🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 5 Assamese Book Chapter 19 Answer | Sankardev School Class 5 Assamese Book Chapter 19 অসম আমাৰ ৰূপহী Question Answer |

অসম আমাৰ ৰূপহী 

পাঠ- ১৯

জানি থোৱা ঃ

১। বুজি লোৱা ঃ

(ক) ‘পাহাৰ – ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে

তোমাৰ ভাষাৰ মৰমবোৰে মিলন-সেঁতু গঢ়ে।’

ইয়াৰদ্বাৰা কবিয়ে অসমত পাহাৰ আৰু ভৈয়ামৰ লোকসকলৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ কথা কৈছে; এই সম্পৰ্কৰ মাজত বিভিন্ন ভাষা-ভাষী লোকৰ মৰম নিহিত আছে।

(খ) ‘চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ’

অৰ্থাৎ অসম ৰাজ্য গছ-বনেৰে চিৰ সেউজীয়া, সেইবাবে সদায়ে ভাল লগা হৈ থাকে।

(গ) ‘অসম আমাৰ ৰূপহী গুণৰো নাই শেষ’

অৰ্থাৎ অসমৰ প্ৰাকৃতিক দৃশ্য মনোৰম, লগতে অঞ্চলটোৰ বহুতো ভাল গুণ আছে। অসম কেৱল দেখাতেই নহয়, গুণতো অতুলনীয়।

(ঘ) ‘শৰৎ নিশাই তৰাৰে সজায় আইৰে বেশ’

অৰ্থাৎ অসমৰ শৰতৰ আকাশ তৰাৰে জিকমিকাই থাকে।

(ঙ) ‘লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ’

অৰ্থাৎ লুইতৰ দুয়ো পাৰে থকা বিশাল অঞ্চল আমাৰ নমস্য।

চ) ‘অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি’

অৰ্থাৎ অসম দেশৰ মাটি অতি সাৰুৱা, ইয়াৰ তুলনা নাই।

২। অৰ্থ শিকা ঃ

ৰূপহী ঃ ধুনীয়া, সুন্দৰী, শুৱনি 

বিনন্দীয়া ঃ অতিকৈ শুৱনি, মনোহৰ, বিতোপন 

প্ৰণিপাত ঃ প্ৰমান,সেৱা

সমাৱেশ ঃ একগোট হোৱা কাৰ্য, একেলগ কাৰ্য

মহুৰা ঃ তাঁত ববৰ কাৰণে সূতা মেৰিয়াই লোৱা শাল

অলেখ ঃ লেখিব নোৱাৰা, বহুত, অগণন

অনুশীলনী 

১। কবিতাটি আবৃত্তি কৰা।

২। কবিতাটো সুৰ দি গাবলৈ চেষ্ট কৰা।

৩। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া一

(ক) ‘ভাৰতবৰ্ষৰ পূৰ্ব দিশত সূৰ্য উঠা দেশ’ বুলি কোনটো অঞ্চলক বুজোৱা হৈছে?

উত্তৰঃ ‘ভাৰতবৰ্ষৰ পূৰ্ব দিশত সূৰ্য উঠা দেশ’ বুলি অসমক বুজোৱা হৈছে।

(খ) ‘লৌহিত্য’ মানে কি?

উত্তৰঃ ‘লৌহিত্য’ মানে লোহিত।

(গ) ‘ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে’, ইয়াৰ দ্বাৰা কবিয়ে কিহৰ কথা বুজাবলৈ বিচাৰে?

উত্তৰঃ  ‘ব’হাগতে আমাৰে আই মহুৰা হৈ ঘূৰে’, ইয়াৰ দ্বাৰা কবিয়ে বহাগ বিহুৰ সময়ৰ তাঁত বোৱা শীপিনিসকলৰ কথা বুজাবলৈ বিচাৰে।

(ঘ) ‘মাঘত সোণৰ হাতেৰে লখিমী আদৰে’, এই গীতফাঁকিয়ে কি বুজাইছে লিখা।

উত্তৰঃ ‘মাঘত সোণৰ হাতেৰে লখিমী আদৰে’, এই গীতফাঁকিয়ে মাঘৰ বিহুৰ সময়ৰ পথাৰত গজি থকা সোণোৱালী ধানৰ কথা বুজাইছে।

৪। বাক্য ৰচনা কৰা ঃ

বিনন্দীয়া – অসমৰ প্ৰাকৃতিক পৰিৱেশ অতি বিনন্দীয়া। 

প্ৰণিপাত – আমি সদায় উঠি সূৰ্য দেৱতাক প্ৰণিপাত কৰিব লাগে।

সমাৱেশ – আমাৰ জিলাৰ ওচৰত অনুষ্ঠিত হোৱা অধিৱেশনত বহুতো মানুহৰ সমাৱেশ ঘটিছিল। 

মিলন – শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মনিকাঞ্চন সংযোগ বোলা হয়। 

মধুৰ – কুলিৰ মাতটো বৰ মধুৰ। 

আদৰ – আমি অসমীয়া শীপিনিয়ে বোৱা গামোছাক আদৰ কৰিব লাগে। 

অলেখ – সাগৰত অলেখ মাছ পোৱা যায়। 

ৰসাল – ড॰  ভূপেন হাজৰীকাই কৈছে অসম দেশৰ মাটি বৰ ৰসাল

Mampi Kakati

Spelling Check by- Rajashri Bora

********

Post ID : DABP006340

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop