Class 5 Assamese Book Chapter 16 Answer | Sankardev School Class 5 Assamese Book Chapter 16 ৰংমনৰ চিঠি Question Answer |

ৰংমনৰ চিঠি

পাঠ-১৬

অনুশীলনী

১। ক) ৰংমন কোন বিদ্যালয়ত পঢ়ে?

উত্তৰঃ ৰংমন শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ত পঢ়ে।

খ) ৰংমনৰ মাক-দেউতাক ক’ত থাকে? তেওঁলোকে কি কৰে?

উত্তৰঃ ৰংমনৰ মাক জালুকবাৰীত আৰু দেউতাক ডুমডুমাত থাকে। মাকে এটা বেংকত চাকৰি কৰে আৰু দেউতাকে এটা কোম্পানীৰ বিষয়া।

গ) ৰংমনৰ ছাত্ৰাবাসত থাকি কিয় ভাল লাগিছে বুজিব পাৰিছানে?

উত্তৰঃ ছাত্ৰাবাসত কাঢ় নিয়মৰ মাজত থাকি ৰংমনৰ ভাল লাগিছিল।

ঘ) চিঠিখনত ৰংমনে কোনটো বিহু অহাৰ কথা কৈছে?

উত্তৰঃ চিঠিখনত ৰংমনে ব’হাগ বিহু অহাৰ কথা কৈছে।

ঙ) চিঠিখনত ৰংমনে ছাত্ৰাবাসৰ নিয়মবোৰ কিয় কঢ়া বুলি লিখিলে?

উত্তৰঃ চিঠিখনত ৰংমনে ছাত্ৰাবাসৰ নিয়মবোৰ কঢ়া বুলি লিখিলে কাৰণ ৰাতি ভোজন মন্ত্ৰ গাই ভোজন কৰিব পাৰি আৰু লাইট নুমুৱাই শুই থাকিব লাগে, সূৰ্য উদয়ৰ আগতে শুৱাৰ পৰা উঠিব লাগে, ছাত্ৰাবাসত ম’বাইল ফোন লৈ যাব নোৱাৰি, শনিবাৰে হে ঘৰৰ মানুহৰ সৈতে ফোনত কথা পাতিব পাৰি।

চ) দেউতাক এতিয়াও ডুমডুমাৰ পৰা ঘূৰি অহা নাই বুলি ৰংমনে কিয় ভাবিলে?উত্তৰঃ ৰংমনৰ দেউতাকপ্ৰায়কোম্পানিৰ কামত ঘৰৰ পৰা দূৰত থাকে সেইবাবে ৰংমনে দেউতাক এতিয়াও ডুমডুমাৰপৰা পৰা ঘূৰি অহা নাই বুলি ভাবিলে।

ছ) ছাত্ৰাবাসত থকা ছাত্ৰই কিহৰ বাবে টকা দিবলগীয়া হয় জানানে?

উত্তৰঃ ছাত্ৰাবাসত থকা ছাত্ৰই বিদ্যালয়ৰ মাহেকীয়া মাচুলৰ বাবে টকা দিবলগীয়া হয়।

জ) ছাত্ৰাবাসত থকা ছাত্ৰক এটা নিৰ্দিষ্ট বাৰতহে ফোন ধৰিবলৈ দিয়া হয় বুলি ৰংমনে লিখিছে। এই নিয়মৰ কাৰণ কি বুলি ভাবা?

উত্তৰঃ ছাত্ৰাবাসত থকা ছাত্ৰক এটা নিৰ্দিষ্ট বাৰতহে ফোন ধৰিবলৈ দিয়া হয় বুলি ৰংমনে লিখিছে। এই নিয়মৰ কাৰণ হ’ল যদি তেওঁলোকে সদায় সদায় ঘৰৰ লোকৰ লগত কথা পাতি থাকে তেওঁলোকৰ পঢ়াত মন নবহিব ঘৰলৈহে মনত পৰি থাকিব।

ঝ) ছাত্ৰাবাসত ৰংমনে কেতিয়া কেতিয়া প্ৰাৰ্থনা কৰিবলগীয়া হৈছে?

উত্তৰঃ ছাত্ৰাবাসত ৰংমনে ৰাতিপুৱা শুই উঠি, ৰাতি ভোজন কৰাৰ আগত প্ৰাৰ্থনা কৰিবলগীয়া হৈছে।

২। ৰংমনৰ চিঠিখনৰ পৰা ছাত্ৰাবাসৰ নিয়ম সম্পৰ্কে কি বুজিলা লিখা।

উত্তৰঃ ছাত্ৰাবাসত ৰাতিপুৱা শুই উঠি প্ৰাতঃস্মৰণ কৰিব লাগে, ছাত্ৰাবাসত ম’বাইল লৈ যাব নোৱাৰি, ভোজন মন্ত্ৰ গাই ভোজন কৰিব পাৰি আৰু লাইট নুমুৱাই শুই থাকিব লাগে, সূৰ্য উদয়ৰ আগতে শুৱাৰ পৰা উঠিব লাগে, শনিবাৰে হে ঘৰৰ মানুহৰ সৈতে ফোনত কথা পাতিব পাৰি।

৩। চিঠি লিখাৰ নিয়মবোৰলৈ মন কৰা। (ল’ৰা-ছোৱালীৰ বাবে)

(তাৰিখ, সম্বোধন, চিঠিৰ মূল বিষয় আৰু আনুষংগিক বিষয়, চিঠি পঠাওঁতাজনৰ সম্পূৰ্ণ ঠিকনা, চিঠি পাওঁতাজনৰ সম্পূৰ্ণ নাম আৰু ঠিকনা, খামৰ ওপৰত ডাক টিকট লগোৱা ইত্যাদি কথা আচাৰ্যই বুজাই ক’ব।)

উত্তৰঃ                                         শ্ৰীহৰি

পূজনীয়া আইতা,                                             তাৰিখ ……………

                           প্ৰথমে মোৰ সেৱা ল’বা। ককা, আৰু মাকো মোৰ সেৱা জনাবা। মই ভালে আছো। আশা কৰোঁ ভগৱানে তোমালোককো ভালে-কোশলে ৰাখিছে। মোৰ পঢ়া-শুনাও ঠিকে চলি আছে। মামাই মোক সদায় ৰাতিপুৱা ৫ বজাত উঠাই দিয়ে আৰু মই সদায় মামাৰ লগত ৰাতিপুৱা খোজ কাঢ়িব যাওঁ। 

                           মামাৰ ঘৰৰ পৰা আমাৰ বিদ্যালয়খন প্ৰায় ১ কিলোমিটাৰ দূৰ। মই সদায় বিদ্যালয়লৈ খোজ কাঢ়ি যাওঁ। আবেলি প্ৰায় ৩:২০ ত মই বিদ্যালয়ৰ পৰা ঘৰ আহি পাওঁ। মই বিদ্যালয়ৰ গৃহকাৰ্যবোৰ সময়ত কৰোঁ। যাৰ বাবে মোক ছাৰসকলে বহুত প্ৰসংশা কৰে। মই সদায় ৰাতি ৯ তা বজাত আহাৰ গ্ৰহণ কৰোঁ আৰু  ৰাতি ৯:৩০ বজাত বিছনাত উঠো।

                           দূৰ্গা পূজা পালেহিয়েই। পূজাৰ উপলক্ষে আমাৰ বিদ্যালয় প্ৰায় ৫ দিনৰ বাবে বন্ধ থাকিব। মই পূজাৰ আগদিনাই ঘৰলৈ যাম। আশা থাকিল পূজাৰ বন্ধত ঘৰলৈ গ’লে তোমালোকক ভালে-কোশলে দেখা পাম।

    বিশেষ নাই। পুনৰ সেৱা যাচিলোঁ। 

                            ইতি

তোমাৰ মৰমৰ                            

মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, বৰঙাবাৰী

ডাকঃ কোমোৰাগুৰি, জিলাঃ মৰিগাওঁ, অসম     

ডাক সূচনাঃ ৭৮২১০৫                   

প্ৰতিঃ শ্ৰীযুতা ফুলেশ্বৰি কাকতি

……………………

…………………………….

………………………………

৪। ব’হাগ বিহুটো তুমি কেনেকৈ পালন কৰিবা তাকে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা।

(চিঠিত বন্ধুক ‘মৰমৰ বন্ধু’ বা ‘প্ৰিয় বন্ধু’ অথবা তেওঁৰ নাম লিখি সম্বোধন কৰিবা।)

উত্তৰঃ                                       শ্ৰীহৰি

মৰমৰ প্ৰীতি,

                    প্ৰথমে মোৰ হিয়া ভৰা মৰম আৰু ভালপোৱা ল’বা। তোমাৰ মা, দেউতা আৰু আইতাক মোৰ সেৱা জনাবা। 

                     মই ভালে আছোঁ। আশা কৰো তুমি আৰু তোমালোকৰ ঘৰৰ সকলো সদস্য ভালে-কোশলে আছে। 

                      এইবাৰ আহি থকা ৰঙালি বিহুৰ আয়োজন তোমালোকৰ ঘৰত ঠিকে চলিছে চাগে। আমাৰ ঘৰত প্ৰায় বিহুৰ পিঠা-পনা বনাই হৈছে। মায়ে বিহুৰ বাবে তিলৰ পিঠা, নাৰিকলৰ লাৰু, গুৰ লাৰু, তিলৰ লাৰু, জলপান, সান্দহ গুৰি আদি বনাইছে। বিহুৰ বাবে দেউতাই মোক যোৱাকালি বজাৰৰ পৰা এটা ৰঙা ফ্ৰক আনি দিছে। বিহুত আমি সকলোৱে মিলি ঘৰে ঘৰে হুঁচৰি গাম। বিহুৰ দিনা তুমি আমাৰ ঘৰলৈ বিহু খাব আহিবা। ব’হাগৰ ১৭ তাৰিখে আমাৰ গাঁৱত মুকলি বিহু পাতিছে। তাত মই অংশ গ্ৰহণ কৰিম। তুমি যদি তাত অংশ গ্ৰহণ কৰিব বিচৰা মই গাঁৱৰ দাদাহঁতক কৈ তোমাৰ বাবে কথা পাতিম। তুমি মোক জনাবা।

    বিশেষ নাই। পুনৰ তোমালৈ মোৰ মৰম যাচিলোঁ।      

ইতি                                 

তোমাৰ মৰমৰ বান্ধৱী                 

মাম্পী                             

                                      ডাকঃ কোমোৰাগুৰি, জিলাঃ মৰিগাওঁ, অসম                                                              ডাক সূচনাঃ ৭৮২১০৫              

প্ৰতিঃ শ্ৰী প্ৰীতি ৰাণী বৰকাকতি

…………………………………

………………………….

……………………………………

৫। বাক্য ৰচনা কৰাঃ 

উপলক্ষ – বিহুৰ উপলক্ষে মই মোৰ বান্ধৱী প্ৰীতিলৈ এখন চিঠি লিখিছো। 

খৰচি মাৰি – সদায় নিজৰ পাঠ্যপুঠিসমূহ খৰচি-মাৰি পঢ়িব লাগে। 

নিয়ম-কানুন – আমি বিদ্যালয়ৰ নিয়ম-কানুনসমূহ মানি চলিব লাগে। 

মৰমিয়াল – অসীম এজন বৰ মৰমিয়াল ল’ৰা।

৬। তলৰ শব্দবোৰৰ ব্যৱহাৰ কৰি যুৰীয়া শব্দ উলিওৱা।

নিয়ম, গছ, বিপদ, ধন, চিঠি, সোণ, পত্ৰ, আপদ, বিৰিখ, দায়, দোষ, কানুন, ভোক, পিয়াহ।

উত্তৰঃ নিয়ম – নিয়ম-কানুন।

            গছ – গছ-বন।

            বিপদ – বিপদ-আপদ।

            ধন – ধন-সম্পত্তি।

            চিঠি – চিঠি-পত্ৰ।

            সোণ – সোণ-ৰূপ।

            পত্ৰ – চিঠি-পত্ৰ।

            আপদ – বিপদ-আপদ।

            বিৰিখ – 

            দায় – দায়-দোষ।

            দোষ – দায়-দোষ।

            কানুন – নিয়ম-কানুন।

            ভোক – ভোক-পিয়াহ।

            পিয়াহ – ভোক-পিয়াহ।

Mampi Kakati

Spelling Check By- Rajashri Bora 

********

Post ID : DABP006311

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping