি একবচন আৰু বহুবচন হোৱা শব্দৰ ৰূপান্তৰ দেখুৱা হ’ল।
ল’ৰা (বিষেশ্য শব্দ)
বিভক্তি
একবচন
বহুবচন
প্রথমা
দ্বিতীয়া ল’ৰাক ল’ৰা,
ল’ৰায়ে ল’ৰাবোৰ,
ল’ৰাবোৰে ল’ৰাবোৰক
তৃতীয়া ল’ৰাৰে, ল’ৰায়েদি, ল’ৰাবোৰেৰে, ল’ৰাবোৰেদি, ল’ৰাবোৰৰ দ্বাৰা ল’ৰাৰ দ্বাৰা
চতুৰ্থী ‘ল’ৰাক, ল’ৰালৈ
পঞ্চমী ল’ৰাৰপৰা ল’ৰাবোৰক, ল’ৰাবোৰলৈ ল’ৰাবোৰৰ পৰা
ষষ্ঠী : ল’ৰাৰ
সপ্তমী ল’ৰাত ল’ৰাবোৰৰ ল’ৰাবোৰত
*মই (সৰ্ব্বনাম শব্দ : প্রথম পুৰুষ )
বিভক্তি একবচন বহুবচন
প্রথমা দ্বিতীয়া মই, ময়ে মোক আমি, আমিয়ে আমাক
তৃতীয়া মোৰে, মোৰ দ্বাৰা আমাৰে, আমাৰ দ্বাৰা
চতুর্থী মোক, মোলৈ আমাক, আমালৈ
পঞ্চমী ষষ্ঠী মোৰ পৰা আমাৰ পৰা মোৰ আমাৰ
সপ্তমী মোত আমাত
বিভক্তি একবচন বহুবচন
প্রথমা তুমি, তুমিয়ে তোমালোক, তোমালোকে
দ্বিতীয়া তৃতীয়া তোমাৰে তোমাক তোমালোকক তোমালোকেৰে, তোমাৰদ্বাৰা তোমালোকৰদ্বাৰা
চতুর্থী তোমাক, তোমালৈ তোমালোকক, তোমালোকলৈ
পঞ্চমী তোমাৰপৰা তোমালোকৰপৰা তোমাৰ, তোমালোকৰ
সপ্তমী তোমাত তোমালোকত
তুমি (সৰ্ব্বনাম শব্দ ঃ দ্বিতীয় পুৰুষ )
বহুবচন প্রথমা তাই, তাযে সিহঁত, সিহঁতে
দ্বিতীয়া তাইক সিহঁতক সিহঁত ৰে,
তৃতীয়া তাইৰে, তাইদি,তাইৰদ্বাৰা সিহঁতেদি, সিহঁতৰদ্বাৰা সিহঁতক, সিহঁতলৈ বিভক্তি একবচন
চতুৰ্থী তাইক, তাইলৈ
পঞ্চমী ষষ্ঠী তাইৰপৰা সিহঁতৰপৰা সিহঁতৰ সিহঁতত তাইৰ
সপ্তমী তাইত
(২) ক্রিয়া বিভক্তি : ধাতুৰ পিছত যি বিভক্তি যোগ হয় তাকে ক্রিয়া বিভক্তি বোলে। ক্রিয়া বিভক্তিক ধাতু বিভক্তি বুলিও কোৱা হয় ।
উদাহৰণ ঃ
‘তাই ৰামায়ণ পঢ়িছে।
ইয়াত ‘পঢ়’ ধাতুত ইছে’ যুক্তহৈ‘পঢ়িছে’ ক্ৰিয়াটো সম্পন্ন হৈছে। সেইদৰে, ধৰ + ইছে = ধৰিছে ‘লিখ + ইছে = লিখিছে কৰ + ইছে = কৰিছে।
বিঃ দ্রঃ আদেশ দিয়া, অনুৰোধ কৰা বা উপদেশ দিয়া বুজাবলৈ ক্ৰিয়াৰ যি ৰূপ হয় তাকে অনুজ্ঞা বোলে। . কেৱল দ্বিতীয় আৰু তৃতীয় পুৰুষত, নিত্য বর্তমান আৰু ভৱিষ্যত কালতহে হয়।
উদাহৰণ :
ইয়ালৈ আহা ৷
অনুগ্ৰহ কৰি মোক সহায় কৰক। (অনুৰোধ)
কাকো অৱজ্ঞা নকৰিবা । (উপদেশ)
ধাতুৰ ক্ৰিয়া বিভক্তি যোগ কৰাৰ কিছুমান নিয়ম আছে। যথা ঃ
১। ও- কাৰান্ত ধাতুৰ পিছত ‘ও’ৰ ঠাইত ‘উ’ হয়। যেনেঃ
শো + ইছিলো = শুইছিলো ধো + ইছিলো = ধুইছিলো
২। ই- কাৰান্ত ধাতুৰ পিছত ‘অ’ বিভক্তি ‘য়’ ‘আ’বিভক্তি ‘য়া’আৰু ‘এ’ বিভক্তি ‘য়ে’ হয়। যেনেঃ
কি + অ = কিয় দি + আ = দিয়া দি+এ= দিয়ে
৩। ব্যঞ্জনান্ত ধাতুৰ শেষ বৰ্ণত ক্ৰিয়া বিভক্তিৰ আদি স্বৰযোগ হয় । যেনেঃ
ধৰ + ইলো ধৰিলো = কৰ+ ইলো = কৰিলো।
৪। অ, আ বা উ কাৰান্ত ধাতুৰ পিছত বিভক্তিৰ ‘অ’ৰ ঠাইত ‘ৱ’ আৰু ‘আ’ৰ ঠাইত ‘ৱা’ হয়। যেনে ঃ
যা + আ = যার ৰো + আ ৰোৱা = ৰো + অ ৰোৱ। ০০০
প্রত্যয় আৰু প্ৰত্যয় বিভাজন
প্ৰধানকৈ নতুন শব্দ সৃষ্টিৰ বাবে ধাতু আৰু প্ৰতিপাদিক পিছত যোগ হোৱা বৰ্ণ বা বর্ণ সমষ্টিক প্রত্যয (Affix) বোলে।
উদাহৰণ ঃ
দয়া + আলু = দয়ালু ধান + অনি ধাননি চল + অন্ত = চলন্ত
প্রত্যয় চাৰিবিধ, যথা :
(১) স্ত্রী প্রত্যয় (Feminine Affix)
(২) বিভক্তি (Inflection)
(৩) কৃত প্রত্যয় (Primary Affix) আৰু
(৪) তদ্ধিত প্রত্যয় ( Secondary Affix)
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
(১) স্ত্রী প্রত্যয় (Feminine Affix) : পুংলিঙ্গ শব্দক স্ত্রীলিংঙ্গ শব্দলৈ ৰূপান্তৰ কৰোতে পুংলিঙ্গ শব্দত যোগ হোৱা প্ৰত্যয়কে স্ত্রীপ্রত্যয় বোলে। “স্ত্রীপ্রত্যয় তিনিটা, যথা ঃ ঈ, অনী, আৰুৰী। সাধাৰণতে ‘অনী’ প্রত্যয়ে নী’, ‘ইনী’ বা ‘উনীৰ ৰূপ গ্ৰহণ কৰে উদাহৰণঃ দেৱ + ঈ = দেৱী ময়ুৰী হৰিণ + ঈ = হৰিণী ময়ূৰ + ঈ কাউৰ + ঈ = কাউৰী ৰাক্ষক + ঈ = ৰাক্ষকী ভালুক + ঈ = ভালুকী কায়স্থ + অনী = কায়স্থনী বাঢ়ৈয়নী ডাক্তৰনী নাগিনী। ইত্যাদি।
(২) বিভক্তি (Inflection): বাক্য গঠণত ব্যৱহাৰ হোৱা শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে।
উদাহৰণ ঃ কৰিমে পঢ়িছে। সি কলেজলৈ গ’ল। ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘ৰাম + এ = ৰামে, কলেজ পঢ় + ইছে = পঢ়িছে, আৰু দ্বিতীয় বাক্যটিত + অলৈ কলেজলৈ’ হৈছে। এই ‘এ’, ‘হৈছে’ আৰু ‘লৈ’এইবোৰেই বিভক্তিৰ চিন ।
বিভক্তি দুইবিধ, যথা ঃ
(ক) শব্দ বিভক্তি আৰু
(খ) ক্রিয়া বিভক্তি ।
বিঃ দ্রঃ বিভক্তিৰ বিষয়ে বিভক্তি অধ্যায়ত বহলাই আলোচনা কৰা হৈছে।
(৩) কৃত প্রত্যয (Primary Affix) : ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ কৃদন্ত পদ গঠিত হয় সেইবোৰ প্ৰত্যয়কে কৃত প্রত্যয় বোলে।
উদাহৰণ ঃ
বাচ + অনি বাচনি H.S.2019 বিচ + অনি = বিচনি দা + ণক = দায়ক। ইত্যাদি।
(৪) তদ্ধিত প্রত্যয় ( Secondary Affix) : প্রতিপাদিকৰ পিছত বেলেগ বেলেগ অৰ্থত যুক্ত হৈ যি প্রত্যয়ে নতুন পদ গঠন কৰে তাকে তদ্ধিত প্রত্যয় বোলে ।
সাধাৰণতে তদ্ধিত প্রতয়বোৰ হ’ল : অতি, আইত, অনি, অৰি, অৰিয়া,অতিয়া, অলীয়া, আৰুৱা, আঙ, আই, আল, আলি ইত্যাদি ।
উদাহৰণ ঃ হয় বা পোৱা অৰ্থত ‘অতি’ প্রত্যয় হয়। যেনেঃ বাপ + অতি বাপতি
পটু অর্থত ‘আইত’প্রত্যয় ব্যৱহাৰ হয়। যেনে ঃ
অঘ + আইত অঘাইত গভ + আইত = গভাইত। ইত্যাদি।
বিয়পি থকা অৰ্থত ‘অনি’ প্রত্যয় ব্যৱহাৰ হয়।
যেনেঃ বন। অনি বননি ধাননি ধান + অনি মাহনি।
ইত্যাদি মাহ + অনি গুণবাচক অৰ্থত ‘অৰি’, ‘অৰী’ আদি প্ৰত্যয় ব্যৱহাৰ হয়।
যেনেঃ লগ+অৰি = লগৰী ভাল+ অৰি = ভালৰি ।
অভ্যাস বা পেশা অৰ্থত ‘অৰীয়া’ প্ৰত্যয় ব্যৱহাৰ হয়।
যেনেঃ ভাও + অৰীয়া = ভাৱৰীয়া বন+অৰীয়া = বনৰীয়া নাও+ অৰীয়া = নাৱৰীয়া ইত্যাদি।
অন্যান্য তদ্ধিত প্রত্যয়বোৰ তলত দিয়া ধৰণে ব্যৱহাৰ হয়।
যেনেঃ হাট + আৰুৱা = হাটৰুৱা আগ + অতীয়া = আগতীয়া গাওঁ + অলীয়া = গাঁৱলীয়া চাফ + আই = চাফাই তেজ + আল = তেজাল ভোগ + আলী = ভোগালীইত্যাদি। ০००
Type By Suman Bora