Class 5 Assamese Book Chapter 12 Answer | Sankardev School Class 5 Assamese Book Chapter 12 ঘোঁৰা ডাঙৰীয়া Question Answer |

ঘোঁৰা ডাঙৰীয়া

পাঠ-১২

জানি থোৱা

১। অৰ্থ শিকাঃ

আস্তাবল ঃ ঘোঁৰা বন্ধা ঘৰ

উদ্ভণ্ডালি ঃ অতপালি

মেটমৰা ঃ বৰ গধুৰ

উপলুঙা ঃ ইতিকিং, ঠাট্টা

নিধক ঃ নিলাজ

তদাৰক ঃ যত্নেৰে ৰখা

২। বিপৰীত শব্দৰ বিষয়ে শিকা

পুৰস্কাৰ – শাস্তি

গধুৰ – পাতল 

বলী – দুৰ্বল

দুখ –সুখ

৩। বুজি লোৱাঃ

ক) পক্ষীৰাজ — দেৱতাসকলৰ ৰজা ইন্দ্ৰ। ইন্দ্ৰৰ ৰথখন টনা ঘোঁৰাটোক পক্ষীৰাজ বুলি জনা যায়।

কিনা গোলাম — এসময়ত কাম কৰিবলৈ কিছুমান মানুহক কিনি লোৱা হৈছিল। তেওঁলোকক দাস বা গোলাম বোলা হৈছিল।

খ) ‘বাইছে’ শব্দৰ প্ৰয়োগঃ

১) ঢুলীয়াই ঢোল বাইছে। ( বজোৱা অৰ্থত)

২) হালোৱাই হাল বাইছে। ( হাতেৰে সঁজুলি চলোৱা অৰ্থত)

৩) মালিকজনে বনুৱাটোক বাইছে। ( আনৰ হতুৱাই কাম কৰোৱা অৰ্থত)

গ) ব্যাকৰণঃ ক্ৰিয়াপদৰ মূল শব্দটোক ধাতু বোলে। যেনেঃ ‘বাইছে’ ক্ৰিয়াপদ, ইয়াৰ ধাতু ‘বা’।

ধাতু + প্ৰত্যয় = ক্ৰিয়াপদ 

✓ বহ ইছে = বহিছে

✓ বা + ইছিল = বাইছিল

✓ নাচ্ + ইব = নাচিব

✓ খা + ইছিল = খাইছিল

✓ বা + ইছে = বাইছে

অনুশীলনী

১। আস্তাবলত থকা ঘোঁৰাটো বাটলৈ কিয় ওলাই গৈছিল?

উত্তৰঃ আস্তাবলত থকা ঘোঁৰাটো আস্তাবলত থাকি বৰ আমনি লাগিছিল। সেইবাবে ঘোঁৰাটো বাটলৈ ওলাই গৈছিল।

২। গাধ পোৱালিটো ক’লৈ গৈ আছিল?

উত্তৰঃ গাধ পোৱালিটো গৰাকীৰ ওচৰলৈ গৈ আছিল।

৩। ঘোঁৰাটোৱে গাধ পোৱালিটোক কিয় গালি পাৰিছিল?

উত্তৰঃ গাধ পোৱালিটোৱে ঘোঁৰাটোক কৈছিল “এইটো চৰকাৰি বাট এই বাটটোদি আপুনি আৰু মই দুয়ো যাব পাৰিম।” এই কথাষাৰ কোৱাৰ বাবে ঘোঁৰা ডাঙৰীয়াৰ খং উঠিছিল আৰু গাধ পোৱালিটোক গালি পাৰিছিল।

৪। ঘোঁৰাটোৱে নিজকে কেনেদৰে প্ৰশংসা কৰিছিল?

উত্তৰঃ ঘোঁৰাটোৱে নিজকে প্ৰশংসা কৰি কৈছিল যে – ৰাতিপুৱা উঠিয়েই মানুহে মোক ভৰি মালে, মোক ধুৱাই-পখলাই বুৰুজ মাৰে, ভাল খানা আনি মোক খুৱাই, ৰাতি মোক মহে খাব নোৱাৰাকৈ আঁঠুৱা তৰি দিয়ে। মোৰ কাৰণে সিহঁতে কত যত্ন, তদাৰক, কত ধন ভাঙিছে।সিঁহতৰ কিতাপ-পত্ৰত মোৰ কিমান প্ৰশংসা। ইন্দ্ৰই মোক ৰাজপক্ষী উপাধি দিছে। সিঁহতে মোক দেৱতা পূজা কৰা দি পূজা কৰে।”

৫। গাধটোক কোনে কেনেকৈ খালত পেলাই দিছিল? খালত পৰি গাধটোৱে কি কথা কৈছিল?

উত্তৰঃ গাধটোক ঘোঁৰা ডাঙৰীয়াই ঠেঙেৰে লাথ মাৰি খালত পেলাই দিছিল। খালত পৰি গাধটোৱে “মৰিলো ঔ! মৰিলো ঔ! ইমান অহঙ্কাৰ ভাল নহয়, ঘোঁৰা ডাঙৰীয়া” বুলি কৈছিল।

৬। ঘোঁৰা ডাঙৰীয়া খালত পৰিল কেনেকৈ?

উত্তৰঃ এখন প্ৰকাণ্ড মটৰ-বাছ আহি ঘোঁৰা ডাঙৰীয়াক এটা ব্ৰহ্ম খুণ্ডা মাৰে আৰু ঘোঁৰা ডাঙৰীয়া খালত পৰি যায়।

৭। ‘বলীয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ কৰিলে বাৰু তাৰ শাস্তি ঈশ্বৰে নিদিয়েনে?’ 

ㅡ এই কথা কোনে, কেতিয়া কৈছিল?

উত্তৰঃ এই কথাষাৰ ঘোঁৰা ডাঙৰীয়াই কৈছিল যেতিয়া তেওঁক মটৰ বাছ খনে খুণ্ডা মাৰি খালত পেলাই থৈ গৈছিল।

 ৮। বাক্য ৰচনা কৰাঃ

অত্যাচাৰ – বলিয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ কৰিলে তাৰ শাস্তি ঈশ্বৰে দিয়ে। 

দুৰ্বলী – দুৰ্বলীৰ ওপতৰ অত্যাচাৰ কৰিব নাপায়। 

এখুন্দা – মটৰ-বাছখনে এখুন্দা মাৰি ঘোঁৰাটোক খালত পেলাই দিছিল। 

মেটমৰা – গাধ পোৱালিটোৱে কান্ধত এটা মেটমৰা বোজা লৈ গৈছে। 

উপলুঙা – মানুহজনে সকলোকে উপলুঙা কৰি কথা কয়। 

আধা থেতেলা – গাড়ীখনৰ পৰা পৰি মানুহজনৰ মূৰটো আধা থেতেলা হৈ গৈছিল।

৯। ঘোঁৰা আৰু গাধৰ মাজৰ সাদৃশ্য আৰু পাৰ্থক্যবোৰ কি লিখা।

(বিচাৰ কৰিবলগীয়া বিন্দুবোৰ দিয়া হৈছে।)

 ঘোঁৰাগাধ
সাদৃশ্যঃ খাদ্যঃকাৰ্যঃ(বোজা টনাবাসস্থানঃপাৰ্থক্যঃ আকৃতিঃকাৰ্যঃ(যুদ্ধক্ষেত্ৰ)(দৌৰ)   

উত্তৰঃ ঘোঁৰা(সাদৃশ্যঃ খাদ্য) – ঘোঁৰাই বুট খায়।                গাধ(সাদৃশ্যঃ খাদ্য) – গাধই বুট খায়।                                ঘোঁৰা(সাদৃশ্যঃ কাৰ্য) – ঘোঁৰাই বোজা টানে।                গাধ(সাদৃশ্যঃ কাৰ্য) – গাধই বোজা টানে।২ঘোঁৰা(পাৰ্থক্যঃ আকৃতি) – ঘোঁৰা ওখ হয় আৰু ঘোঁৰাৰ ডিঙিত নোম থাকে। গাধ(পাৰ্থক্যঃ আকৃতি) – গাধ ইমান ওখ নহয় আৰু গাধৰ ডিঙিত নোম নাথাকে।
ঘোঁৰা(পাৰ্থক্যঃ কাৰ্য) – ঘোঁৰাক যুদ্ধক্ষেত্ৰত সৈনিকসকলৰ বাহন হিচাপে ব্যৱহাৰ কৰা হয়।গাধ(পাৰ্থক্যঃ কাৰ্য) – গাধক যুদ্ধক্ষেত্ৰত সৈনিকসকলৰ বাহন হিচাপে ব্যৱহাৰ কৰা নহয়।

Mampi Kakati

Spelling Check By- Rajashri Bora 

********

Post ID : DABP002841

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping